দৰঙী লোকশিল্পী জীৱনী কোষ উন্মোচন

দৰঙী লোকশিল্পী জীৱনী কোষ উন্মোচন

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই গুৱাহাটী ভাষা প্ৰকাশনৰ জৰিয়তে প্ৰকাশ কৰা ” দৰঙী লোকশিল্পী জীৱনী কোষ ” ৫ অক্টোবৰ ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য হাজৰিকাই । লোকশিল্পীৰ জীৱনী কোষখনি উন্মোচন কৰি অভিভূত হৈ পৰা অসম সাহিত্য সভাৰ সভাপতি হাজৰিকাই দৰঙী কলা কৃষ্টি সমূহ অসম নহয় বিশ্বৰ ভিতৰতে অনন্য বুলি ভাষনত উল্লেখ কৰে । দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই দৰং আৰু ওডালগুৰি জিলাৰ লোকশিল্পী সকলক সংঘবৰ্দ্ধ কৰি প্ৰনালীবদ্ধ আচনি গ্ৰহন কৰি এক সাংস্কৃতিক জাগৰণ সৃষ্টি কৰা বাবেই দৰঙী কলাকৃষ্টি উন্নয়ন সংঘ জনপ্ৰিয় হৈ পৰা বুলি কয় সভাপতি ড০ সূৰ্য হাজৰিকাই । দৰঙী লোক কৃষ্টি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত উন্নয়ন সংঘক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি দোহাৰি লোকশিল্পীৰ জীৱনী কোষৰ জৰিয়তে শিল্পীসকল অধিক উৎসাহিত হব বুলি আশা প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাই । কলাকৃষ্টি উন্নয়ন সংঘৰ সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াই আতধৰা তথা সভাপতি কুলেন্দ্ৰ নাথ ডেকাই সঞ্চালনা কৰা অনুষ্ঠানটিত সাহিত্য একাডেমী বটা প্ৰাপক তথা অসম সাহিত্য সভাৰ ভাষা আৰু মাতৃভাষা উপ সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত মাধৱ বৰা . ধন ভড়ালী মিহিৰ কুমাৰ বৰুৱা . সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী . দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ . প্ৰাক্তন সভাপতি পৃথুৰাম বৰুৱা . গ্ৰন্থখনিৰ প্ৰকাশক মুকুট শৰ্মা . দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা উপস্থিত থাকে । সাহিত্যিক পেঞ্চনাৰ শশীধৰ নাথে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা আৰু পুৰন্দৰ শৰ্মা ওজা . ভূপাল বৰুৱা ওজা আৰু শৈলেন্দ্ৰ নাথ ওজাৰ দলে সুকনান্নি ওজাপালি . ডিম্বেশ্বৰ নাথৰ পৰিচালনাত দেওধনী নৃত্য . কিংকৰ নাথ ওজা . সঞ্জীৱ কলিতা ওজা আৰু সঞ্জয় নাথ ওজা দলে ব্যাস ওজাপালি আৰু নাগাৰা নামৰ পাঠক দুলুমনি নাথৰ দলে দৰঙী বিয়াগীত প্ৰদৰ্শন কৰা অনুষ্ঠানটিত ঠগীৰাম শৰ্মা . অন্তিৰাম ডেকা . পদ্মকান্ত হাজৰিকা . ৰেৱকান্ত শৰ্মা . আজিমুদ্দিন আহমেদ . জিতেন্দ্ৰ চন্দ্ৰ শৰ্মা . মিনাক্ষী শইকীয়া . সব্যাৰানী নাথ . যোগেন্দ্ৰ নাথ আৰু মুকুল কুমাৰ বৰুৱাক দৰঙী সন্মান প্ৰদান কৰা হয় ।