প্ৰশংসা কৰোঁ স্ৰষ্টাৰ সৃষ্টি – ছেলিমা বেগম

প্ৰশংসা কৰোঁ স্ৰষ্টাৰ সৃষ্টি
ছেলিমা বেগম, নগাঁও 
আকাশ – পাতাল, চন্দ্ৰ ,সূৰ্য্য ,সৃষ্টি কৰিলে ,
যিজনে সেই জনক কিয় প্ৰশংসা নকৰিম !
সাগৰ – মহাসাগৰ তোমাৰেই সৃষ্টি ,
জীৱ শ্ৰেষ্ঠ মানুহ সৃষ্টি কৰিলে আমাৰ প্ৰভু
আমি কিয় তোমাক প্ৰশংসা নকৰিম ,
পাহাৰ – ভৈয়াম সৃষ্টি কৰিলা তুমি
ফল- মূল, সেউজীয়া পৃথিৱী তৈয়াৰ
কৰি দিলা আমি জীয়াই থাকিবলৈ ৷
নৱ মণ্ডল, ভূমণ্ডল সকলো তোমাৰ সৃষ্টি
তোমাৰ কোনটো সৃষ্টি আমি অস্বীকাৰ কৰিম
আমি তোমাক প্ৰশংসা নকৰি থাকিম নে ?
সুগন্ধি ফুল সৃষ্টি কৰি সৌন্দৰ্য বৃদ্ধি
কৰি দিলা আমাৰ মাজত আমি
কিয় তোমাক প্ৰশংসা নকৰিম !
গ্ৰহ – নক্ষত্ৰ তোমাৰ নিৰ্দেশ মতে
নিজ নিজ কক্ষত ঘূৰি আছে ৷
দিন – ৰাতি হৈ আছে , হে স্ৰষ্টা
তোমাৰ মহিমা অপাৰ তুমি
জগতৰ ৰক্ষক, তোমাৰ চৰণত
আমি  সেৱা কৰোঁ, হে ’মহান !
হে ’ কৰুণাময়, হে’ দয়াময়
পালন কৰতা হে ’সুজন হে’
 আল্লাহ ৰাব্বুল আলামিন
আমি তোমাক প্ৰশংসা কৰোঁ ৷