আন্ধাৰ মাথোঁ আন্ধাৰ তাত
মুন শৰ্মা, লখিমপুৰ
হিংসা দেখোন বেছি হৈ গৈয়ে আছে,কি হ’ব আমাৰ! তুমি মই বিয়া নকৰা হেঁতেন ভাল আছিল নেকি বাৰু?হাজাৰ সংশয়ৰ মাজতে গছ জোপাৰ তলত মাজ নিশা ভুকে পিয়াহে নিশাৰ আন্ধাৰৰ সুযোগ লৈ আত্মগোপন কৰি থকা প্ৰেমিক প্ৰেমিকা হালৰ কথোপকথন এইয়া। মনত দুখ উপজিছে, কিবা যেন ডাঙৰ অপৰাধ এটা সিহঁতে কৰি পেলালে তেনে ভাবে মনত খুচিব লাগিছে সিহঁতক।আজি এমাহৰো অধিক হৈ গ’ল, এটা সৰু ঘটনা বিয়পি পৰি গোটেই অঞ্চলটোতে কাল হৈ ধুমুহা ৰূপ ললে।সিহঁত ভবা নাছিল কোনোদিনে, সিহঁত কি আন কোনেও ভবা নাছিল এই সময় য়েই যে অপেক্ষাত আছিল!কিছু লোকৰ উচতনি কিছু লোকৰ উৰাবাতৰি কিছু লোকৰ কিছু নকৰিব লগা কামৰ বাবেই আজি এই অৱস্থা, য’ত নাই কোনো শান্তি, চাৰিদিশে মাথোঁ অৰ্তনাদ,ভয় লগা এক পৰিৱেশ বিৰাজমান।আচলতে এই পৰিস্থিতি আৰম্ভনি হৈছিল দুখন কাষৰীয়া গাঁৱৰ দুটা বেলেগ জাতিৰ প্ৰেমিক প্ৰেমিকা এহালৰ মাজত হোৱা বিবাহৰ বাবে। দুটা বেলেগ জাতিৰ যুৱক-যুৱতী সিহঁতে সমাজ ব্যৱস্থা বিৰুদ্ধে গৈ মনে মনে বিয়াত বহিছিল। কিন্তু বেছি সময় সেই কথা লুকাই নাথাকিল পিছ দিনা কথাটো যেতিয়া প্ৰচাৰ হৈছিল প্ৰথমে সৰু এক আলোচনাত ইয়াৰ বিচাৰ হৈছিল আৰু অন্ত পাৰিছিল। কিন্তু দুৰ্ভাগ্য লাহে লাহে খুব কম দিনৰ ভিতৰত ই লৈছিল নতুন মোৰ।প্ৰথমে এজন তাৰ পাছত আৰু এজন এনেকৈ এদিন এদিন কৈ বহু লোকে ইয়াৰ বিৰোধ আচৰণ কৰিলে ফলত এদিন ই কাজিয়াৰ ৰূপ ললে। অন্ত নপৰা এই কাজিয়া খন ইটো পাছত সিটো মানুহ যোগ হৈ থকাত ই বহল হৈ পৰিল।ইয়াৰ সুযোগ ললে শান্তি, সম্প্ৰতি মিলন এক আদৰ্শ হোৱা গাঁও দুখন নষ্ট কৰাৰ অভিসন্ধি কৰিব বিচাৰি থকা কাষৰ গাঁৱৰ কিছু অধম মানুহে। আগত বাৰে বাৰে চেষ্টা কৰি বিফল হোৱা তেওঁলোক কিন্তু এইবাৰ সিহঁত অহৰহ চেষ্টা কৰি সফল হ’ল। যিয়েই কৰি তুলিলে গাঁওৰ দুখনৰ মানুহৰ মাজত ঘিনা মনোভাৱ তাৰ বাবেই মাৰপিট,উৎপাত আন কি হত্যা,ধৰ্ষণ আদি আহিবলৈ সুযোগ পালে। ক্ষান্ত থকা নাছিল গাঁৱৰ মানুহ খিনিৰ মাজতে দিন যোৱাৰ লগে লগে বাকী কাষৰীয়া গাওঁ বোৰত আৰম্ভ হ’ল দুইটা জাতিৰ মাজত সংঘাত। অৰ্থাৎ গোটেই অঞ্চল এই জুই বিয়পি পৰিল।পুলিচ, প্ৰশাসনে বহুত চেষ্টা কৰিও দমন কৰিব পৰা নাই ইয়াক। বহু উপায় অৱলম্বন কৰিলে কিন্তু হোৱা নাই কোনো পৰিবৰ্তন ইয়াৰ। তাৰ বাবেই আজি সেই উঠি অহা ল’ৰা ছোৱালী হালে কান্দিছে ইজনে সিজনৰ মুখলৈ চাই। বহুতে কয় সিহঁতে কৰা ভূলেই আজি দশা।কিন্তু আচলতে তেনে নহয়।ভুল হৈছে কিছু মানুহৰ মানসিকতা বাবেই। দুটা জাতিৰ মাজত সংঘাত আলোচনা মাধ্যমেৰে অন্ত কৰিব পাৰিলে হেঁতেন কিন্তু ইয়াক নকৰি হিংসাৰে অন্ত কৰাৰ যি পথ তেওঁলোকে সেয়া হে ইয়াৰ ভুল। যাৰ বাবেই আজি অঞ্চলটোৰ চাৰিফালে শান্তি বুলিব নাই, মানুহ মৰিছে জুই জ্বলিছে, মৃতকৰ কফিন বঢ়িছে কাষত আত্মীয় কৰুণ ভাবে বিনাইছে আৰু মৰিশালিত মানুহৰ সমাগম বাঢ়িছে। কোনেও ভবা নাই আজিও হিংসাই দিয়ে কি!মাথোঁ ঠেলি দিছে নিজৰ জাতিক আৰু নিজৰ অঞ্চলক ভৱিষ্যতৰ বাবে এক বিৰাট আন্ধাৰৰ মাজৰ এখন জগতলৈ য’ত বৈ থাকে অহৰহ চকুপানীৰ এখনি বিশাল নৈ।