নতুন পেন্সন নীতিয়ে চৰকাৰী কৰ্মচাৰী সকলৰ ভৱিষ্যৎ নিৰাপত্তা দিব নোৱাৰে – নাছিৰ আহমেদ

Pc-Deccan Herald
নতুন পেন্সন নীতিয়ে চৰকাৰী কৰ্মচাৰী সকলৰ ভৱিষ্যৎ নিৰাপত্তা দিব নোৱাৰে
নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা
আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পাছতেই কংগ্ৰেছ শাসিত কেন্দ্ৰীয় চৰকাৰৰ তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ কাৰ্যকালত ১৯৫০চনত কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰী কৰ্মচাৰী সকলক অৱসৰৰ পাছত বৃদ্ধাৱস্থাত  আৰ্থিক নিৰাপত্তা দান কৰিবলৈ বা জীৱিকা নিৰ্বাহ কৰাৰ বাবে সকাহ দিবলৈ পুৰণি পেন্সন নীতি( Old Pension scheme) নিৰ্ধাৰণ কৰিছিল। সেই পেন্সন নীতি অনুযায়ী এজন চৰকাৰী কৰ্মচাৰীয়ে সুদীৰ্ঘ ৩৩ বছৰ কাৰ্যকাল বা ৬০ বছৰ বয়সলৈকে চাকৰি কৰাৰ শতকৰা ৫০ ভাগ ধনৰাশি দৈনিক ভাট্টা (DA)আৰু চিকিৎসা বানচ ( MA) যোগ দি এজন কৰ্মচাৰীক মাহিলী পেন্সন প্ৰদান কৰা হয়।  এনেকি কোনো কৰ্মচাৰীয়ে দহ বছৰ চাকৰি কৰাৰ পাছত যদি মৃত্যুমুখত পৰে, তেনেহলে তেওঁৰ পৰিয়ালে পেন্সনৰ সা-সুবিধা লাভ কৰে। যদি কোনো কৰ্মচাৰীয়ে ২০ বছৰ চাকৰি কৰাৰ পাছত বা ৫০ বছৰ বয়সত ইচ্ছা কৰিলে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিলেও তেওঁ স্বেচ্ছামূলক অৱসৰকালীন(Volunteer Retirement) পেন্সন লাভ কৰিব পাৰিব। ১/৪/ ২০০৯  চনৰ পেন্সন নীতি অনুযায়ী কৰ্মচাৰীজনে সকলো ধৰণৰ পাৰিতোষিকৰ সৰ্বোচ্চ সীমা  ৭লাখ পাৰিতোষিক (Gratuity) আৰু১/৪/ ১৯১৬ চনৰ‌ এপ্ৰিল মাহৰ পেন্সন নীতি মতে ৭ লাখ টকা বৃদ্ধি কৰি  সকলো ধৰণৰ পাৰিতোষিকৰ (Gratuity )সৰ্বোচ্চ সীমা ১৫ লাখ  কৰা হয়।
পুৰণি পেন্সন নীতি অনুযায়ী কৰ্মচাৰীজনে গোটেই জীৱন ধৰি অৱসৰকালীন সা-সুবিধা লাভ কৰাৰ উপৰিও তেওঁৰ মৃত্যুৰ পাছত স্বতঃস্ফূৰ্ত ভাৱে পৰিয়ালৰ মূল মানুহ জনে পৰিয়াল পেন্সন লাভ কৰে । যদি পৰিয়ালত মূল মানুহ জন নেথাকে, তেতিয়া উত্তৰাধিকাৰী হিচাপে প্ৰমাণ পত্ৰ দিয়া পৰিয়ালৰ ব্যক্তিজনে ওপৰঞ্চি পৰিয়াল পেন্সন লাভ কৰিব পাৰে। তদুপৰি২০/৮ ১৯১৫ চনৰ এটি সংশোধনৰ জৰিয়তে কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰশীল মা, দেউতা আৰু ভনীয়ে( বিয়া নোহোৱালৈকে)  পৰিয়াল পেন্সনৰ অন্তৰ্ভূক্ত হ’ব। কিবা কাৰণত এজন কৰ্মচাৰী নিৰুদ্দেশ হলে  পুলিচে নিৰুদ্দেশ হোৱা কৰ্মচাৰীৰ বিষয়ে পৰিয়ালক ৰিপোৰ্ট কৰাৰ এবছৰ পিছত পৰিয়ালৰ লোকৰ মূল মানুজনক  পৰিয়াল পেন্সন লাভ কৰাৰ বাবে সকলো সুবিধা দিয়ে। তাৰ উপৰিও এই পেন্সন নীতি অনুযায়ী কৰ্মচাৰীজনে সকলো ধৰণৰ দুৰাৰোগ্য ৰোগৰ বাবে চৰকাৰৰ পৰা সা-সুবিধা লাভ কৰে আৰু প্ৰয়োজন অনুসাৰে কৰ্মচাৰীসকলে অতি কম সুতৰ হাৰত মাহিলী পেন্সনৰ ভিত্তিত ঋণ লাভ কৰে। পুৰণি পেন্সন নীতি মতে অৱসৰকালীন যে সা-সুবিধা আৰু মাহিলী পেন্সন লাভ কৰাৰ বাবে চাকৰিকালীন সময়ত চৰকাৰক কোনো অনুদান (Contribution)দিব নালাগে। পুৰণি পেন্সন নীতি প্ৰয়োগ কৰাৰ সময়ত গোটেই ভাৰততে কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ কৰ্মচাৰীৰ সংখ্যা বহুত কম আছিল। ক্ৰমান্বয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ্মচাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈ প্ৰায় ৭০ লাখ হোৱাৰ ফলত কৰ্মচাৰীসকলক মাহিলী পেন্সন দিওঁতে কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ বাৰ্ষিক বাজেটৰ ওপৰত প্ৰভাৱ পৰাৰ ফলত বিত্তীয় সংকট দেখা দিবলৈ ধৰিলে। তাৰ পৰা ৰেহাই পাবলৈ ২০০৩ চনৰ ডিচেম্বৰ মাহত  জাতীয় গণতান্ত্ৰিক ফ্ৰন্টৰ(NDA) তদানীন্তন প্ৰধানমন্ত্ৰী  অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে নতুন পেন্সন নীতি(New Pension scheme,NPS) ঘোষণা কৰি ২০০৪ চনৰ ১ জানুৱাৰীত প্ৰৱৰ্তন কৰে আৰু ২০০৫ চনৰ ১ ফেব্ৰুৱাৰী মাহৰ পৰা তাক সম্পূৰ্ণ ৰূপে কাৰ্যকৰী কৰে। এই নতুন পেন্সন নীতিৰ মূল আধাৰেই হৈছে ” মাছৰ তেলেৰে মাছ ভজা ” । চৰকাৰী কৰ্মচাৰী সকলৰ মাহিলী দৰমহাৰ পৰা ১০ শতাংশ ধনৰাশি চৰকাৰৰ পি  এফ ডি চি এল ত জমা দিয়া বাধ্যতামূলক । তাৰ পৰিৱৰ্তে চৰকাৰে ১০ ৰ পৰা ১৪ শতাংশ ধনৰাশি ঘূৰাই দিয়ে। কিন্তু, চাকৰিকালীন সময়ত এজন কৰ্মচাৰীয়ে লাভ কৰা সম্পূৰ্ণ দৰমহাৰ পৰা জমা কৰা ধনৰাশিৰ শতকৰা ৬০ ভাগ ধনৰাশি কোনো আয়কৰ নিদিয়াকৈ ঘূৰাই পাব  ; বাকী শতকৰা ৪০ ভাগ বজাৰত বিনিয়োগ কৰাটো বাধ্যতামূলক। আৰু এই ৪০ শতাংশ ধনৰাশিৰ ওপৰত আয়কৰ বাধ্যতামূলক। মুঠতে, নতুন পেন্সন নীতি অনুযায়ী কৰ্মচাৰীজনে অৱসৰ গ্ৰহণ কৰাৰ পাছত আৰ্থিক নিৰাপত্তা বা নিশ্চয়তা লাভ কৰাৰ পৰিৱৰ্তে এক ভাগ্যৰ অন্বেষণত শ্বেয়াৰ বজাৰত নিজে সঞ্চয় কৰা ধনৰাশিৰ ৪০ ভাগ ধনৰাশি বিনিয়োগ কৰি অধিক লাভৰ আশাত দৌৰিব লগা হৈছে। যাৰ ফলত চৰকাৰী কৰ্মচাৰী সকলৰ মাজত এক অনিশ্চিত ভৱিষ্যতৰ আশংকাত ভূগিব লগা হৈছে। গঢ়ে ১ লাখ দৰমহা পোৱা এজন চৰকাৰী কৰ্মচাৰীয়ে মাহিলী পেন্সন লাভ কৰে মাত্ৰ ২০০০ টকা । এই সীমিত পৰিমাণৰ ধনৰাশিৰে এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে জীৱন নিৰ্বাহ কৰা প্ৰায় দুৰ্বিসহ যন্ত্ৰণাৰ বোজা হৈ পৰিছে।
তাৰ উপৰিও, কৰ্মচাৰীজনে মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে কোনো পেন্সন লাভ কৰিব নোৱাৰি আত্মহননৰ পথ বাচি লবলৈ বাধ্য হৈছে। সেয়ে গোটেই ভাৰতত চৰকাৰী কৰ্মচাৰী সকলে পুৰণি পেন্সন নীতি প্ৰয়োগ কৰাৰ বাবে আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে। এতিয়া নতুন পেন্সন নীতিৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হোৱাৰ ফলত কেন্দ্ৰীয় চৰকাৰ শ’লঠেকত পৰিছে। কেইবাখন ৰাজ্যৰ কংগ্ৰেছ শাসিত ৰাজ্যিক চৰকাৰে ইতিমধ্যে নতুন পেন্সন নীতি ৰ’দ কৰি আকৌ পুৰণি পেন্সন নীতি প্ৰয়োগ কৰাৰ ফলত বাকী ৰাজ্যসমূহৰ কৰ্মচাৰীৰ মাজত বা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলেও পুৰণি পেন্সন নীতি প্ৰয়োগ কৰাৰ বাবে চৰকাৰক প্ৰচণ্ড ভাবে হেঁচা প্ৰয়োগ কৰিছে ।
কৰ্মচাৰী সকলৰ মাজত অনুভৱ হৈছে যে, পি এফ আৰ ডি এ ( PFRDA) অনুমোদিত পেছাদাৰী পুঁজি প্ৰৱন্ধকসকলে ভৱিষ্যতে পৰ্যাপ্ত লাভ কৰাৰ বাবে সুৰক্ষা প্ৰদান কৰাত যদি বিফল হয়, তেনেহলে তেওঁলোকৰ জীৱন-জোৰা সঞ্চয়ৰ ক্ষেত্ৰত বিপদৰ আশংকা নুই কৰিব নোৱাৰি ; যিয়ে তেওঁলোকৰ অৱসৰৰ পাছত বৃদ্ধাৱস্থাত আৰ্থিক নিৰাপত্তা দান কৰিবলৈ সক্ষম নহ’ব পাৰে। ইতিমধ্যে আদানী গ্ৰুপৰ ষ্টক মাৰ্কেটৰ হ্ৰাসে এই উদ্বিগ্নতা বৃদ্ধি কৰিছে। নিউয়ৰ্কস্থিত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পাছত আদানী গ্ৰুপৰ কোম্পানীবোৰৰ স্টকৰ মূল্য হ্ৰাস হোৱা দেখা গৈছে।(Hinderburg and Adani group controversy) হিণ্ডেনবাৰ্গৰ ৰিচাৰ্ছে আদানী গ্ৰুপৰ কোম্পানীবোৰৰ কাৰ্যপ্ৰণালীৰ ওপৰত এক এক প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতে আদানী গ্ৰুপৰ কোম্পানীবোৰে বজাৰ মূল্যাংকনৰ আধা হেৰুৱাইছে।  ২৪ জানুৱাৰীত ১৯ লাখ কোটি টকাৰ পৰা ১০ ফেব্ৰুৱাৰীত ৯.০৬ লাখ কোটি টকা হ্ৰাস হোৱাত শ্বেয়াৰ বজাৰত বিনিয়োগ কাৰী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। তেনে ক্ষেত্ৰত ভাৰত চৰকাৰে বাধ্যতামূলক ভাবে নতুন পেন্সন নীতিৰ আধাৰত চৰকাৰী কৰ্মচাৰী সকলৰ সঞ্চিত ধন বজাৰত বিনিয়োগ কৰিবলৈ বাধ্য কৰাৰ বাবে কৰ্মচাৰীসকলৰ মাজত ক্ষোভৰ সঞ্চাৰ হৈছে।  সেয়ে গোটেই ভাৰতত চৰকাৰী কৰ্মচাৰী সকলে পুৰণি পেন্সন নীতি প্ৰয়োগ কৰাৰ বাবে আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে। এতিয়া নতুন পেন্সন নীতিৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হোৱাৰ ফলত কেন্দ্ৰীয় চৰকাৰ শলঠেকত পৰিছে। কেইবাখন ৰাজ্যৰ কংগ্ৰেছ শাসিত ৰাজ্যিক চৰকাৰে ইতিমধ্যে নতুন পেন্সন নীতি ৰ’দ কৰি আকৌ পুৰণি পেন্সন নীতি প্ৰয়োগ কৰাৰ ফলত বাকী ৰাজ্যসমূহৰ কৰ্মচাৰীৰ মাজত বা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলেও পুৰণি পেন্সন নীতি প্ৰয়োগ কৰাৰ বাবে চৰকাৰক প্ৰচণ্ড ভাবে হেঁচা প্ৰয়োগ কৰিছে । অতিশীঘ্ৰে কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰে নতুন পেন্সন নীতি ৰ’দ কৰি পুৰণি পেন্সন নীতি প্ৰয়োগ কৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক পুৰণি পদ্ধতিত মাহিলী পেন্সন নিয়মীয়াকৈ দি তেওঁলোকৰ বৃদ্ধাৱস্থাত আৰ্থিক নিৰাপত্তা দান তথা জীৱিকা নিৰ্বাহৰ সকলো পথ প্ৰশস্ত কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ ৰাজ্যিক চৰকাৰে আগবাঢ়ি অহা উচিত।