বীৰ লাচিত বৰফুকন – আয়নাল হক

বীৰ লাচিত বৰফুকন
আয়নাল হক,ধুবুৰী 
বীৰ পুত্ৰ জননীৰ–
দেশপ্ৰেমিক তুমি লাচিত বৰফুকন !
দৃষ্টান্তমূলক সাহস–স্পষ্টবাদিতা
আৰু অতুলনীয় কৰ্ম-প্ৰেৰণাৰে
মহীয়ান হৈ
স্বদেশ ৰক্ষাৰ অঙ্গীকাৰেৰে
জপিয়াই পৰিছিলা  ৰণাংগনত।
তোমাৰ উদাত্ত চিত্তই
সৈনিক প্ৰাণত সঞ্চাৰ কৰিছিল
যুদ্ধ জয়ৰ প্ৰৱনতা ।
স্বদেশ প্ৰেমৰ প্ৰৱল জিজ্ঞাসাই
তোমাক সজাইছিল ৰণুৱা ঘোঁৰা–
যাৰ নাছিল জিৰণি,
আনকি ৰুগীয়া দেহতো !
তোমাৰ বাবে দেশতকৈ
কোনো নাছিল আপোন,
‘মোমাই কটা গড়’ তাৰেই নিদৰ্শন।
হে অমৰ পুত্ৰ জননীৰ,
তোমাৰ দক্ষতা আৰু পৰাক্ৰমেই উৰুৱাইছিল
শৰাইঘাটৰ যুদ্ধত
দেশৰ বিজয় পতাকা।
শতৰু ঘূৰি গৈছিল স্বদেশলৈ–
তোমাৰ ৰণ-কৌশলক অকপটে স্বীকাৰ কৰি।
শ্ৰদ্ধাৰে সুঁৱৰিলোঁ আজি তোমাক
বীৰ পুত্ৰৰ জন্মদিন বুলি–!
অৰ্পণ কৰিছোঁ
একাঁজলি শ্ৰদ্ধাঞ্জলি ।