চিকনমাটি বাগিচাত ৰূপালী এক্কাক ধনাদেশ প্ৰদান কৰিলে মন্ত্ৰী সঞ্জয় কিশানে

চিকনমাটি বাগিচাত ৰূপালী এক্কাক ধনাদেশ প্ৰদান কৰিলে মন্ত্ৰী সঞ্জয় কিশানে

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিশানে দৰং জিলাৰ চিকনমাটি চাহ বাগিচাত উপস্থিত হৈ বাগিচাৰ কলঘৰৰ মেচিনত কৰ্মৰত অৱস্থাত হাতত আঘাতপ্ৰাপ্ত হোৱা ৰূপালী এক্কা নামৰ ২০ বছৰীয়া কৰ্মীগৰাকীৰ হাতত ৬,৬২,৩৭৭ টকাৰ এখন ধনাদেশ(চে’ক)অৰ্পণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে বাগান কৰ্তৃপক্ষই ৰূপালী এক্কা সুস্থ নোহোৱা পৰ্যন্ত তেওঁক আৰু তেওঁৰ ভগ্নীক নিয়মীয়া কৰ্মীৰ দৰে প্ৰাপ্য ধন দি থকাটো নিশ্চিত কৰিছে । সুস্থ হোৱাৰ পিছত বাগান কৰ্তৃপক্ষই ৰূপালী এক্কাক স্থায়ী কৰ্মীৰূপে নিযুক্ত কৰিব । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে স্থায়ী কৰ্মীৰূপে নিযুক্ত হোৱাৰ পিছতো ৰূপালী এক্কাই কোনো অসুবিধা নোহোৱাকৈ কৰিব পৰা কামহে তেওঁক দিব লাগিব। মন্ত্ৰীগৰাকীয়ে কয় যে বাগিচা কৰ্তৃপক্ষসমূহে চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া নিৰাপত্তামূলক ব্যৱস্থাসমূহ কঠোৰভাৱে পালন কৰিব লাগিব। ইয়াৰ ওপৰত চকু ৰাখিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে । ৰূপালী এক্কাৰ ঘটনাই বাগিচাত এনেদৰে আঘাতপোৱা শেষৰটো ঘটনা হওঁক বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলসমূহৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছে । এই প্ৰসংগত তেওঁ বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ বজাৰ বৃদ্ধিৰ পৰা বাগিচা অঞ্চলৰ পথ-যোগাযোগ, শিক্ষা, স্বাস্থ্যলৈকে বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ কথা উল্লেখ কৰে। আজিৰ অনুষ্ঠানত অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ভীমানন্দ তাঁতী, দৰং জিলাৰ চাৰিখন চাহ বাগিচাৰ পৰিচালক চাৰিগৰাকী, বাগিচাৰ স্বাস্থ্য পৰিদৰ্শক, তেজপুৰৰ ডা: পি কে লহকৰ, ভাৰতীয় চাহ সন্থাৰ তেজপুৰ মণ্ডলৰ সোনম দাস, দৰঙৰ জিলা শ্ৰম বিষয়া প্ৰসেনজিৎ তালুকদাৰ আদিও উপস্থিত থাকে।