পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল

পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল

ৰঙিলী বাৰ্ত্তাসেৱা– পৰ্যটকৰ বাবে আজি মুকলি হ’ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল। অগৰাতলিৰ বনাঞ্চলিক বিষয়া, সহকাৰী বন সংৰক্ষকৰ উপস্থিতিত অগৰাতলি জীপ ছাফাৰী সন্থাই প্ৰথমটো যাত্ৰাৰে মুকলি কৰে বনাঞ্চলখন।গতে কহঁৰা আৰু বাগৰি বনাঞ্চলত হাতী ছফাৰী মুকলি কৰা হয়।আনবছৰৰ তুলনাত এই পৰ্যটন বৰ্ষৰ আৰম্ভণিতেই কাজিৰঙালৈ যথেষ্ট সংখ্যক বিদেশী পৰ্য্যটকৰ আগমন ঘটা পৰিলক্ষিত হৈছে।যিহেতু আজি হাতী ছাফাৰী মুকলি কৰা হৈছে এতিয়াৰে পৰা আৰু অধিক পৰ্যটকৰ আগমণ ঘটিব বুলি সকলো আশাবাদী।