উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ জয়যাত্রা উন্নয়নৰ স্বাৰ্থত বিজেপিক আদৰি লৈছে

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ জয়যাত্রা উন্নয়নৰ স্বাৰ্থত বিজেপিক আদৰি লৈছে

ৰঙিলী বাৰ্ত্তাসেৱা-  সদ্যঘোষিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টিৰ সফলতাক লৈ ৰাজ্যিক বিজেপিয়ে সন্তোষ্টি প্রকাশ কৰাৰ লগতে জয় লাভ কৰা প্ৰতিজন প্রার্থীক আন্তৰিক অভিনন্দন জনাইছে। আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই কয়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ জনসাধাৰণ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ জনসাধাৰণৰ সর্বাংগীন বিকাশ সম্ভৱ হৈছে। ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন ডাবল ইঞ্জিন চৰকাৰৰ শাসনত জাতি, ধর্ম, বর্ণ, নির্বিশেষে দেশৰ প্রতিটো প্ৰান্তৰ জনসাধাৰণে উন্নয়নৰ মুখ দেখিছে। সেয়ে সকলো অঞ্চলৰ ৰাইজে এতিয়া বিজেপিক আদৰি লৈছে। বিগত সময়ছোৱাত বিজেপি চৰকাৰে ডিমা-হাচাও জিলাখনত উন্নয়নৰ এক নৱধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰো পুনৰাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ডিমা- হাচাওবাসীয়ে বিজেপিৰ পক্ষত বিপুল হাৰত ভোট প্রদান কৰি দলটোক জয়যুক্ত কৰালে। বিজেপিৰ প্ৰতি আকুন্ঠ সমর্থন আগবঢ়োৱাৰ বাবে শ্রী কলিতাই ডিমা-হাচাওবাসীক ধন্যবাদ জনায়। তেওঁ লগতে কয় দলৰ এই অভূতপূৰ্বৰ সফলতাৰ আঁৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, অসম চৰকাৰৰ কেইবাজনো মন্ত্রী, বিধায়ক, সাংসদ আৰু দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ অক্লান্ত পৰিশ্ৰম আৰু তৃণমূলৰ কাৰ্যকৰ্তা সকলৰ সহযোগ নিহিত হৈ আছে। সকলোলৈ আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে লগতে তৃণমূল পর্যায়ৰ কাৰ্যকর্তা সকলৈয়ো ধন্যবাদ জনালোঁ।