ভোগবাদ – ইভা গন্ধীয়া ফুকন

PC - BBC Science

ভোগবাদ

 ইভা গন্ধীয়া ফুকন, ডিব্ৰুগড়

কাঁইটে বাকোহা কলিজাৰ হুৱা- দুৱা
হায় মানৱতা
ভোগবাদৰ পৃথিৱী আছুতীয়া খবৰ নে
কোনে জানো ফেঁকুৰি আছিল বজাৰ আলিৰ ফুটপাথত
কোনে ক’লে সি জাৰজ
তাক ক’বলৈ বুকু ভৰি আছে কথা
অতীত শুৱৰি বালিঘৰ সজাৰ মঙহা হেঁপাহ
ফুচুঙাত তুলি উত্তাপৰ সুৰ
প্ৰণীত হ’ব আখলৰ ব্যাকৰণ
খবৰ কাগজত জীৱনৰ জটিল চানেকি
তাঁতশালৰ খটখটনিবোৰ আউল লগা গাণিতিক ব্যাখ্যা
ফুলৰ কাঠিত লতিকা বাই লতাই বুটা বছাৰ নামকে নলয়
কাৰ কান্ধত তুলি দি পঠাওঁ ধনলৈ মৰমৰ সুবাস
নিৰন্ন ৰাজনীতি ৰোষত মোৰ ভালপোৱা
অচেতন ভোগবাদৰ অৰ্থনীতি
প্ৰযুক্তি বিদ্যাৰ উচ্চ শীষৰত
কোনোবা উপগ্ৰহলৈ উৰা মাৰে
নিয়ৰাংক পাহৰি সময়ে মৰহাই
সেউজ গৃহৰ সদ্যজাত ভাৱনাৰ সম্ভাৱনা
স্থানাংক জ্যামিতিৰ আখৰা নকৰা বাবেই
ভুলৰ বাটেৰে অপৰাধৰ খোজ
এখন মকৰা জাল চাই চাই ভাৱি আছোঁ মই
গণি আছোঁ জীৱন
নিৰূপণ কৰি আছোঁ কিছু সপোনৰ সাময়িক অৱস্থিতি ।।