বিৰোধী নেতা-নেত্ৰীসকলৰ এপল ফোন হেকিঙৰ ঘটনা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল

বিৰোধী নেতা-নেত্ৰীসকলৰ এপল ফোন হেকিঙৰ ঘটনা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা- জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মূখ্য কাৰ্যালয়ত বিৰোধী নেতা-নেত্ৰীসকলৰ এপল ফোন হেকিঙৰ ঘটনা সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। সংবাদমেলখন সম্বোধন কৰি সভাপতি ৰিপুণ বৰাই উক্ত ঘটনাটোৰ বাবে বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া বুলি দাবী কৰিছে। লগতে তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,” বিৰোধী নেতা-নেত্ৰীসকলৰ এপল ফোন হেকিঙৰ ঘটনাটোৱে আমাক শংকিত কৰি তুলিছে। ইয়াৰ আগতেও বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ভাৰতত বিৰোধী সকলৰ গতি-বিধি নিয়ন্ত্ৰণ কৰিবৰ বাবে পেগাছাছ আনিছিল। যি পেগাছাছে আনকি ভাৰতৰ নিৰাপত্তাৰ লগতো হেতালি খেলিছিল। সেই ঘটনাৰ তদন্ত শেষ নহওঁতেই পুনৰ বিৰোধী দলৰ নেতাৰ ফোন হেকিঙৰ ঘটনাক আমি অসম তৃণমূল কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিছো। আনহাতে কালি ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাটোক মিছা বুলি অভিহিত কৰিছে ৷ লগতে দেশৰ ঈৰ্ষণীয় উন্নতি দেখি জ্বলন হোৱা বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীজনে উল্লেখ কৰিছে । তেনেস্থলত তেখেতলৈ আমাৰ মুকলি প্ৰশ্ন, কিয় দেশৰ আগশাৰীৰ সাংবাদিক সকলে এই ভয়ানক সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে? কিয় দেশৰ চতুৰ্থ স্তম্ভ নিৰাপত্তাহীনতাত ভুগিছে ? অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াইহে ভূল কথা কৈ ৰাইজক বিভ্ৰান্ত কৰিব খুজিছে। আমি অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াৰ পদত্যাগৰ দাবী কৰিছো।ইয়াৰ উপৰিও ‘ইণ্ডিয়া’ মিত্ৰশক্তিৰ মল্লিকাৰ্জুন খড়গে, শশী থাৰুৰ, পৱন খেৰা, কে.চি. বেনুগোপাল, সুপ্ৰিয়া শ্ৰীনাতে, মহুৱা মিত্ৰ, অখিলেশ যাদৱ, ৰাঘৱ চাদ্দাকে ধৰি কেইবাগৰাকীও আগশাৰীৰ ৰাজনৈতিক নেতা হেকিঙৰ সন্মুখীন হবলগীয়া হৈছে। যদিও অশ্বিনী বৈষ্ণৱে উক্ত ঘটনাটোৰ তদন্ত ঘোষণা কৰিছে, আমাৰ সেই তদন্তৰ ওপৰত কোনো ধৰণৰ আস্থা নাই। সেয়া মাত্ৰ চৰকাৰক ৰক্ষণাবেক্ষণ দিয়াৰহে এক ব্যৱস্থা । আমি এই বিষয়টোত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ অধীনত তদন্ত হোৱাটো দাবী কৰিছো । বিজেপি চৰকাৰৰ আমোলত এনেবোৰ ঘটনাই অঘোষিত জৰুৰী অৱস্থাৰ সৃষ্টি কৰিছে। সকলো ৰাইজক দেশৰ সংবিধান আৰু গণতন্ত্ৰক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিবৰ বাবে আমি আহ্বান জনাইছো। মূলতঃ দেশৰ সাধাৰণ নিৰ্বাচন অহা বাবেই বিজেপি চৰকাৰে বিৰোধী নেতাসকলৰ ফোন হেকিং কৰিবলৈ উঠিপৰি লাগিছে বুলিও অসম তৃণমূল কংগ্ৰেছৰ সভাপতিজনে অভিযোগ কৰে ৷