অনলাইন বাৰ্ত্তাসেৱা – বিশিষ্ট অৰ্থনীতিবিদ পিনাকী চক্ৰৱৰ্তীয়ে উল্লেখ কৰে যে আৰ.বি.আই.-য়ে বিত্তীয় ঘাটিৰ বাবে ধন মুদ্ৰণ কৰা উচিত নহয়। কিয়নো ইয়াৰ ফলত বিত্তীয় অপব্যয় দেখা যাব। “ৰাষ্ট্ৰীয় ৰাজহুৱা বিত্ত আৰু নীতি প্ৰতিষ্ঠান”ৰ সঞ্চালক চক্ৰৱৰ্তীয়ে লগতে উল্লেখ কৰে যে যদিহে পিছলৈ কোভিড-১৯ৰ বৃহৎ তৃতীয় লহৰৰ সৃষ্টি নহয় তেন্তে দ্ৰুত অৰ্থনৈতিক পুনৰুদ্ধাৰ দেখা যাব। তেওঁ আৰু কয় যে অত্যাধিক মুদ্ৰাস্ফীতি নিশ্চিতভাৱে এটা চিন্তাৰ বিষয়।
(UD.)