লাচিত বৰফুকনৰ সোঁহাতস্বৰূপ বাঘ হাজৰিকাৰ প্ৰসঙ্গে একলম – নাছিৰ আহমেদ

লাচিত বৰফুকনৰ সোঁহাতস্বৰূপ বাঘ হাজৰিকাৰ প্ৰসঙ্গে একলম
নাছিৰ আহমেদ , শিমলাবাৰী গোৱালপাৰা
সোতৰ শতিকাৰ আহোম যুগৰ খিলঞ্জীয়া মুছলমান ইছমাইল ছিদ্দিকি ওৰফে বাঘ হাজৰিকা নামৰ পালি সেনাপতি এজনে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰিবলৈ আহোম সেনাপতি লাচিত বৰফুকনৰ সোঁহাতস্বৰূপ আছিল। ইছমাইল ছিদ্দিকিৰ জন্মস্থান উজনি অসমৰ গড়গাঁৱৰ ওচৰৰ ঢেকেৰী গাঁৱত।
অসমৰ ইতিহাসত তেওঁৰ এখন সুকীয়া আসন আছে। ইতিহাসবিদ ডঃ সূৰ্য কুমাৰ ভূঞা ডাঙৰীয়াই তেওঁৰ “স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ” নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, মোগল সেনাপতি ৰামসিংহই বিশাল সৈন্য বাহিনী লৈ শৰাইঘাটৰ যুদ্ধত অৱতীৰ্ণ হোৱাৰ সময়ত উজনি অসমত বাঘ হাজৰিকা নামে এজন বীৰ পুৰুষ আছিল।
বাঘ হাজৰিকাই মোগলসকলৰ যুদ্ধ কৰাৰ কৌশল বা যুদ্ধৰ অস্ত্ৰসমূহৰ বিষয়ে বিতংকৈ জানি লাচিত বৰফুকনৰ সোঁহাতস্বৰূপ সহকাৰী সেনাপতি হিচাপে লগত থাকি সংকেত দিয়াৰ ফলত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে অনায়াসে মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।
ডঃ সূৰ্য কুমাৰ ভূঞাই “Annals of the Delhi badshahate ” নামৰ গ্ৰন্থৰ ২২৯ পৃষ্ঠাত লিপিবদ্ধ কৰিছে যে, ” The mahammadan commander Bagh Hazarika whose military genius was partly responsible for the success of the Lachit Barphukan’s operation against Ram singh “
বুৰঞ্জীবিদ ভুৱন চন্দ্ৰ সন্দিকৈয়ে তেওঁৰ” অসমৰ মুছলমান ” নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, ইছমাইল ছিদ্দিকিয়ে একে চৰতে বাঘক হত্যা কৰাৰ বাবে আহোম স্বৰ্গদেৱে সন্তোষ্ট হৈ তেওঁক বাঘ হাজৰিকা উপাধি দিছিল ; যাৰ উত্তৰ পুৰুষ হ’ল” জ্ঞান মালিনী “ৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা।” হাঁহচৰাৰ  অতীত ৰোমন্থন” ৰ লেখক দিখৌপৰীয়া হাঁহচৰাৰ বুৰঞ্জী লেখক তুলন গোহাঁই ডাঙৰীয়াই হাঁহচৰা হাইস্কুলৰ সোণালী জয়ন্তীৰ স্মৰণিকাত বীৰ বাঘ ধৰা সম্পৰ্কে উল্লেখ কৰিছে যে, বীৰ বাঘ ধৰা মান ভগনৰ আগতে হাঁহচৰাৰ হাঁহ পাৰাৰ দৰিকা দাঁতিৰ খিলঞ্জীয়া মুছলমান গাঁৱত আছিল। তেওঁৰ প্ৰকৃত নাম আছিল ইছমাইল ছিদ্দিকি। চুকৰ পথাৰৰ পশ্চিম চুকত থকা গড়িয়াজান মছজিদৰ ভেটি , এটা পাটনাদ আৰু কেইবাটাও ঘৰৰ ভেটিৰ চিহ্নসমূহেই তাৰ স্পষ্ট প্ৰমাণ। ৰামসিংহই অসম আক্ৰমণ কৰাৰ সময়ত এই গাঁৱৰ এজন সুদক্ষ আৰু সবল যুৱক ইছমাইল ছিদ্দিকিয়ে গাঁৱত সন্ত্ৰাস সৃষ্টি কৰা এটি বাঘক একে কিলতে হত্যা কৰাৰ বাবে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই তেওঁক বাঘ হাজৰিকা নাম দিছিল। মোগল সেনাপতি ৰামসিংহৰ নেতৃত্বত ১ লাখ ৬০ হেজাৰ সেনাবাহিনীলৈ গড়গাঁৱৰ পৰা ইটাখুলি আহি শাৰী শাৰী কামান পুতিলে। মোগলসকলৰ এই বিশাল সমৰ-সজ্জা দেখি তেতিয়া আহোম সৈন্যসকলৰ মাজত ভীতিগ্ৰস্থতাৰ সৃষ্টি হ’ল। কাৰণ, তেতিয়া আহোম সেনাপতি লাচিত বৰফুকনেও নৰীয়া পাটিত। আহোম সৈন্যসকলৰ এই হতাশাগ্ৰস্ততা দেখি বাঘ হাজৰিকাই সকলোকে অভয় দি কৈছিল যে, মুছলমান সকলক পৰাস্ত কৰিব পৰাকৈ তেওঁৰ হাতত সকলো কৌশল আছে।
ৰাতিপুৱাই যেতিয়া মোগল সৈন্যসকলে ফজিৰৰ নামাজ পঢ়ি আছিল , সেই সময়ত জপং গোহাঁইৰ সৈতে বাঘ হাজৰিকাই কামানৰ মুখত পানী ভৰাই থৈ আহিল। যেতিয়া মোগল সৈন্যসকলে কামান ফুটায়, তেতিয়া কামানৰ পৰা গুলীৰ পৰিৱৰ্তে কেৱল পানী ওলাবলৈ ধৰিলে। এনেকৈ বাঘ হাজৰিকাৰ বুদ্ধিৰ বলত নৰীয়া গাৰে লাচিত বৰফুকনে যুদ্ধ পৰিচালনা কৰি মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।
বাঘ হাজৰিকাৰ বৰ্তমান যুগৰ চিন্তাশীল লেখক হোমেন বৰগোহাঞিয়ে ২০১৭ চনত নিয়মীয়া বাৰ্তা বাতৰি কাকতত লিখিছিল যে, আহোম যুগত অসমত ” অসমীয়া” শব্দটো ব্যৱহাৰ হোৱা নাছিল যদিও আহোমসকল ব্ৰাহ্মণ্যবাদী, শাক্ত বা বৈষ্ণৱ ধৰ্মাৱলম্বীৰ নাছিল। তেওঁলোকে হিন্দু ধৰ্মত শৰণাপন্ন হৈছিল যদিও গোড়া ধাৰ্মিক নাছিল । আহোমসকলে কেৱল অসমৰ ত্ৰাণ-কৰ্তা ৰূপে নিজকে অনুভৱ কৰি অসমৰ সকলো জনগোষ্ঠীৰ লোকসকলক লৈ সৈন্য বাহিনী গঠন কৰিছিল  ; য’ত লাচিত বৰফুকন সেনাপতি আৰু বাঘ হাজৰিকা সহকাৰী সেনাপতি হিচাপে আছিল আৰু লগতে ৰাজ্যৰ অসংখ্য থলুৱা মুছলমানে এই সৈন্য বাহিনীত যোগদান কৰিছিল । আচলতে মুছলমান সকলৰ তেজত সদায় প্ৰৱাহিত হৈ আছে দেশাত্মবোধক মন-মানসিকতা  ; ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰৎ মহম্মদে (ছঃ ) সদায় মুছলমান সকলক উপদেশ দিছিল যে তেওঁলোকে যিখন দেশত বসবাস কৰিব , সেইখন দেশৰ ভাষা, সংস্কৃতিক বিকাশৰ বাবে চেষ্টা চলাই যোৱাৰ উপৰিও প্ৰয়োজন হ’লে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দি শ্বাহাদত ( শ্বহীদ) বৰণ কৰা প্ৰত্যেক জন মুছলমানৰ ফৰজ (Compulsory,অৱশ্য কৰণীয়) অথচ, বৰ্তমান বিজেপি শাসিত ৰাজ্যিক চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাই কেৱল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ধৰ্মান্ধ হিন্দু-সকলক তুষ্টিকৰণ কৰাৰ নামত বাঘ হাজৰিকাৰ অস্তিত্ব নাই বুলি মন্তব্য কৰা অশোভনীয় হৈছে। ইতিমধ্যে সেই সুৰতে সুৰ মিলাই আমাৰ এই অসম ৰাজ্যখন শংকৰ -আজানৰ দেশ বুলি স্বীকৃতি দিবলৈও কুণ্ঠা বোধ কৰা আৰম্ভ কৰিছে। সেয়ে , সম্প্ৰতি ধৰ্ম -নিৰপেক্ষ মূল্যবোধৰ চিন্তা বহন কৰা লেখক মুকুট শৰ্মা আৰু অধ্যাপক আবু নাছেৰ চৈয়দ আহমেদে উল্লেখ কৰিছে যে, বাঘ হাজৰিকাৰ অস্তিত্ব সম্পৰ্কে প্ৰয়োজন হ’লে ইতিহাসৰ পণ্ডিতসকলে গৱেষণা কৰি ঠিৰাং সিদ্ধান্ত লোৱাত কোনো বাধা নাই। তেনে ক্ষেত্ৰত ইতিহাসৰ একো ধাৰণা নথকা এজন ব্যক্তিয়ে যিমানেই শক্তিশালী নহওঁক কেতিয়াও এই ভাবে বাঘ হাজৰিকাৰ অস্তিত্ব নাই বুলি টুলুঙা মন্তব্য কৰা  উচিত হোৱা নাই।
যিকি নহওক, আমাৰ এই ৰাজ্যখন হিন্দু-মুছলমানৰ মিলনভূমি অতীততো আছিল, এতিয়াও আছে,আগলৈও থাকিব। ৰাজনৈতিক উদ্দেশ্যপ্ৰোণিত ভাবে কোনোবাই এই ঐক্যক বিনষ্ট কৰিবলৈ অপচেষ্টা কৰিলেও অসমীয়াই তাৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে।
আজি এই ” লাচিত দিৱস”ৰ দিনা লাচিত বৰফুকনৰ সোঁহাতস্বৰূপ সহকাৰী সেনাপতি ইছমাইল ছিদ্দিকি ওৰফে বাঘ হাজৰিকাক শ্ৰদ্ধাৰে সুঁৱৰিছো।