এজাক বৰষুণ বিচাৰি – সবিতা বেগম

এজাক বৰষুণ বিচাৰি
সবিতা বেগম, বৰপেটা
প্ৰতীক্ষাৰ জাপি মূৰত লৈ
ৰৈ থাকোঁ নীৰৱে অকলশৰে
আকাশখনলৈ অধীৰ হৈ ওৰেটো নিশা
গতি পথৰ নিৰীক্ষণৰ প্ৰয়াস কৰি ,
পাৰ হৈ গ’ল কেইবাটাও বসন্ত
উমানেই নাপালোঁ ,
বুজিম কেনেকৈ…!!!
জানা,
এতিয়া আৰু
ভেকুলীৰ বিয়া দিয়াৰ
একেবাৰেই মন নাই…!!!