প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ জন্ম বার্ষিকী পালন

প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ জন্ম বার্ষিকী পালন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ তত্বাৱধানত গুৱাহাটীস্থ দলৰ ৰাজ্যিক কাৰ্যালয় ৰাজীৱ ভৱনত প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন ইন্দিৰা গান্ধীৰ ১০৬ সংখ্যক জন্মবার্ষিকী দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি কাৰ্য্যসূচীৰে আৰম্ভ কৰা উক্ত জন্ম দিৱস উপলক্ষে ৰাজীৱ ভৱনত এক বিনামূলীয়া স্বাস্থ্য শিৱিৰৰো আয়োজন কৰা হয়৷ প্রয়াত প্রধানমন্ত্ৰী গৰাকীৰ স্মৃতিচাৰণ সভাত মূল বক্তা হিচাপে ভাষণ দিয়া দলৰ অন্যতম জ্যেষ্ঠ নেতা তথা প্রাক্তন সাংসদ বিষ্ণু প্রসাদে কয় যে ইন্দিৰা গান্ধীয়ে গোষ্ঠী নিৰপেক্ষ (NEM) আন্দোলনৰ নেত্ৰী হিচাপে বিশ্ব শান্তিৰ বাবে অনবদ্য অৱদান আগবঢ়াই গৈছে। এখন পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ বাবে ইন্দিৰা গান্ধীয়ে বিশ্ব জনমত গঠন কৰাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা লৈছিল। অথচঃ এতিয়া বিজেপি নেতৃত্বাধীন ভাৰত চৰকাৰে ইজৰাইলৰ পক্ষ লৈছে৷ দলৰ অন্যতম উপ-সভাপতি দ্বিজেন শৰ্মাই ইন্দিৰা গান্ধী সম্পৰ্কত কয় যে আজিৰ কংগ্ৰেছ দলটো ইন্দিৰা গান্ধীৰেই শক্তিশালী সাংগঠনিক অৱদানৰ ফলশ্ৰুতি। তেওঁৰ নেতৃত্বতেই আধুনিক ভাৰতবৰ্ষই এক নতুন পৰ্য্যায় লাভ কৰিছিল বুলি দ্বিজেন শর্মাই উল্লেখ কৰে। দলৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে ইন্দিৰা গান্ধীৰ সামগ্ৰিক জীৱন বৃতান্ত সম্পর্কে বহলাই কয়। দলৰ কাৰ্য্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন শিকদাৰে স্বাস্থ্য শিৱিৰটো মুকলি কৰে৷ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নৱজ্যোতি তালুদাৰে দলৰ হৈ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে৷ ‘চেন্টাৰ ফৰ চাইট’ নামৰ স্বাস্থ্য কেন্দ্ৰ হৈ ডা: শত্রুঘ্ন কুমাৰ সিঙে স্বাস্থ্য শিৱিৰলৈ আটাইকে আদৰণি জনায়। প্রয়াত প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ১০৬ সংখ্যক জন্মবার্ষিকীত কংগ্ৰেছ দলৰ বহুতো নেতা কর্মী উপস্থিত থাকে। উপস্থিত কংগ্ৰেছ নেতৃবর্গ হল – বিষ্ণু প্রসাদ, বলিন কুলি, দ্বিজেন শর্মা, জাকিৰ হুছেইন শিকদাৰ, নৱজ্যোতি তালুকদাৰ, মেহদী আলম বৰা, মঞ্জুশ্রী পাঠক, ৰামান্না বৰুৱা, বিপুল গগৈ, প্ৰদ্যুৎ ভূঞা, নাছিৰ খান, দীপ বায়ন, ইমদাদ হুছেইন, গোপাল শৰ্মা, আৰফান আলি হাজৰিকা, ড০ অশ্বিন কুমাৰ মহন্ত, কৃষ্ণা দাস, পৱন শৰ্মা, ভৱেশ দাস, মুস্তাক গোলাম ওছমানী, কৃদীপ বৰ্মন, দেৱজিত ডেকা, মইনাজান বেগম, ৰিনা বেগম, ছাজিয়া বেগম, গীতালি দাস, চৈয়দ চামেদুৰ ৰহমান, হাবিব আহমেদ, বাবলা চৌধুৰী, ৰঞ্জিত ঠাকুৰীয়া, ৰমনী দাস, প্ৰণৱ কুমাৰ দত্ত, প্ৰণৱ শ‍ইকীয়া।