শান্তিৰ ন’বেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীলৈ শ্ৰদ্ধা নিবেদিছোঁ – নাছিৰ আহমেদ

PC Mint
শান্তিৰ ন’বেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীলৈ শ্ৰদ্ধা নিবেদিছোঁ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ পথত  এসময়ত কৃষিকাৰ্য উদ্ভাৱন হোৱাৰ মাজেদি নাৰী-প্ৰধান সমাজ ব্যৱস্থা গঢ়ি উঠিছিল । পৰৱৰ্তী আনুষ্ঠানিক ধৰ্মসমূহ প্ৰৱৰ্তন হোৱাৰ পিছত নাৰীৰ স্থান অৱনমিত হৈ পুৰুষ -প্ৰধান সমাজ ব্যৱস্থা প্ৰতিষ্ঠা লাভ কৰিছিল। তাৰ পিছৰে পৰা নাৰীক ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ কৰি ৰাখি নাৰীক ঘৰৰ প্ৰসাধন সামগ্ৰী বা সন্তান জন্ম দিয়াৰ যন্ত্ৰ হিচাপে পুৰুষ -প্ৰধান সমাজে গণ্য কৰিবলৈ ধৰিলে। আৰু বাহিৰত নাৰীক পণ্য বা ভোগ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিলে। এনেকৈ পুৰুষ -প্ৰধান সমাজত নাৰী পুৰুষৰ দ্বাৰা শোষিতা, লাঞ্চিতা, বঞ্চিতা আৰু নিপীড়িতা হৈ এক দুৰ্বিসহ যন্ত্ৰণাৰ বোজা কঢ়িয়াই ফুৰিছে। তাৰ মাজতে পাশ্চাত্য দেশসমূহ, গণতান্ত্ৰিক ভাৱাপন্ন দেশ আমাৰ ভাৰতবৰ্ষ, বাংলাদেশ , মুছলমান জনসংখ্যা আধিক্যৰ দেশ ইন্দোনেছিয়া, মালয়েছিয়াত কিছুপৰিমানে হ’লেও নাৰীৰ স্বাধীনতা অক্ষুণ্ণ আছে। কিন্তু, কট্টৰপন্থী ইছলামিক ৰাষ্ট্ৰ ইৰানত নাৰীৰ সকলো মৌলিক অধিকাৰ কাঢ়ি লোৱা হৈছে। এই দেশত নাৰীয়ে স্বাধীন ভাবে চলাচল কৰাতো বাধা। ইৰানৰ ৰাষ্ট্ৰ নেতা নাৰীক ঘৰৰ বাহিৰত ওলালেই হিজাব বা বোৰ্খা পৰিধান কৰিবলৈ বাধ্য কৰা হয়।  আৰু কোনোবাই দোষী সাব্যস্ত হলেই মৃত্যুদণ্ড প্ৰদান কৰা হয়।  নাৰীৰ মৌলিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে কৰা দীঘলীয়া আন্দোলনৰ প্ৰতি সহমৰ্মিতা আৰু মৰ্য্যাদা প্ৰদৰ্শন কৰি   ২০০৩ চনত ছিৰিন আবাদীক ন’বেল বঁটা কমিটীয়ে  শান্তিৰ ন’বেল বঁটা প্ৰদান কৰিছিল। শান্তিৰ ন’বেল বঁটা বিজয়ী ছিৰিন আবাদীয়ে মানৱ অধিকাৰ সুৰক্ষাৰ বাবে ” ডিফেণ্ডডাৰচ অফ হিউমেন ৰাইটচ চেন্টাৰ” (Defenders of Human rights Centre) প্ৰতিষ্ঠা কৰিছিল। এই মানৱ অধিকাৰ সুৰক্ষা প্ৰদান কৰা কেন্দ্ৰৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ৫১ বছৰীয়া অভিযন্তা/ বিজ্ঞানী  তথা মানৱ অধিকাৰ কৰ্মী নাৰ্গিছ মহম্মদীয়ে ইৰানত নাৰীৰ ওপৰত কৰা শোষণ, নিৰ্যাতনৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল। তেওঁ ছাত্ৰ অৱস্থাতে নাৰীৰ সম-অধিকাৰ , গণতান্ত্ৰিক মৰ্যাদা আৰু দোষীক মৃত্যুদণ্ড প্ৰদান কৰাৰ বিৰুদ্ধে ছাত্ৰসকলৰ  পত্ৰিকা,  আৰু বাতৰিকাকতত  লেখা প্ৰকাশ কৰাৰ বাবে ইৰান চৰকাৰৰ বিৰুদ্ধে প্ৰপাগণ্ডা কৰাৰ অপৰাধত নাৰ্গিছ মহম্মদীক ছাত্ৰসকলৰ ৰাজনৈতিক সভাৰ পৰা গ্ৰেপ্তাৰ কৰি জেলত বন্দী কৰি ৰাখিছিল। নাৰ্গিছ মহম্মদীয়ে এজন বলিষ্ঠ সাংবাদিক হিচাপেও উদাৰ সংস্কাৰমূলক অনুষ্ঠানৰ বিভিন্ন পত্ৰিকাত  শক্তিশালী লেখা প্ৰকাশ কৰাৰ বাবেও তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিল। মুঠতে, ইৰান চৰকাৰে তেওঁৰ বিৰুদ্ধে পোন্ধৰ বাৰ কেচ দাখিল কৰিছিল , পাঁচ বাৰ তেওঁ দোষী সাব্যস্ত হৈছিল ; অথচ তেওঁক একত্ৰিশ বছৰৰ বাবে কাৰাদণ্ড বিহিছিল আৰু ১৫৪ বাৰ তেওঁক বেত্ৰাঘাত কৰিছিল। এনেকি ,তেওঁক স্বামী, সন্তানৰ লগতো যোগাযোগ কৰিব দিয়া নাছিল। তথাপি নাৰীৰ ত্ৰাণ-কৰ্তী নাৰ্গিছ মহম্মদীয়ে কেতিয়াও পৰাজয় স্বীকাৰ কৰা নাছিল। তেওঁ জেলৰ ভিতৰৰ পৰাই ইৰানত নাৰীৰ প্ৰতি কৰা অন্যায়, অত্যাচাৰ, ব্যাভিচাৰ, হত্যা, ধৰ্ষণৰ বিৰুদ্ধে বিভিন্ন অগ্নিবৰ্ষী লেখাৰ মাধ্যমত প্ৰতিবাদ চলাই গৈছিল। নাৰীৰ খেলৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি নাৰীক বলপূৰ্বক ভাৱে হিজাব বা বোৰ্খা পৰিধান কৰাবলৈ বাধ্য কৰাৰ বিৰুদ্ধেও ইৰান চৰকাৰক তীব্ৰ ভাবে ভৰ্ৎসনা কৰিছিল।বিশেষকৈ ২০২২ চনত মাত্ৰ ২২ বছৰীয়া গাভৰু ছাত্ৰী মহাছা আমিনি জিনাই ইৰান চৰকাৰৰ নাৰীৰ ওপৰত কৰা নিপীড়িনৰ বিৰুদ্ধে আন্দোলন কৰাৰ বাবে ষড়যন্ত্ৰমূলক ভাবে পুলিচৰ অধীনত তাইক হত্যা কৰাৰ প্ৰতিবাদত গোটেই ইৰানত লাখ লাখ নাৰীয়ে হাতত প্লে কাৰ্ড যোগে চৰকাৰৰ বিৰুদ্ধে ৰাস্তাত নামি শ্লোগান দিছিল । তেওঁলোকৰ মতো( Motto )আছিল women – Life – Freedom. এই আন্দোলনৰ নেতৃত্ব দিছিল নাৰ্গিছ মহম্মদীয়ে। যাৰ ফলত খৰ্গহস্ত হৈ ইৰাণ চৰকাৰে তেওঁৰ ওপৰত নিৰ্যাতন বৃদ্ধি কৰিছিল।নাৰীৰ সম অধিকাৰ, মানৱ অধিকাৰ সুৰক্ষা, মৃত্যুদণ্ড ৰেহাইৰ বিৰুদ্ধে আজীৱন সংগ্ৰামী ,সাহসী মানৱ অধিকাৰ কৰ্মী জেলত বন্দী নাৰ্গিছ মহম্মদীক ( যাৰ নামৰ অৰ্থ নাৰ্গিছ ফুলৰ দৰে সুন্দৰ) ২০২৩ চনৰ শান্তিৰ ন’বেল বঁটা বিজয়ী বুলি ঘোষণা কৰি নৰৱেৰ ন’বেল কমিটিৰ চেয়াৰমেনে নাৰ্গিছ মহম্মদীক মুক্তিযোদ্ধা বুলি ঘোষণা কৰিছে। এই গৰাকী সাহসী মুক্তিযোদ্ধাই লিখা গ্ৰন্থত,” White Torture : Inside Iran’s prisons for women” জেলত বন্দী কৰি ৰখা নাৰীক ইৰান চৰকাৰে কৰা নিৰ্যাতনৰ এক কৰুণ ছবি দাঙি ধৰিছে; এনেকি বন্দী নাৰীক শাৰীৰিক শোষণ কৰা বুলিও তেওঁ গ্ৰন্থখনত উল্লেখ কৰিছে।শান্তিৰ ন’বেল বঁটা বিজয়ী নাৰী আৰু মানৱ অধিকাৰ সুৰক্ষা কৰাৰ বাবে অহৰহ আজীৱন সংগ্ৰাম কৰি যোৱা নাৰ্গিছ মহম্মদীলৈ শ্ৰদ্ধা নিবেদিছোঁ।