ড০ আদিল উল য়াচিন, ডo ৰাজীৱ সন্দিকৈ, ডo চন্দন কুমাৰ শৰ্মাৰ ভাষণ:: ডিব্ৰুগড়ত কেন্দ্ৰীয় ফাতেহা-ই- দোৱাজ দহম উদযাপনৰ সমাপ্তি 

ড০ আদিল উল য়াচিন, ডo ৰাজীৱ সন্দিকৈ, ডo চন্দন কুমাৰ শৰ্মাৰ ভাষণ:: ডিব্ৰুগড়ত কেন্দ্ৰীয় ফাতেহা-ই- দোৱাজ দহম উদযাপনৰ সমাপ্তি 

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- “এজন মানুহক বিনা কাৰণত হত্যা কৰা মানে সমগ্ৰ মানৱ জাতিক হত্যা কৰা আৰু এজন মানুহৰ প্ৰাণ ৰক্ষা কৰা মানে সমগ্ৰ মানৱ জাতিৰ প্ৰাণ ৰক্ষা কৰা” । যোৱা ৮ অক্টোবৰ তাৰিখে ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰৰ ঈদগাহত অনুষ্ঠিত কেন্দ্ৰীয় ফাতেহা -ই দোৱাজ দহম উপলক্ষে অনুষ্ঠিত আলোচনা চক্ৰ খনিত সঞ্চালকৰ ভাষণত বিশিষ্ট শিক্ষাবিদ, সু-বক্তা, তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী প্ৰাধ্যাপক ডo আদিল উল য়াচিনে পৱিত্ৰ কোৰআনৰ ব্যাখ্যা উল্লেখ কৰি এই মন্তব্য আগবঢ়ায়। তেওঁ কয় যে ২০০১ চনৰ ১১ছেপ্টেম্বৰত আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেন্টাৰ ধ্বংস কৰাৰ পাছৰ পৰা পশ্চিমীয়া দেশ সমূহে সমগ্ৰ মুছলিম সমাজ খনকে সন্ত্ৰাসবাদী বুলি প্ৰচাৰ চলাই আহিছে। প্ৰকৃততে সকলো মুছলমান সন্ত্ৰাসবাদী নহয়; সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, জাতি নাই। তেওঁ আৰু কয় যে পৱিত্ৰ কোৰআন বুজিবলৈ হ’লে ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মহম্মদৰ (ছ) জীৱনী অধ্যয়ন কৰিব লাগিব। “ইছলামিক ৰীতি-নীতিৰ অপব্যাখ্যা আৰু অজ্ঞতাই বৰ্তমানৰ বিশ্বব্যাপী দেখা দিয়া ক্ৰমবৰ্দ্ধমান ইছলামিক আতংকৰ মূল কাৰণ”- শীৰ্ষক আলোচনা চক্ৰত অংশ গ্ৰহণ কৰি বিশিষ্ট বুৰঞ্জীবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডo ৰাজীৱ সন্দিকৈয়ে কয় যে কোৰআনত ন্যায়ৰ কথা কোৱা হৈছে । মুছলিম দেশ কিছুমানত বোমা বিস্ফোৰণত মানু্হৰ মৃত্যু হ’লে বা যুদ্ধ বিগ্ৰহ হ’লে পশ্চিমীয়া দেশবোৰে হাঁহে, কিন্ত্ত শান্তিৰ কাৰণে কোনোৱে সমাধানৰ পথ উলিয়াবলৈ চেষ্টা নকৰে। লগতে তেওঁ সৰু সৰু সাঁকো বোৰ লগ লগাই আমি এখন বৃহত্তৰ সমন্বয়ৰ সাঁকো গঢ়িব পাৰো বুলিও উল্লেখ কৰে । মহিলাৰ সম্পত্তিৰ সম অধিকাৰ দিয়াৰ কথা কোৰআনত কোৱা আছে। সম্প্ৰীতিৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে ডিব্ৰুগড় খন সঁচাকৈয়ে সম্প্ৰীতিৰ মিলনভূমি। আমি হিন্দু মুছলমান সকলোৱে যুগ যুগ ধৰি মিলাপ্ৰীতিৰে বসবাস কৰি আহিছোঁ। আফগানিস্তানৰ তালিবানি সকলৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই সকলে ছোৱালীক স্কুললৈ যাবলৈ নিদিয়ে ধৰ্মৰ দোহাই দি, যিটো ইছলামিক চিন্তা চৰ্চাৰ সম্পূৰ্ণ পৰিপন্থী । “মিলাদুন নবী”অৰ্থাৎ ফাতেহা- ঈ- দোৱাজ দহম উপলক্ষে ইমৰান হুছেইনে সম্পাদনা কৰা স্মৰণিকা “সাঁকো ” উন্মোচন কৰি ডিব্ৰুগড় বিশ্ববিদ্যাল়য়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডo চন্দন কুমাৰ শৰ্মাই কয় যে সকলোতে ভিন্ন ভাষা, ভিন্ন সংস্কৃতি থাকিবই । সেই সমূহৰ মাজত সমন্বয় ৰক্ষা কৰাটোহে গুৰুত্ব পূৰ্ণ কথা। লগতে তেখেতে এই কথাও উল্লেখ কৰে যে যিবোৰ ঠাইত আন্ত:সম্পৰ্ক ভাল তাত সংঘৰ্ষ কম । অনুষ্ঠানৰ আৰম্ভণিতে জোনাব নাচিৰ চাহেবে পৱিত্ৰ কোৰআন পাঠ কৰাৰ পাছতে ডিব্ৰুগড় জিলাৰ সদৰ কাজী তথা উদযাপন সমিতিৰ সভাপতি মৌলানা আইনান জুবেৰীয়ে মোনাজাত কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰি সমবেত সদৌ জনলৈ আদৰণি জ্ঞাপন কৰে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট সাংবাদিক ইকবাল আহমেদে আলোচনা চক্ৰৰ প্ৰস্তাৱনা আগবঢ়ায়। আজিৰ অনুষ্ঠানতে ডিব্ৰুগড় চহৰৰ দুগৰাকী সদ্যপ্ৰয়াত বিশিষ্ট শিক্ষাবিদ তথা সমাজসেৱী অধ্যাপক ভীমকান্ত কোঁৱৰ আৰু অধ্যাপক সুনীল কুমাৰ বৰঠাকুৰক মৰণোত্তৰ ভাৱে উদযাপন সমিতিৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰা হয় আৰু প্ৰয়াত দুয়ো গৰাকীৰ পৰিয়ালক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। মানপত্ৰ পাঠ কৰে চেহিৰ আহমেদে আৰু পৰিয়ালৰ হাতত অৰ্পন কৰে সঞ্চালক ড০ আদিল উল য়াচিনে। কেৰাত পাঠ, নাতে ৰচুল, কুইজ , ৰচনা প্ৰতিযোগিতা আদিৰ ফলাফল সমূহ ঘোষণা কৰে প্ৰতিযোগিতা উপ সমিতিৰ ঘাই দায়িত্বত থকা ইমদাদ আলিয়ে আৰু সহযোগ কৰে মুষ্টাক হুচেইন আৰু সহযোগী সকলে । বিয়লিলৈ অনুষ্ঠিত বঁটা বিতৰণ সভাত প্ৰতিযোগী সকলৰ মাজত পুৰস্কাৰ সমূহ বিতৰণ কৰা হয় । সন্ধিয়ালৈ অনুষ্ঠিত “মিলাদুন নবী”ৰ কাৰ্যসূচীত দুগৰাকী আমন্ত্ৰিত বিশিষ্ট উলেমা ক্ৰমে মৌলানা আজমল হুছেইন আৰু মৌলানা নুৰুল আমিন কাচিমিয়ে সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। অনুষ্ঠান উদযাপনত সক্ৰিয় ভাৱে সহযোগ কৰা ডিব্ৰুগড় ঈদগাহ পৰিচালনা সমিতি , নালিয়াপুল মুচাফিৰ খানা পৰিচালনা সমিতি আৰু নালিয়াপুল মুছলিম নাগৰিক মঞ্চক বঁটা বিতৰণী সভাত বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয়। নিশালৈ প্ৰায় চাৰে তিন হাজাৰো অধিক লোকে মিলাদত অংশ গ্ৰহণ কৰে। বিশ্ব শান্তিৰ কাৰণে দোৱা- প্ৰাৰ্থনা কৰে ডিব্ৰুগড় জিলাৰ সদৰ কাজী আলহজ মৌলানা আইনান জুবেৰিয়ে ।