মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডি এন এল এৰ ১৮১জন প্রাক্তন সদস্যৰ অস্ত্ৰ সম্বৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডি এন এল এৰ ১৮১জন প্রাক্তন সদস্যৰ অস্ত্ৰ সম্বৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিএনএলএ ( ডিমাচা নেচনেল লিবাৰেচন আৰ্মী )ৰ ১৮১জন প্রাক্তন সদস্যই অসমত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দিশে আৰু এখোজ আগুৱাই আহি অস্ত্র সম্বৰণ কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অস্ত্র সম্বৰণ কৰা ডিএনএলএ সদস্যসকলক ৪ লাখ টকাকৈ ফিক্সড ডিপ’জিটৰ চেক প্ৰদান কৰে। আনহাতে উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিমা হাছাও জিলাৰ বিকাশৰ নতুন দিগন্ত মুকলি কৰি ৫৫ কোটি টকা ব্যয়সাপেক্ষে কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰে। ২৩ কোটি টকা ব্যয়সাপেক্ষে আওপুৰৰ একলব্য আদর্শ আৱাসিক বিদ্যালয়, হাতীখালিত ১২ কোটি টকা ব্যয়সাপেক্ষে আদর্শ স্নাতক মহাবিদ্যালয়, হাফলঙৰ ছট’ ৱাপুত ৭ কোটি টকা ব্যয়সাপেক্ষে পলিটেকনিক, হাফলঙত ১০ কোটি টকা ব্যয়সাপেক্ষে থলুৱা সামুহিক সাংস্কৃতিক অনুশীলন কেন্দ্ৰ আৰু ৩ কোটি টকা ব্যয়েৰে জলজীৱন মিছনৰ অধীনত গুঞ্জুং নল পানী যোগান আঁচনিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰে। এই উপলক্ষে হাফলঙৰ জিলা ক্রীড়া সস্থাৰ খেলপথাৰত আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ডিএনএলএৰ নেতা আৰু সদস্যসকলে অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ পথেৰে আগুৱাই যোৱাৰ বাবে আগবাঢ়ি আহিছে। ২০১২ চনত ডিএইচডিৰ সৈতে স্বাক্ষৰিত হোৱা চুক্তিয়ে জিলাখনলৈ শান্তিৰ পৰিৱেশ বহুলাংশে ওভতাই অনাৰ লগতে উন্নয়নৰ দিশতো নতুন যাত্ৰা আৰম্ভ হয়। সেই সময়ত ডিএনএলএৰ সদস্যসকল মূলসুঁতিলৈ উভতি অহা নাছিল যদিও চৰকাৰে তেওঁলোকক আলোচনাৰ মেজলৈ অনাৰ বাবে নিৰৱচ্ছিন্ন প্রয়াস চলাইছিল। ২০২১ চনৰ ২৪ ছেপ্টেম্বৰত ডিএনএলএ-য়ে যুদ্ধবিৰতি ঘোষণা কৰা আৰু ইয়াৰ পিছত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে। ডিমা হাছাওৰ বুদ্ধিজীৱী নাগৰিক সমাজে এইক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। ইয়াৰ ফলতে আজি অস্ত্ৰ সম্বৰণ প্ৰক্ৰিয়াটো সম্ভৱ হৈ উঠে। ইয়াৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ডিএনএল এৰ সদস্যসকললৈ অভিনন্দন জ্ঞাপন কৰে। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা আঢ়ৈ বছৰে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে চলাই অহা প্ৰয়াসৰ ফলত প্ৰায় সকলোবোৰ জনজাতীয় উগ্ৰপন্থী সংগঠনৰ সদস্যসকল মূলসুঁতিলৈ উভতি আহিছে। এনডিএফবি, আদিবাসী, কাৰ্বি, ডিমাচা উগ্রপন্থী সংগঠনসমূহে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ ফলত ৭,২২৯ জনতকৈ অধিক সদস্যই আত্মসমৰ্পণ কৰিছে আৰু এক শান্তিৰ বাতাৱৰণ গঢ়ি তোলাত সহায় কৰিছে। তেওঁলোকে ১,৭০০ স্বয়ংক্রিয় অস্ত্রও জমা দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আলফা (স্বা)ও এদিন আলোচনালৈ আহিব বুলি আশা ব্যক্ত কৰি কয় যে প্ৰায় সকলোবোৰ বিদ্ৰোহী সংগঠনে ইতিমধ্যে আলোচনালৈ আহিছে। তেওঁলোক কিয় বাদ পৰি থাকিব লাগে? তেওঁলোকো এদিন আহিব। অৱশ্যে কেতিয়া আহিব, কেনেকৈ আহিব সেই বিষয়ে নাজানো। কিন্তু লাহে লাহে আগবাঢ়ি যাব লাগিব। কেআৰএ, কেএলএ/কেএলঅ’, ইউকেডিএ আৰু এইচপিচি (ডি) ৰ সৈতে আলোচনা প্ৰক্ৰিয়া চলি আছে আৰু এই সংগঠনসমূহৰ সৈতেও শাস্তি চুক্তি স্বাক্ষৰিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।  উক্ত অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা, শক্তিমন্ত্রী নন্দিতা গার্লোছা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙো উপস্থিত থাকে।