নাজিৰাত পৌৰকৰ , ব্যৱসায়ীক অনুজ্ঞাপত্ৰৰ মাচুল মুল্যবৃদ্ধিৰ প্ৰতিবাদত নাগৰিকৰ প্ৰতিবাদী সমদল

নাজিৰাত পৌৰকৰ , ব্যৱসায়ীক অনুজ্ঞাপত্ৰৰ মাচুল মুল্যবৃদ্ধিৰ প্ৰতিবাদত নাগৰিকৰ প্ৰতিবাদী সমদল : মহকুমাধিপতিক স্মাৰক পত্ৰ                     

যদুমণি হাজৰিকা, নাজিৰা ,ৰঙিলী বাৰ্ত্তাসেৱা- পৌৰকৰ আৰু ব্যৱসায়ীক অনুজ্ঞাপত্ৰৰ মাচুল বৃদ্ধি কৰি জনগণক মাধমাৰ সোধাইছে নাজিৰা পৌৰসভাই । নাজিৰা পৌৰসভা আৰু চৰকাৰৰ এনে অবিবেচক আৰু জনগণ বিৰোধী কাৰ্য – কলাপৰ প্ৰতিবাদ জনাই বিভিন্ন সময়ত বহু দল – সংগঠন , ৰাইজে ৰাজপথলৈ ওলাই আহি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি চৰকাৰ তথা ব বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো কোনো সহাঁৰি জনোৱা পৰিলক্ষিত হোৱা নাই । নাজিৰা পৌৰসভা আৰু চৰকাৰৰ এনে জনস্বাৰ্থ বিৰোধী কাৰ্যৰ বিৰোধিতা কৰি নাজিৰা নাগৰিক সমিতিয়ে বহুবাৰ আবেদন – নিবেদন , স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে পৌৰকৰ দাতা ৰাইজৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ আহ্বান জনোৱাৰ পিছতো নাজিৰা পৌৰসভা কৰ্তৃপক্ষই কোনো ভ্ৰুক্ষেপ নকৰি সিদ্ধান্ত বাহাল ৰাখে । ইয়াৰ প্ৰতিবাদত আজি নাজিৰা নাগৰিক সমিতিৰ উদ্যোগত নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণৰ পৰা নাজিৰা মহকুমাধিপতি কাৰ্য্যালয় প্ৰাংগণলৈকে ধৰ্ণা – সমদল বাহিৰ কৰে । নাজিৰা নাগৰিক সমিতিৰ আহ্বান মৰ্মে ভাৰতীয় জাতীয় কংগ্ৰেছ , চি পি আই , অসম জাতীয় পৰিষদ, আম আদমী পাৰ্টি , অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদ , বীৰ লাচিত সেনা ,নাজিৰা ব্যৱসায়ীসকল , অনুসূচীত জাতি যুৱ – ছাত্ৰ পৰিষদ আদিকে ধৰি ভালেকেইটা দল-সংগঠনৰ প্ৰতিনিধি আৰু শতাধিক নাগৰিকে পৌৰসভা আৰু চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰা , মুল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনাই প্ৰতিবাদী সমদল বাহিৰ কৰে আৰু নাজিৰা নাগৰিক সমিতিৰ সভাপতি প্ৰভাত বৰঠাকুৰ , কাৰ্যকৰী সভাপতি সত্যনাৰায়ন কৰ , সম্পাদক বিমল আগৰৱালাৰ স্বাক্ষৰেৰে নাজিৰা মহকুমাধিপতিক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ পিছতো সিদ্ধান্ত বাতিল নকৰিলে নাজিৰা নাগৰিক সমিতিয়ে আইনৰ জৰিয়তে আদালতৰ কাষ চাপিব বুলি স্পষ্ট কৰে।