পৰিক্ৰমা – ইভা গন্ধীয়া ফুকন

পৰিক্ৰমা
ইভা গন্ধীয়া ফুকন
হব খোজা নাই গল্পকাৰ,উপন্যাসীক
হব খোজা নাই সুৰকাৰ,গীতিকাৰ
লিখিব খোজো দুখ -সুখৰ কথা
আত্ম উপলদ্ধিৰ কথা
য'ত প্ৰাণ পাই উঠে শব্দৰ নিজস্বতা
যিয়ে প্রকাশ কৰে ঘটনা পৰিঘটনা
লুপ্ত হৈ থকা ভাব ভাষা
সুপ্ত কৰি দি যায় আনন্দৰ বতৰা।
বাংময় জীৱনৰ টুকুৰা
দুচকুত পাৰ ভঙা ঢল
সাঁচিপাতৰ আধা পুৰা পুথিৰ বাণী
মুখত ফুটাব নোৱাৰি কণ্ঠ ৰুদ্ধ হ'লোঁ
লিখি ললোঁ ধংস যজ্ঞৰ মন্ত্ৰ।
সূৰ্যস্নাত ঢৌঁ বোৰে বাগৰি
আকাশি অনন্তৰ সিপাৰে
হেঙুলীয়াইছে ক্ৰমশঃ
য'ৰ পৰা উৰি আহিছে
এজাক সোন বৰণীয়া হাঁহি।
অৱিছিন্ন যাত্ৰা পথত ৰৈ
ভাবি আছোঁ দুখৰ তুলিকাৰে
সুখৰ ছবি কি দৰে আঁকিব পাৰি
লাহে লাহে সুৰুঙা পাই
ৰংবোৰ পৰিছে সৰি।
এটুকুৰা ক'লা মেঘে 
আগুৰি ধৰিছে বাট
মেঘ বোৰ পাহাৰ বগাই
আকাশলৈ গৈছে উৰি
যি বাটেৰে বেলিটো যায়