শক্তিৰ উপাসনা – ববিতা বৰঠাকুৰ

শক্তিৰ উপাসনা

ববিতা বৰঠাকুৰ
কুৰালগুড়ি

(প্ৰতিগৰাকী দিব্যাংগ শিশুৰ বাবে এটি সৰল প্ৰাৰ্থনা)

আমি কথাই প্ৰতি কওঁ,প্ৰতিটো সন্তান ঈশ্বৰৰ সন্তান, সুজাতাৰ এটি দিব্যাংগ কন্যা সন্তান আছে, বয়স পাঁচ বছৰ । সুজাতাৰ দুখ-বেদনাৰ কথা আমাৰ লগত মাজে সময়ে পাতে, শাহু-শহুৰ বংশ পৰিয়ালৰ লোকে কণমানি জনীৰ জন্মৰে পৰা তাইক নীচ দৃষ্টিৰে চাই,কেতিয়াবা হেনো মানুহজনেও কণমানিলৈ বিৰক্তিৰ চকুৰে চাই,কণমানি জনীৰ ভৱিষ্যতকলৈ চিন্তিত সুজাতা,তাইৰ কথা ভাবি ভাবি নিজৰ যত্ন ল’বলৈ পাহৰি গৈছে সুজাতাই, তাইৰ দৰে বহু মাতৃয়ে এচেৰেঙা ৰ’দৰ অপেক্ষাত দিনে নিশাই প্ৰাৰ্থনা কৰিছে । এনে পিতৃ-মাতৃ অভিভাৱকে পোহৰৰ খিৰিকী খন খুলি এবাৰ চালেই দেখিব হাজাৰ হাজাৰ ফুল আৰু ফুলৰ সুগন্ধিয়ে পৃথিৱী খন সুন্দৰ কৰি তুলিছে।।

এগৰাকী ১৬ বছৰীয়া যুৱতী, নাম শীতল দেৱী। এগৰাকী ভাৰতীয় পেৰা-আৰ্চ্চাৰ । ২০২২ চনৰ এছিয়ান পেৰা গেমছৰ মহিলাৰ কম্পাউণ্ড ধনুৰ প্ৰতিযোগিতাত আংশগ্ৰহণ কৰি ৰূপৰ পদক,মহিলাৰ ডাবলছত ৰূপৰ পদক লাভ কৰাৰ পিছত মিক্সড আৰু মহিলাৰ ব্যক্তিগত শাখাত দুটা স্বৰ্ণপদক লাভ কৰে । পেৰা এছিয়ান গেমছৰ ফাইনেলত মহিলাৰ কম্পাউণ্ড প্ৰতিযোগিতাত তেওঁ সোণৰ পদক লাভ কৰে । এই গৰাকী সফল কিশোৰীৰ দুয়ো খন বাহু নথাকিলেও বুকুৰ সহায়ত দাঁত আৰু ভৰিৰে ধনু-কাঁড় নিক্ষেপ কৰি বিশ্ববাসীক বিশেষ সক্ষমতাৰ প্ৰমাণ দিয়ে ।

পুৰী (উৰিষ্যা)ৰ বাসিন্দা ২৯ বছৰীয়া, সূচিত্ৰ পৰিদা ২০১৬ চনৰ এপ্ৰিল মাহত আম ছিঙি থকা অৱস্থাত জখলাৰ পৰা পৰে । এই দুর্ঘটনাত তেওঁৰ মেৰুদণ্ড ভাঙি পক্ষাঘাতগস্ত হৈ পৰে । এই গৰাকী সাহসী আত্মবিশ্বাসী যুৱতীয়ে ২০১৬ চনত অনুষ্ঠিত হায়দৰাবাদত আয়োজিত ৰাষ্ট্ৰীয় হুইলচেয়াৰ বাস্কেটবল চেম্পিয়নশ্বিপত সৰ্বশ্ৰেষ্ঠ মহিলা খেলুৱৈৰ বঁটা লাভ কৰে। থাইলেণ্ডত ২০১৮ আৰু ২০১৯ চনত অনুষ্ঠিত এছিয়া অ’চেনিয়া চেম্পিয়নশ্বিপ ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২২ চনত ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ জেভেলিন থ্র’ত ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ বাহিৰেও কেপ্তেইন হিচাপে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত বিশ্ব চেম্পিয়নশ্বিপ হেণ্ডবল প্ৰতিযোগিতাতো আংশগ্ৰহণ কৰে ।

দিব্যাংগ মানে হ’ল দিব্য শক্তি লাভ, এই সকলৰ ওচৰত এনে অংগ আছে বা এটাকৈ অধিক অংগ আছে,য’ত দিব্যাতা আছে । দিব্য শক্তি সঞ্চাৰ কৰি তেওঁলোকে নিজেই নিজৰ পোহৰমুখী যাত্ৰা আৰম্ভ কৰে ।

আমি সকলোৱে জানোঁ, প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ মহাপণ্ডিত দিব্যজ্ঞানী ‘অষ্ট্ৰাবক্র গীতা’ আৰু ‘অষ্ট্ৰা বক্র সংহিতা ‘ ৰচক অষ্ট্ৰাৱক্ৰৰ কাহিনী।তেওঁ জন্মলগ্নতে শৰীৰৰ আঠ ঠাইত বেঁকাহৈ জন্ম লাভ কৰাৰ পাছতো দৈহিক প্ৰত্যাহ্বানক একাষৰীয়া কৰি হিন্দুধর্মৰ এজন শ্ৰেষ্ঠ বৈদিক পণ্ডিতৰূপে পৰিচিত হয় । সেইদৰে ভাৰতৰ মধ্যযুগীয় ভক্তিবাদী কবি সাহিত্যিক সকলৰ মাজত অন্যতম চিনাকি নাম সুৰদাস । তেওঁ অন্ধহৈও ৰাধা-কৃষ্ণৰ ৰং,ৰূপ,শৃংগাৰ আৰু সৌন্দৰ্যৰ জীৱন্ত চিত্ৰায়ণ কৰিছে সেয়া দৃষ্টি থকা জনৰ বাবেও অসম্ভৱ । জগদগুৰু ৰামভদ্ৰাচাৰ্য শাৰীৰিক চকু নাই,কিন্তু তেওঁ প্ৰজ্ঞা দৃষ্টিৰে বেদ-বেদাংগ মুখস্থ । তেওঁ শ শ কিতাপ লিখিছে যিবোৰ বহু বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ বাবে গৱেষণাৰ সম্বল । ২০১৫ চনত স্বামীজীক ভাৰত চৰকাৰে পদ্ম বিভূষণেৰে সন্মানিত কৰে । এইজন জগদগুৰুৰ জ্ঞান গৰিমা সমগ্ৰ ৰাষ্ট্ৰৰ ঐতিহ্য ।

মটৰ নিউৰন ৰোগৰ দৰে মাৰাত্মক ব্যাধিৰ সৈতে সহবাস কৰি বিশ্বৰ অন্যতম সৰ্বশ্ৰেষ্ঠ তাত্বিক পদাৰ্থবিদ,ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু অন্যন লেখক ষ্টিফেন হকিং বহুজনৰ বাবে প্ৰেৰণাৰ উৎস । দুই খন ভৰি নথকাৰ সত্ত্বেও পাকিস্তানৰ লৌহ মানৱী মুনিবা মাজাৰি এগৰাকী মানৱ অধিকাৰ কৰ্মী,চিত্ৰশিল্পী,গায়িকা,প্ৰেৰণামূলক বক্তাৰ লগতে ৰাষ্ট্ৰসংঘৰ নাৰীৰ শুভেচ্ছাদূত । এনেধৰণৰ হাজাৰ হাজাৰ সফল সুন্দৰ কাহিনী প্ৰত্যক্ষ কৰাৰ পিছতো আমি আমাৰ সন্তানক লৈ হতাশ হওঁ, আমাৰ কণমানটিৰ প্ৰতি সু -চিকিৎসা সচেতনতা আৰু সংবেদনশীলতাই তেওঁলোকৰ সফল যাত্ৰাত আমিবোৰ সহযাত্ৰী হ’ব পাৰোঁ । গুৰুত্বপূৰ্ণ কথা হ’ল শিশুৱে যদি সৰু অৱস্থাত যিকোনো কাৰণত আঘাতপ্ৰাপ্ত হয়,শিশুটোৰ আঘাতৰ চিন স্পষ্ট নহ’লেও অথবা শিশুৱে মূৰ বা কোনো গুৰুতৰ ঠাইত দুখ পাই ফুলি গ’লে (শিশুৱে নকান্দিলেও) অতি সোনকালে চিকিৎসকৰ ওচৰলৈ নিয়া উচিত । বিষয়কৈ সন্তান এটিৰ সুস্বাস্থ্য গৰ্ভ অৱস্থাত মাতৃৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰশীল। জন্মৰ পিছৰ পৰা বাধ্যতামূলক টীকাকৰণ বা ঔষধ সেৱনৰ ক্ষেত্ৰত সদাসচেতনতাৰ প্ৰয়োজন । প্ৰতিজন পিতৃ-মাতৃ,অভিভাৱকে শিশুক গুণগত সময় দিব লাগে, তেওঁলোকৰ সমস্যা সমূহ মন দি শুনি সমাধানৰ সূত্ৰ সন্ধান কৰাটো জৰুৰী, তেওঁলোকৰ মাজত সুপ্ত হৈ থকা উৎকৃষ্ট গুণ সমূহ চিনাক্তকৰণ কৰি আগবঢ়াই নিয়া আমাৰ নৈতিক দায়িত্ব । দিব্যাংগ সকলৰ বাবে কল্যাণ কেৱল ভাৰতৰ লক্ষ্য নহয় সমবেশী বিকাশ, সকলোৰে বিকাশ আৰু আত্মবিশ্বাস আমাৰদেশে আজি দায়িত্ব বুলি গ্ৰহণ কৰে। শক্তিশালী ভাৰত গঢ়াত দিব্যাংগ মানৱ সম্পদক এক শক্তিশালী উৎস হিচাপে গঢ়ি তোলাত চৰকাৰী অনুষ্ঠান, বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে প্ৰচাৰ মাধ্যম সমূহে ভিন্ন সময়ত প্ৰতিভা সন্ধানী প্ৰেৰণামূলক অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ সাহস,দক্ষতা প্ৰদৰ্শন কৰাৰ লগতে সবল প্ৰতিভা সন্ধান কৰি আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাত আগ্ৰহী হৈছে ।

মন কৰিলে দেখা যায় আমি যেন কিছুমান সংকীণ মনোবৃত্তিৰ পৰা মুক্ত হ’ব পৰা নাই , এনে সন্তানক পৰজন্মৰ পাপৰ ফল বা বোজা, অপকৰ্মৰ পৰিণতি ইত্যাদি বুলি গণ্য কৰি সন্তানটিৰ খোৱা-বোৱা যতন লোৱাতে ব্যস্ত থাকি গোটেই জীৱন শূন্যৰ মাজতে সীমাবদ্ধ কৰি ৰাখোঁ । বহু পৰিয়ালত এনে সন্তান জন্ম দিয়াৰ বাবে কেৱল মাতৃ গৰাকীক জগৰীয়া কৰি সন্তান আৰু মাতৃক নাৰকীয় জীৱন কটাবলৈ বাধ্য কৰে ।এনে কৰিলে সন্তানটিৰ ভৱিষ্যতৰ লগতে পৰিয়াল তথা সমাজৰ বহু ক্ষতি হয় ।এতিয়াও বহু ঠাইত বেজ,তাবিজ-মাদলি,জৰা -ফুঁকা বিশ্বাস কৰি নিজৰ লগতে শিশুটিৰ ভৱিষ্যত অন্ধকাৰলৈ নমাই নিয়ে । প্ৰচুৰ প্ৰাচুৰ্য আৰু সম্ভৱনাক পোহৰলৈ অনাৰ দায়িত্ব আমাৰ সকলোৰে । মাতৃৰ গৰ্ভধাৰণ কৰাৰ প্ৰাক্ কালৰ পৰা বংশশৈলী ৰোগৰ উন্নত চিকিৎসাৰ ব্যৱস্থা আছে । সন্তান এটি জন্মৰ লগে লগেই পিতৃ -মাতৃ আৰু অভিভাৱক সকলে শিশুটিৰ সুস্থতাৰ সম্পৰ্কীয় তথ্য সমূহ বিশেষজ্ঞ সকলৰ লগত আলোচনা কৰা উচিত । বহু সময়ত অভিভাৱক সকলৰ অজ্ঞতা চিকিৎসকৰ ব্যস্ততাৰ বাবে সন্তানটিৰ ভবিষ্যত সম্পৰ্কীয় সমস্যাৰ বিষয়ে মুকলিকৈ আলোচনা কৰা নহয় । শিশুটিৰ স্বভাৱিক বিকাশকালত অভিভাৱক সকল অধিক সচেতন হোৱা উচিত, যাতে উচিত সময়ত কিবা সমস্যা থাকিলে সমাধান কৰিব পৰা যায় । আধুনিক চিকিৎসা বিজ্ঞানে প্ৰযুক্তি আৰু কাৰিকৰী কৌশলৰ সহায়ত অসম্ভৱক সম্ভৱ কৰি তুলিছে । বৰ্তমান দিব্যাংগ সকলৰ বাবে শিক্ষা,ক্ৰিয়া, সাহিত্য,নাট্যচর্চা,সংগীত কলাৰ বাবে বিভিন্ন সুবিধা আছে।” আমাৰ ই বা এই কি কৰিব পাৰিব বুলি….”অৱহেলা নকৰি পোহৰৰ খিৰিকী খন অকণমান খুলি দিয়ক, আপোনাৰ বা মোৰ অকণমান মৰম,আদৰ,সহযোগ,সহানুভূতি, চিন্তা- চেতনা,ত্যাগ আৰু পৰিচৰ্য্যা বাবে এটি শিশু দিব্যজ্যোতিৰে আলোকিত হৈ পৰিব । চৰকাৰে দিব্যাংগ সকলৰ বাবে এক দেশ-এক সাংকেতিক ভাষা আৰম্ভ কৰিছে,যাতে দেশত যিকোনো ঠাইলৈ গ’লে ভাষাটোৱে তেওঁলোকৰ যোগাযোগত বাধা সৃষ্টি নকৰে। প্ৰেৰণামূলক বাৰ্তা সমূহ নিজৰ লগতে সংপৃক্ত কৰি আমি আগবাঢ়িব লাগিব । আমি জানো যে, ২০২১ চনত পদ্মশ্ৰী বঁটা লাভ কৰা কে ৱাই ভেংকটেশ উচ্চতা মাত্ৰ চাৰিফুট দুই ইঞ্চি,২০০৫ চনৰ বিশ্বৰ ডোৱাৰ্ফ গেমছৰত তেওঁ সৰ্বাধিক পদক লাভ কৰিছিল। ২০০৯ চনত ৫ম ডোৱাৰ্ফ অলিম্পিক গেমছত তেওঁ ভাৰতৰ নেতৃত্ব লয়,য’ত ভাৰতে ১৭ টা পদক লাভ কৰে । তেওঁৰ কম উচ্চতাক শক্তিলৈ ৰূপান্তৰ কৰি ভিন্ন ক্ৰিয়া প্ৰতিযোগিতাত বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে। ভাৰতেই নহয় অসমৰ চুকে- কোনে অলেখ সফলতাৰ কাহিনী আছে । আমাৰ মৰমৰ শৰ্মিষ্ঠা প্ৰীতম বৰ্তমান প্ৰজন্মৰ বাবে প্ৰেৰণা,সাহস আৰু আত্মবিশ্বাসৰ দক্ষ কলম। ‘বিজয়িনী’ — জুলি বৰুৱাৰ তেজোদীপ্ত আত্ম কাহিনীয়ে প্ৰত্যাহ্বানক অতিক্ৰম কৰি পোহৰ প্ৰয়াসী হ’বলৈ শিকাইছে । আমাৰ দৈনন্দিন জীৱনত এনে বহুজন দিব্যাংগক লগ পাওঁ যিজনে শক্তিৰ উপাসনাৰ জ্যোতিৰে অসম্ভৱক সম্ভৱ ,অসুবিধাক সুবিধা কৰি আৰোহণ মুখী যাত্ৰাৰে সমাজ তথা দেশত নিজকে ঐশ্বৰ্যশালী কৰি গঢ়ি তুলিছে ।