মাঘ বিহুৰ বিষয়ে একলম – মুন শৰ্মা

Pc Wikipedia
মাঘ বিহুৰ বিষয়ে একলম
                              
মুন শৰ্মা
লক্ষীমপুৰ
মাঘ বিহু অৰ্থাৎ ভোগালী বিহু, অসমীয়া জাতীয় জীৱনৰ সকলোতকৈ ডাঙৰ উৎসৱ তিনি বিহুৰ অন্যতম।অসমীয়া কেলেণ্ডাৰৰ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই বিহুক ভোগৰ উৎসৱ ৰূপে জনাজাত।আহোম আৰু চুতীয়াসকলৰ ৰাজত্ব কালৰ পৰা অসমীয়া  সমাজত বহুল ভাৱে প্ৰসাৰ লাভ কৰা বুলি ইতিহাসে কোৱা এই  বিহুটি, ব’হাগ বিহুৰ দৰেই আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহ দিনত ৰংঘৰৰ বাকৰিত ৰাজ পৃষ্ঠপোষকতাত  অনুষ্ঠিত হৈছিল বুলি ইতিহাসে কয়।
আদিম যুগৰ পৰা প্ৰচলন হৈ অহা আৰু আদিতে বড়ো মূলীয় লোকৰ প্ৰধান উৎসৱ অৰ্থাৎ বৰ্তমানৰ মাঘ বিহুৰ দুটা প্ৰধান অংশ মেজি আৰু উৰুকা শব্দ দুটা আহিছে চুতীয়া ভাষাৰ মিড-য়ে- জি (মেজি)আৰু  উৰুকুবা(উৰুকা) পৰা।এই অংশ দুটা অংশৰ এটা উৰুকাৰ দিনাৰ পৰম্পৰা অনুসৰি গাঁৱৰ ডেকা সকলে পথাৰৰ নৰাৰে পথাৰত ভেলাঘৰ নামৰ এটা ঘৰ সাজি সমূহীয়া ভাবে ইয়াতে উৰুকাৰ নিশা ভোজ ভাত খাই। উজনি অসমত হাৰলি ঘৰ বুলি কোৱা এই ঘৰটোৰ নিয়ম মতে দীঘ প্ৰস্থ সমান হ’ব লগে যদিও ঠাই বিশেষে ইয়াৰ আকাৰ ভিন্ন হোৱা দেখা যায়।এই উৰুকাৰ দিনাই পতা হয় এই বিহুৰ আন এটা অংশ মেজি। মেজি মানে সাধাৰণতে  কাঠ আৰু  বাঁহৰ দ্বাৰা  নিৰ্মাণ কৰা নিৰ্দিষ্ট কিছুমান  নিৰ্ধাৰিত নিয়মৰ দ্বাৰা পতা খৰিৰ জাপ। যিটো বিহুৰ দিনা ৰাতিপুৱাতে  জ্বলাই দিয়া হয়।উজনি অসমত তুলনামূলক ভাবে প্ৰচলন বেছি এই “মেজি” বিশ্বাস  মতে শৈৱ অৰ্থাৎ শিৱৰ প্ৰভাৱ থকা প্ৰতীক বুলি কোৱা হয়। ভেলা ঘৰৰ দৰেই ঠাই বিশেষে  আকাৰ আকৃতিত ভিন্নতা দেখা মেজিৰ লগত থকা দুটা বিশ্বাস মতে মহাভাৰতৰ বীৰ পুৰুষ ভীষ্মৰ অন্তিম সংস্কাৰ আৰু অগ্নি পূজা বুলিও মানি লোৱা হয়।
উল্লেখ্য যে ব’হাগ আৰু কাতি বিহুৰ দৰেই সুকীয়া পৰম্পৰা দ্বাৰা সুকীয়া পৰিচয় থকা বিহুৰ আন এটা নাম চুৰ বিহু বুলি কোৱা হয়।ইয়াৰ কাৰণ হ’ল উৰুকাৰ দিনা গাঁৱৰ ডেকা সকলে আশে পাশে থকা মানুহৰ ঘৰৰ জেউৰা-জপনা  আৰু বাৰীৰ বস্তু চুৰ কৰা  হৈছে ইয়াৰ এটা প্ৰধান পৰম্পৰা। ইয়াৰ ওপৰিও  আশে পাশে থকা নদী, বিল, পুখুৰী আদিত সমূহীয়া ভাবে মাছ ধৰাটো আন এটা পৰম্পৰা।শাওনতে আৰম্ভ হোৱা অসমীয়া কৃষিজীবি ৰাইজৰ ব্যস্ততা আঘোণত অন্ত পৰাৰ পাছত  অনুষ্ঠিত ৰং ধেমালিৰ অন্য নাম মাঘ বা ভোগালী বিহুৰ উপলক্ষে হোৱা অতীতৰ পৰা কিছুমান খেল ধেমালি এই বিহুৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বুলি ক’ব পৰা যায়।চৰাই যুঁজ, ম’হৰ যুঁজ, নাও খেল, কণী যুঁজ, কড়ি খেল প্ৰধান।অন্যতম জনপ্ৰিয় চৰাই যুঁজ বুলি কলে,  কুকুৰা চৰাই যুঁজ, বুলবুলি চৰাই যুঁজ আৰু শেন চৰাই যুঁজ  হয়।দুটা চৰাই মাজত যুদ্ধ লগাই আনন্দৰ উপভোগ কৰা মূল লক্ষ্য হোৱা এই খেলৰ কথা কলেই মনলৈ আহে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত ঐতিহাসিক চৰাই যুঁজৰ কথা যি মাঘ বিহুৰ উপলক্ষে অনুষ্ঠিত হৈ আহিছে।
ইয়াৰে আৰু এটা অন্যতম খেল ম’হৰ যুঁজ। আহোমৰ দিনত ৰূপহী পথাৰত আৰম্ভ হৈ  আজিৰ  দিনটো অসমৰ বিভিন্ন ঠাইত চলি থকা দেখা যায়।ক’ব লগা যে বৰ্তমান সময়ত জীৱ জন্তু সুৰক্ষা বাবে কাম কৰি থকা কেইবাটাও সংগঠনে ইয়াৰ বিৰোধ কৰা কৰা বাবে এই খেল দুটাৰ প্ৰচলন লাহে লাহে কমি অহা দেখা গৈছে।অন্যহাতে এই বিহুৰ বাবেই অতীতৰ বাবে  বহুতো মেলা অনুষ্ঠিত হৈ আহিছে তাৰে কিছকালৰ সোঁতত বিলুপ্ত হৈ গ’ল বিভিন্ন কাৰণত, তথাপি কিছু মেলা আজিও চলি থকা দেখা যায় । তাৰে ভিতৰত এখন হ’ল জোনবিল মেলা।বিহুৰ এক সপ্তাহৰ পাছত মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত জোনবিল নামৰ বিল এখনৰ পাৰত অনুষ্ঠিত এই মেলা l পাহাৰ আৰু ভৈয়ামৰ মাজৰ সম্প্ৰীতি  প্ৰতিফলিত হোৱা এই মেলাৰ মূল বৈশিষ্ট হল বিনিময় প্ৰথাৰে বস্তুৰ আদান প্ৰদান আৰু  বিলত সমূহীয়া মাছ মৰা কাৰ্য।