ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ  শ্ৰেষ্ঠ প্ৰকল্প নিৰ্বাচিতঃ অৱনী চন্দ্ৰ গোস্বামী  বটা লাভ

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ  শ্ৰেষ্ঠ প্ৰকল্প নিৰ্বাচিতঃ অৱনী চন্দ্ৰ গোস্বামী  বটা লাভ
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৩ চনৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ হাফলঙত অনুষ্ঠিত  ৰাজ্যিক পৰ্যায়ৰ সমাৰোহত নাজিৰাৰ বাউলি মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী দীপশিখা সিং ৰাজপুতৰ প্ৰকল্প শ্ৰেষ্ঠ বিবেচিত হয় । ‘পৰিস্থিতি তন্ত্ৰলৈ আঁহত গছৰ অৱদান ” শীৰ্ষক প্ৰকল্পৰ জৰিয়তে উচ্চ শাখাত শ্ৰেষ্ঠ প্ৰকল্পৰ সন্মান লাভ কৰি তেওঁ ”অৱনী চন্দ্ৰ গোস্বামী” বঁটা  লাভ কৰে ।  তেওঁ এতিয়াৰেপৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৰোহত অসমক প্ৰতিনিধিত্ব কৰাৰ  বাবে সুযোগ লাভ কৰিব ।তেওঁৰ প্ৰকল্পৰ সহযোগী আছিল বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰী পুণ্য দত্ত। শ্ৰেষ্ঠ প্ৰকল্পৰ সন্মান লাভ কৰাৰ বাবে দলপতি দীপশিখা সিং ৰাজপুত ২৬ জনীয়া অসম দলটোৰ অন্তৰ্ভুক্ত হব.। সহযোগী পুণ্য দত্তই গাইডৰ সৈতে ভাৰতীয় বিজ্ঞান মহাসভাত অংশগ্ৰহণৰ সুযোগ পাব।বাউলি মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মিতালী গোস্বামীৰ তত্ত্বাৱধানত আৰু বিজ্ঞান শিক্ষক অচ্যুত কলিতাৰ সহযোগত প্ৰকল্প সম্পাদন কৰা দীপশিখা সিং ৰাজপুত নাজিৰাৰ ফুলনিবাৰী নিবাসী দিলীপ সিং ৰাজপুত আৰু বিদ্যাৱতী ৰাজপুতৰ কন্যা।পুণ্য দত্ত সোন্দৰ পুখুৰী হুলাল গাঁও নিবাসী অতুল দত্ত আৰু তুলুমণি দত্তৰ কন্যা ।