আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

ৰঙিলী বাৰ্ত্তাসেৱা- চামগুৰিত এক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। আৰক্ষীয়ে ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি গুলীচালনা কৰে। সোমবাৰৰ নিশা সংঘটিত আৰক্ষীৰ এনকাউন্টাৰত ড্ৰাগছ মাফিয়া হেকমত আলী গুলীবিদ্ধ হয়।সোমবাৰে বিয়লি ড্ৰাগছসহ হেকমতক নগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। চামগুৰি বাজিয়া গাঁৱৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ কৰা  ড্ৰাগছ মাফিয়াই নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে। এনে পৰিস্থিতিত আৰক্ষীয়ে অভিযুক্ত ড্ৰাগছ মাফিয়া হেকমতলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীৰ গুলী হেকমতৰ সোঁ ভৰিত লাগে। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ড্ৰাগছ মাফিয়াজন। উল্লেখ্য যে, চামগুৰিকে আদি কৰি এক বৃহত্তৰ অঞ্চলৰ ড্ৰাগছ ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড আছিল হেকমত আলী।