নিয়ৰত তিতিছে শৰতৰ দুবৰি বন – ছেলিমা বেগম

নিয়ৰত তিতিছে শৰতৰ দুবৰি বন
ছেলিমা বেগম, নগাঁও
শৰতৰ দোকমোকালি
শুই আছে আকাশ পাতাল,
দুই ভৰিৰে গছকি দুবৰি বনত
নিয়ৰৰ উমান পাই শাৰদীয়
বতৰত আগজাননী পাওঁ।
নিয়ৰত জিলিকি আছে দুবৰি বন ,
নীলিমাৰ নীলা হাঁহিত সূৰ্যৰ ৰশ্মি
মুকুতা হৈ জিলিকি আছে দুবৰি ঘাঁহনিৰ ওপৰত।
ৰামধেনুৰ সাতোটা ৰঙে জিলমিল
কৰি দিলে ৰং হানি
আহঃ কি যে মনোমোহা ৰঙীন
দৃশ্য দেখিবলৈ পালোঁ!
দুবৰি বনবোৰ নিয়ৰত
তিতি তিতি হৈছে চুপ
দুবৰি ঘাঁহনিৰ পৰিৱেশ যেন
লাগিছে পূজা আহিছে।
শাৰদীয় স্নিগ্ধ জোনাকত
নাচি নাচি দুবৰি বন স্বাগতম
জনাইছে ধৰণীক।
নিয়ৰত তিতিছে শেৱালি
নিয়ৰৰ ভৰ সহিব নোৱাৰি
দোকমোকালি শুই পৰিছে তলভৰই।
ঊষাৰ কিৰণ মুকুতা হৈ টুপী
পিন্ধাই দিছে দুবৰি বনত।
হীৰাৰ টুকুৰা হৈ জ্বলি আছে
দুবৰি বনৰ মাজত
মন-প্ৰাণ শীতল হৈ চাই আছোঁ
কি যানি স্বৰ্গৰ পৰা মৰ্ত্যলৈ নামি
আহিছিল কোনো নৰ্তকী
নাচোনৰ তালে তালে থৈ গৈছে
মণি-মুকুতা নিয়ৰত টোপাল হৈ
জিলিকি আছে তিতি দুবৰি বনত!