লেক অফ নৌ ৰিটাৰ্ন – নাজবিন চুলতানা

Pc- Travel Triangle

লেক অফ নৌ ৰিটাৰ্ন

নাজবিন চুলতানা
বকতা

         বিশ্বৰ বহুতো ৰহস্যময় ঠাইৰ ভিতৰত অন্যতম এডোখৰ ৰহস্যময় ঠাই আছে যাৰ নাম হৈছে “লেক অফ নৌ ৰিটাৰ্ন” । অৰুণাচল প্ৰদেশৰ দক্ষিণৰ পাংছাও-পাছ ৩৭২৭ ৰ ক্ষেত্ৰত স্থিত এই “লেক অফ নৌ ৰিটাৰ্ন” ঠাইডোখলৈ যি যায় আজিৰলৈকে কোনো উভতি আহিব পৰা নাই । ভাৰত আৰু ম্যানমাৰ সীমাৰ ওচৰত অৱস্থিত এই “লেক অফ নৌ ৰিটাৰ্ন” এটা ৰহস্যময় হ্ৰদ , যাক ভাৰতৰ স্থানীয় বাৰ্মুদা ট্ৰায়েংগল বুলি কোৱা হয় । এই হ্ৰদৰ আন এটা নাম হৈছে “নাউং য়াং” ।
এই হ্ৰদ ১.৪ কিলোমিটাৰ দীঘল আৰু প্ৰস্থ ০.৮ কিলোমিটাৰ । দক্ষিণ পশ্চিমৰ ২.৫ কিলোমিটাৰ দূৰত অৱস্থিত যাক প্ৰথমঅৱস্থাত কোৱা হৈছিল “হিলৱেল ৰোড” । ১৯৪২ চনত পশ্চিমী মিত্ৰ ৰাষ্ট্ৰই চিয়াং কাই চৌকৰ চিনি সেনাৰ গোচৰ দিবৰ বাবে এই পথ নিৰ্মাণ কৰিছিল । ইয়াত পূৰ্বতে তাংচ সম্প্ৰদায়ৰ ঘৰ আছিল । তেওঁলোকে ভাৰত আৰু ম্যানমাৰৰ মাজত সু সম্পৰ্ক গঢ়ি উঠাত এই হ্ৰদৰ ওচৰত ভাৰতীয় শ্বাংলাং জিলাত পৰিৱৰ্তনৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উদ্দেশ্যে ম্যানমাৰৰ সীমালৈ আহিছিল ।
কোৱা হয় যে প্ৰকৃতিগত দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত পশু-পক্ষীয়ে আগতীয়াকৈ উমান পাই  । এই ৰহস্যময় হ্ৰদৰ ঠাইডোখৰত কোনো পশু-পক্ষী নাথাকে । “লেক অফ নৌ ৰিটাৰ্ন” হ্ৰদৰ ৰহস্যৰ ক্ষেত্ৰত স্থানীয়লোকৰ এটা থলুৱা বিশ্বাসভিত্তিক কাহিনী আছে যে – বহু বছৰৰ আগতে হ্ৰদৰ ওচৰত এখন গাঁও আছিল । গাঁৱৰ মানুহবোৰে এই হ্ৰদত প্ৰায় মাছ ধৰে । তেনেতে এজন মানুহে বহুতো মাছৰ সৈতে এজনী প্ৰকাণ্ড মাছ পালে আৰু গোটেই গাঁৱৰ মানুহবোৰৰ সৈতে ভোজ খালে । কিন্তু সেই গাঁৱত এগৰাকী বুঢ়ী আইতাই নাতিনীয়েকৰ সৈতে বাস কৰিছিল । এই ভোজত তেওঁলোক উপস্থিত নাছিল আৰু এই গাঁও এৰি গুচি গ’ল । কিছুলোকে কোৱা মতে সেই মাছজনী কোনো সাধাৰণ মাছ নাছিল , এজনী জলপৰী আছিল । সেয়ে মাছমৰীয়াজনৰ লগতে গোটেই গাঁৱৰ মানুহে পাপৰ সমভাগী হোৱাত , গোটেই গাঁওখনেই হ্ৰদলৈ ৰূপান্তৰিত হৈ পূৰ্ণ গাওঁবাসীয়ে শাস্তি ভুগিলে । যাৰ বাবে হ্ৰদলৈ যোৱা প্ৰতিজন লোক বন্দীত্বৰে ৰৈ যায় । এই হ্ৰদলৈ যাবলৈ আৰু হ্ৰদৰ পানী চুবলৈও মানুহে ভয় কৰে ।
“লেক অফ নৌ ৰিটাৰ্ন”ৰ ৰহস্য থকা ঘটনাটো দ্বিতীয় বিশ্ব যুদ্ধৰ সময়তে দৃষ্টিগোচৰ হৈছিল । কিয়নো বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ বিমানৰ পাইলেটে এই ঠাইত ইমাৰ্জেন্সি লেণ্ডিং কৰাইছিল । যাৰ ভিতৰত বহুতো সৈনিক আছিল । কিন্তু তাৰপাছতেই এই বিমানখন ৰহস্যভাৱে লুপ্ত হৈ গ’ল । আমৈৰিকানসকলে এই বিমানৰ সন্ধানত এটা টিম পঠিয়াইছিল , সেই টিম ও নাইকিয়া হৈ ৰ’ল । ডাঙৰ হ্ৰদ আৰু পাহাৰ সৈতে এখন প্ৰকাণ্ড জংঘলেৰে বছৰৰ পৰা এই ঠাই ৰহস্যভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ২০১৯ চনৰ ৩ জুনত এ.এন.-৩২ বিমান মেচুকা জংঘলত সন্ধানহীন হ’ল । এই বিমানৰ সন্ধানৰ বাবে অন্তৰীক্ষ চেটেলাইটৰো ব্যৱস্থা কৰিছিল , যি মাটিৰ তলৰ অংশকো নিৰীক্ষণ কৰিব পাৰি । এই চেটেলাইটৰ সহায়তো এয়াৰফ’ৰ্চৰ বিমানৰ সন্ধান উলিয়াব নোৱাৰিলে । এই ৰহস্যৰ আৰম্ভণি অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ বিৰুদ্ধে মিত্ৰ দেশৰ সেনাই যুদ্ধ কৰা সময়খিনিত এই এলেকাক “নৰ্থ ইষ্ট ৱেলটিয়াৰ পেষ্ট এজেন্সি” হিচাপে জনা গৈছিল । ম্যানমাৰ জাপানী সৈনিক সকলক বাধা দিবৰ বাবে মিত্ৰ দেশৰ সেনাই এই ৰাস্তা ব্যৱহাৰ কৰিছিল । কিন্তু হঠাতে আমেৰিকাই এই কথাৰ খবৰ পালে যে ১৯৪৩ চনৰ পৰা ১৯৪৪ চনৰ মাজত তেওঁলোকৰ চৰকাৰৰ মতে ৪১৬ এয়াৰমেন আৰু নাৱিক এই এলেকাত দুৰ্ঘটনাৰ স্বীকাৰ হ’ল । দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত জাপানী সৈনিকসকল যেতিয়া নিজৰ দেশলৈ উভতিছিল , তেতিয়া সৈনিকসকলে ৰাস্তা হেৰুওৱাই এই ঠাইতে ৰৈছিল কিন্তু এই পথতে সৈনিকসকল এজন এজনকৈ সোমাই পৰিছিল আৰু সন্ধানহীন হৈ ৰ’ল । তদুপৰি আন আন তথ্যত পোৱা গৈছে যে জাপানী সেনাই অসমৰ ৰাজত্বৰ পৰিকল্পনাৰে যুদ্ধৰ বাবে আহিছিল । সেইসময়ত অসম ইংৰাজৰ কবলত আছিল । ইংৰাজসকলে জাপানক হৰুৱাবলৈ হাজাৰ হাজাৰ সৈন্যৰে বিশাল সেনাবাহিনীৰে আগবাঢ়িছিল । গোটেই প্ৰান্তত ৰাজত্ব কৰিব পৰা প্ৰবল সেনাবাহিনীৰ প্ৰস্তুতেৰে জাপানৰ সকলো সৈন্য এই এলেকাৰে পাৰ হৈছিল আৰু এই ঠাইত সকলো সন্ধানহীন হ’ল । সেইদৰে জাপানৰ বিৰুদ্ধে যুদ্ধ কৰিব যোৱা ইংৰাজৰ সৈন্যও এই ঠাইতেই নাইকিয়া হ’ল । দুই ৰাজ্যৰ মাজত বিনা সংঘৰ্ষত সৈনিকৰ মৃত্যু হ’ল । এইক্ষেত্ৰত সন্ধান চলোৱাত স্থানীয় লোকৰ মন্তব্য যে এই পথেৰে সৈনিকসকল যোৱা দেখিছিল । তেনেক্ষেত্ৰত সন্ধানৰ বাবে হ্ৰদৰ ওচৰ পোৱাত কিছু অধিকাৰী ঠাইতেই মূৰ্ছা গৈছিল আৰু অসুস্থ হৈ পৰিছিল । এইদৰে তেওঁলোকৰ সৈনিকৰ অদৃশ্যতাটো সন্ধান সফল নহ’ল ।
“লেক অফ নৌ ৰিটাৰ্ন” ৰহস্য সম্পৰ্কে যিমানে জানিব খোজা হয় সিমানে ইয়াৰ ৰহস্য গভীৰ হয় । এই ঠাইৰ পাহাৰৰ শিখৰ ১৫০০০ ফুট ওখ । দুপৰীয়া সময়ৰ পাছত পাহাৰৰ ওপৰত প্ৰতিঘণ্টাত ১০০ এম.এইচ. গতিবেগত বতাহ বলে , যাৰ বাবে এই ঠাইৰ ওপৰেদি পাৰ হৈ যোৱা বহুতো বিমান দুৰ্ঘটনাৰ স্বীকাৰ হয় । এই হ্ৰদৰ পৰ্যবেক্ষণ কৰিবলৈ বহুতো পৰ্যবেক্ষক আহিছিল কিন্তু কোনো হ্ৰদৰ কাষ চাপিবলৈ সাহস নকৰিলে । যথাৰ্থতে , দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ পৰাই এই এলেকা আজিও ৰহস্যজনক ঠাই হিচাপে চৰ্চা হৈ ৰ’ল ।