ধুমুহা – ইভা গন্ধীয়া ফুকন

PC - iStock
ধুমুহা
ইভা গন্ধীয়া ফুকন
উৰুখা পঁজাৰ উৱলি যোৱা ফুটাৰে
হঠাৎ অহা ধুমুহাজাকে
টেবুলত থকা ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াব ধৰিলে
প্ৰথম পৃষ্ঠাৰ পুৱাৰ ৰংবোৰ জিলিকি আছিল
ক্ৰমাৎ দুপৰীয়া হৈ কোলাহল এটাৰ মাজেৰে সৰকি
ডায়েৰীখন ভাগৰুৱা হৈ আবেলি এটা পাৰি শুই পৰিছিল
সপোনৰ কেনভাছ এখন মেৰিয়াই লেটা এটা হ’ম বুলি
সপোনৰ ভৰত ক্ৰমে তীব্ৰতৰ হৈছিল জীৱন
সাজিছিল অট্ৰালিকা
আঁক -বাক কৰি আখৰ , যুক্তাক্ষৰ, বাক্য
যতিচিহ্ন লাগি ব্যাকৰণ
শেষ হ’ল কি নহ’ল ধুমুহা
ধুলিৰে ধুসৰিত পৃষ্ঠা বোৰ জোকাৰি
শেষ পৃষ্ঠাটোৱে ডায়েৰীখনক আকৌ
লুটিয়াবলৈ শিকালে জীৱন এটি
নিৰবিছিন্ন চিয়াঁহীৰ সোতে  সোতে
ইখনৰ পিছত সিখন
ভাঁহি আহিল জীৱনৰ ছবি
উশাহৰ বাটত ঘনে ঘনে সৰে দুখৰ ছবি
পেৰা ভৰি থকা হেঁপাহ
ৰ’দৰ ফুল, পাহাৰৰ ফুল, শব্দৰ শ্যামলীমা
দীঘে বাণিয়ে সপোনৰ অগাদেৱা
জ্বলি যায় শেষ হৈ যায়
আকৌ জী উঠে
জীৱন জীয়াবলৈ !!