চ্যুকাফা দিৱস – ইকবাল হুছেইন

চ্যুকাফা দিৱস

ইকবাল হুছেইন

১৯৯৬ চনৰ পৰা ২ ডিচেম্বৰ দিনটো চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰি অহা হৈছে। ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত অৰ্থাৎ ১২১৫ চনত সৌমাৰত প্ৰবেশ কৰি আহোম ৰজা সৰ্গদেও চাওলুং চুকাফাই অতি কম সময়ৰ ভিতৰতে তাহানিৰ সেই অসমত বসবাস কৰা বিভিন্ন জাতি, জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি বড় অসম গঢ়িছিল। (কিন্তু পৰিতাপৰ বিষয়; আজি সেই ঐক্য, সমন্বয় আৰু সম্প্ৰীতি যেন কৰবাত হেৰাই যাব ধৰিছে), পিছে ইয়াৰ বাবে দায়ী কোন সেইটো বহলাই নকলেওঁ বুজাজনে অৱশ্যেই বুজি পাইছে। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাই বড় অসম গঢ়াৰ ক্ষেত্ৰত ৰাখি যোৱা অনবদ্য অৱদানক শ্ৰদ্ধা-সন্মান জনাই ২ ডিচেম্বৰৰ দিনটো ৰাজ্যবাসীয়ে চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰিলে।

উল্লেখ্য যে অসমীয়া জাতিৰ জনক চাওলুং চুকাফাই ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত পদাৰ্পণ কৰাৰ সেই ঐতিহাসিক দিনটোক চিৰসজীৱ কৰি ৰখাৰ নিমিত্তে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন প্ৰকৃত অসমপ্ৰেমী ব্যক্তিয়ে প্ৰথমে ১৯৭২ চনত আৰম্ভ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ বাবেই আজি এই পৱিত্ৰ চুকাফা দিৱসৰ পাতনি মেলে। ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যই বিস্তাৰ লাভ কৰাৰ সেই সময়ছোৱাতে তেওঁ সকলো জাতি, জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকক ঐক্যবদ্ধ কৰি শান্তি-সম্প্ৰীতিৰ বড় অসমৰ সূচনা কৰিছিল। মৰাণ, বৰাহীসকলক পৰাস্ত কৰি আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰা সৰ্গদেও চাওলুং চুকাফা মুলতঃ এগৰাকী চতুৰ ৰাজনীতিবিদ, নিৰপেক্ষ শাসক, নিপুণ সেনানী, সাহসী যুদ্ধ আৰু অনান্য ব্যক্তিত্বৰ অধিকাৰী আছিল।

যি গৰাকী চুকাফাই সকলো জাতি, জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকক একতাৰ ডোলেৰে বান্ধি সমন্বয়ৰ বড় অসম গঢ়াত আহোপুৰুষাৰ্থ কৰিছিল তেনেকুৱা মহান পুৰুষ অৰ্থাৎ চাওলুং চ্যুকাফা গঢ়ি যোৱা আদৰ্শ, ভাতৃত্ববোধ অনুসৰণ কৰিলেহে সচাঁ অৰ্থত তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখা হ’ব। সাম্প্ৰতিক সময়ত সৰ্গদেও চাওলুং চুকাফাৰ অসাধাৰণ দক্ষতা, সুদক্ষ সংগঠক, প্ৰচুৰ বুদ্ধিমত্তা, সকলোৰে প্ৰতি অগাধ বিশ্বাস অসমবাসীৰ বাবে সদায়েই প্ৰাসংগিক আৰু প্ৰেৰণাৰ উৎস হোৱা উচিত।

গতিকে আহক আমি চ্যুকাফা দিৱসৰ এই পৱিত্ৰ দিনটোৰ পৰাই সকলো ধৰণৰ ভেদাভেদ পৰিহৰি জাতি, ধর্ম, বর্ণ, ভাষা, গোষ্ঠী নিৰ্বিশেষে তেওঁৰ সেই সমন্বয়ৰ বড় অসম গঢ়াৰ বাবে দৃঢ় সংকল্পবদ্ধ হওঁ।