আত্মা
সবিতা বেগম
ৰাধাকুছি, বৰপেটা
কাৰেন্ট গুচি যোৱাত ৰাজেশ টেবুলৰ ওপৰত মূৰটো ৰাখি ছয়াময়া টোপনি গৈছে , প্ৰকাশ ইতিমধ্যে টোপনি গ’ল , কলেজত কালি প্ৰথম দিন। লাইটো হঠাৎ জ্বলি উঠিল চাওঁতে চাওঁতে আকৌ নুমি গ’ল , কেইবাবাৰো তেনেকুৱা হ’ল। ৰাজেশৰ ধাৰণা ইয়াৰ কাৰেন্ট ইমানেই বেয়া নেকি। প্ৰায় বাৰটা বাজিবৰ হ’ল। ৰাজেশ টোপনি গ’ল। পিছদিনা দিনটো ভালেই গ’ল নতুন কলেজ নতুন নতুন বন্ধু। ৰাতি দুয়ো পঢ়িব বহিল । ৰাজেশৰ মূৰটো যেন অলপ ওজন ওজন লাগি থকাত আগধৰি শুই দিলে। প্ৰকাশ বহি আছে হঠাৎ লাইটো নুমি গ’ল। আকৌ জ্বলি উঠিল চাওঁতে চাওঁতে কেইবাবাৰো হ’ল প্ৰকাশৰ গাটো শিয়ৰি উঠিল। যেন চোতালত কোনোবা এজনী কৰুণ সুৰে কান্দি আছে। প্ৰকাশ লাহে লাহে ৰাজেশৰ ওচৰত গৈ, ৰাজেশক মাতি টৰ্চ লৈ লাহে লাহে চোতালৰ ফালে যাবলৈ ওলাল। পিছফালৰ পৰা বৃদ্ধ এজনে ভঙা ভঙা মাতেৰে ক’লে — ” বোপাহত সিফালে নাযাবা। ” দুয়োৰে গাৰ লোম শিয়ৰি উঠিল পিছফালে চাই দেখে কোনো নাই। লৰালৰিকৈ ভিতৰত সুমাই আহিল। ৰাতিটো পাৰ হ’ল কোনোমতে । প্ৰকাশৰ বহুত জ্বৰ। ৰাজেশ প্ৰকাশক ৰুমত থৈ কলেজত গ’লে। যেন ক্লাছ কৰা সময়তো কানত ৰাতিৰ কান্দোনৰ সুৰ যেন ভাঁহি আহে। ৰাজেশ ৰুমত সোমাই প্ৰকাশক বহুত বিচাৰিলে কʼতো নাপালে , ৰাজেশৰ ধাৰণা হয়তো গাটো ভাল লগাত বাহিৰত ফুৰিব গৈছে । ৰাতি প্ৰায় এঘাৰটা বাজি গ’ল প্ৰকাশৰ কোনো খবৰ নাই। ৰাজেশ প্ৰকাশক ফোন কৰিলে , ফোন ৰিচিপ কৰি ক’লে — ” ৰ মই আহি আছোঁ ” , কিন্তু কোনো খবৰ নাই , চিন্তাত পৰিল ৰাজেশ , আকৌ ফোন কৰিলে প্ৰকাশক … প্ৰকাশ ভঙা ভঙা মাতেৰে ক’লে — “হেৰ ভাই মোক লৈ যা গাটো একেবাৰেই ভাল লগা নাই । ” টৰ্চটো লৈ ওলাই আহিল ৰাজেশ , বহুত বিচাৰিলে কিন্তু কʼতো নাপালে প্ৰকাশক। সন্মূখৰ বাগিচাত কান্দোনৰ কৰুণ সুৰ , আগুৱাই গ’ল লাহে লাহে ক্ৰমাগত কান্দোনৰ সুৰ আৰু বেছি হ’ল। যেন কোনোবা ছোৱালী –” মোক বচোৱা বচোৱা বুলি চিঞৰি আছে”… ।
আজিৰ পৰা প্ৰায় তিনি বছৰ আগতে দিপক নামৰ ল’ৰাই নন্দিতা নামৰ ছোৱালী এজনীক বহুত ভাল পাইছিল , নন্দিতা বহুত বিশ্বাস কৰিছিল দিপকক । যদিও ছয় মাহৰ চিনাকি আৰু তিনি মাহৰ সম্পৰ্ক । এদিন নন্দিতাৰ বান্ধবী পপী দিপকক পিংকী নামৰ এজনী ছোৱালীৰ লগত মনোৰঞ্জন কৰা দেখা পাই অবাক হ’ল আৰু নন্দিতাক লগ ধৰি সকলো কথা কৈ দিলে। পপী ছোৱালী জনীক পৰা জানিব পাৰিলে যে দিপক ছোৱালী জনীৰ হ’ব লগীয়া স্বামী। তেতিয়া পপী বান্ধবী নন্দিতাৰ লগত কেইবামাহ ধৰি সম্পৰ্ক থকাৰ কথা ক’লে। পিংকি কথাষাৰ শুনি বাৰুকৈ অবাক হ’ল। পিংকি দিপকক লগ ধৰি নন্দিতাৰ কথা ক’লে , দিপক প্ৰথমে অস্বীকাৰ কৰিলে যদিও শেষত মানি লবলৈ বাধ্য হ’ল … আৰু ভিন্ন কথাৰ শেষত কাজিয়া লাগিল দুয়োৰে মাজত … । দিপক আছিল স্বাৰ্থপৰায়ন লোভী স্বভাৱৰ । নিজৰ ৰূপটো ধৰা পৰাত , মিছাতে নানা ভাবে দোষাৰোপ কৰিলে নন্দিতাক শেষৰ নিজৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰাত , ক্ষমা খোজাৰ নাটক কৰি ৰুম এটাত নি নন্দিতাক ফাচি লগাই মাৰি পেলালে ।
চকিদাৰজনে ৰাজেশক আৰু বহুতো কথা বিৱৰি ক’লে, অপৰাধী দিপক এতিয়া জেলত নিজৰ ভুলৰ শাস্তিৰ বাবে … । সিদিনাৰ পৰা এই কলেজত ল’ৰা ছোৱালী বিলাকে প্ৰায়ে ভিন্ন বাবে ভয় পায় আৰু কেতিয়াবা কান্দোনৰ শব্দ শুনিবলৈ পায় । অমাৱস্যা ৰাতি বছৰত দুই চাৰি জন ল’ৰা নিখোজ হৈ যায় , বিশেষকৈ যিবিলাক ল’ৰাই ছোৱালীক প্ৰতাৰণা কৰিছে তেনেকুৱা ল’ৰাক নিখোজ কৰি পেলায় , মানুহ বিলাকে ঘটনাৰ উমানেই নাপায়। নন্দিতাৰ আত্মা এইখন কলেজতেই ঘুৰি ফুৰে। হঠাৎ ৰাজেশ চকিদাৰ জনক কৈ উঠিল –” হয়, হয় প্ৰকাশ এজনী ছোৱালীক প্ৰেমৰ নামত প্ৰতাৰণা কৰিছে শেষত উপায়হীন হৈ ছোৱালী জনী আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। ” হঠাৎ কান্দোনৰ কৰিছে শব্দ বাঢ়ি আহিল । লাহে লাহে দুয়ো আগুৱাই গৈ দেখিবলৈ পালে প্ৰকাশৰ নশ্বৰ দেহটো মাটিত তেজেৰে লুতুৰি-ফুতুৰি হৈ পৰি আছে ….। অলপ পিছত পিছফালে চাই দেখে তাত চকিদাৰজনো নাই … ।