মানুহ আছে মানৱতা নাই – এছ ইছলাম

Pc- Kashmir Reader
মানুহ আছে মানৱতা নাই
এছ ইছলাম, শিক্ষক, বৰপেটা
প্ৰাচীন কালৰ পৰাই নাৰীক সন্মান দিয়া হৈছে। নাৰীক পূজা কৰা হয়।নাৰী নিৰ্যাতন কেৱল মদগৰ্বী যৌন বিকৃতি গ্ৰস্থ ক্ষমতা লোভী পুৰুষৰ বাবে সহিব লগা হয়। মহাভাৰতৰ দুৰ্যোধন-দুঃশাসন আৰু স্বৰ্ণ লংকাৰ ৰাৱণ তাৰ উদাহৰণ।মধ্যযুগত নাৰীয়ে শালীনতা ৰক্ষা কৰি দিল্লীৰ সিংহাসনত বহিছিল। চুলতানা ৰেজিয়া তাৰ জলন্ত প্ৰমাণ। ভাৰতৰ স্বাধীনোত্তৰ কালতো দিল্লীৰ সিংহাসনত নাৰীৰ দখল আছিল। প্ৰয়াত প্ৰধান মন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধী ও ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা দেৱী সিং পাটিল তাৰ স্পষ্ট উদাহৰণ।আমাৰ অসমতো নাৰী উচ্চ পদমৰ্যদা লাভ কৰিছিল। আহোম ৰাজকুঁৱৰী ৰাণী ফুলেশ্বৰীৰ হাতত শাসনৰ বাঘজৰী আছিল।সন্দিকৈ আইদেউ প্রথম বোলছবি জগতৰ নায়িকা আছিল।মূলাগাভৰ, কনকলতা আদি নাৰীয়ে নিজ দক্ষতাৰে বুৰঞ্জীত পাতত নাম ৰাখিছিল। যিখন দেশত যোনি পূজা কৰা হয়, যিখন দেশত লিংগ পূজা কৰা হয়, সেইখন দেশত নাৰী ধৰ্ষণ কোনো পথ্যেই সম্ভৱ নহয়। ই কেৱল বিকাৰগ্ৰস্থ, মানৱতাহীন নৰপিশাচ স্বভাৱৰ মানুহৰ বাবে সম্ভৱ। দ্বিতীয়ে, আমাৰ মাজত পাশ্চাত্য সভ্যতা-সংস্কৃতিয়ে দেখা দিয়া বাবে নাৰী নিৰ্যাতন হ’বলৈ পাইছে। তৃতীয়তে, নাৰী উচ্চ শিক্ষাৰে শিক্ষিত হ’ব লাগিব তেতিয়াহে নাৰী নিৰ্যাতন বন্ধ হ’ব বুলি মোৰ বিশ্বাস। চতুর্থতে, চৰকাৰে নাৰী নিৰ্যাতন কাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা ল’লেহে অধিক ফলপ্রসূ হ’ব।নাৰীয়ে লক্ষী-সৰস্বতী, কালী-দূৰ্গা ৰূপে পূজিত হৈছে।নাৰীয়ে আই,ছোৱালী-বোৱাৰী স্ত্রী-সহধৰ্মীনি। অথচ সেইজন নাৰী হয় ধৰ্ষিতা। ই কেৱল পুৰুষৰ জ্ঞানৰ অভাৱ, মদমত্ত পাষণ্ড, নৰপিশাচ আৰু মানৱতাহীন স্বভাৱৰ বাবেই হ’বলৈ পায়।জোনমনি ৰাভাৰ মৃত্যু, মণিপুৰী ছোৱালী দলবদ্ধ ধৰ্ষণ ইয়াৰ জলন্ত উদাহৰণ।