বৰাক উপত্যকা অঞ্চলৰ মহিলাসকলক সবলীকৰণ আৰু অনুপ্ৰাণিত কৰাৰ লক্ষ্যেৰে

বৰাক উপত্যকা অঞ্চলৰ মহিলাসকলক সবলীকৰণ আৰু অনুপ্ৰাণিত কৰাৰ লক্ষ্যেৰে ব্যতিক্ৰম মাছড’-ৰ বৰাক ভেলী চেপ্টাৰৰ পৰিচালনাত শিলচৰত অনুষ্ঠিত হ’ল ব্যতিক্রম উইমেন কনক্লেভ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ এক উল্লেখযোগ্য সামাজিক-সাংস্কৃতিক সংস্থা ব্যতিক্রম মাছড’ৰ বৰাক ভেলী চেপ্টাৰৰ তৎপৰতাত আজি শিলচৰৰ হোটেল কাছাৰ ক্লাবত অনুষ্ঠিত হ’ল ‘ব্যতিক্রম উইমেন কনক্লেভ, ২০২০। বৰাক উপত্যকাৰ মহিলাসকলক সবলীকৰণ আৰু উদ্যোগ ক্ষেত্ৰত অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰাৰ লক্ষ্যেৰে এই কনক্লেভৰ আয়োজন কৰা হয়। এই কনক্লেভৰ জৰিয়তে অঞ্চলটোৰ নেতৃস্থানীয় সফল উদ্যোগীসকলৰ পৰা মূল্যবান অভিজ্ঞতা আৰু নেটৱৰ্ক সম্পৰ্কে জনাৰ বিপুল সুযোগ আনি দিয়া হৈছে। এই কনক্লেভত মূল্যবান বক্তব্য, পেনেল আলোচনা, কর্মশালা এবং নেটৱৰ্কিং ছেছন অনুষ্ঠিত হয়। তদুপৰি, এই অঞ্চলৰ মহিলাসকলে এই কনক্লেডক এক মঞ্চ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ বিভিন্ন অভিজ্ঞতা, প্ৰত্যাহ্বান আৰু সফলতাৰ কাহিনীবিলাকো দাঙি ধৰে। অনুষ্ঠানৰ উদ্বোধন কৰে ত্ৰিপুৰা চৰকাৰৰ মাননীয় চীফ হুইপ শ্রীমতী কল্যাণী সাহা ৰায়, এসআইডিবিআই-ব উপ মহাপ্রবন্ধক আৰু ভারপ্রাপ্ত প্রদীপ কুমাৰ নাথ, অসম বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰাজীৰ মোহন পস্তু, অএনজিচি-ৰ শিলচৰছ এক্সম’ৰেটৰি প্ৰৱন্ধক বিপুল গোঁহাই, বিশিষ্ট সংগীতশিল্পী মনীষা হাজৰিকা, জনপ্রিয় অভিনেত্রী নিশিতা গোস্বামী, অন্যান্য বিশিষ্ট ব্যক্তিবর্গ যথাক্রমে বিশিষ্ট থিয়েটাৰ ব্যক্তিত্ব অশোক চক্ৰৱৰ্তী আৰু জিবি কেয়াৰ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা মিঠু ঘোষ। বিভিন্ন ক্ষেত্ৰত দক্ষ আৰু সফল উদ্যোগী তথা সমাজকর্মী শ্রীমতী স্বর্ণালী চৌধুৰী, এস্থেটিক ফিজিচিয়ান শ্রীমতী কাজল ডেমতা, বিশিষ্ট লেখক আৰু সমাজকর্মী শ্রীমতী সুস্মিতা নাথ, মীৰা ক্ৰিয়েচনৰ মুৰব্বী ড’স্মিতা দেৱ আৰু শিল্পী আৰু উদ্যোগী শুভ্রা ঘোষে এই আলোচনাত তেওঁলোকৰ উদ্দীপনাময় সফলতাৰ নানা কাহিনী দাঙি ধৰে। এই আলোচনাৰ পাছত অনুষ্ঠিত হয় পেনেল আলোচনা। এই আলোচনাত অংশগ্ৰহণ কৰে তনশ আই এ এছ ইনষ্টিটিউটৰ ব্যৱস্থাপক অংশীদাৰ অলকানন্দা সেন, বেটাৰ লাইফৰ প্ৰতিষ্ঠাতা ডা” সায়ন্তনী ভট্টাচার্য, আর্টপ্লেনাৰ-ৰ চন্দ্রিমা শ্যাম, সুৰঅমিতাজ-ৰ স্বত্বাধিকাৰী সৌমিত্ৰ ৰায় পোন্দাৰ, ৰয়েল কনভেন্ট স্কুলৰ প্ৰতিষ্ঠাতা অধ্যক্ষ পাপিয়া যব, উদ্যোগী জানিনা লস্কৰ, উদ্যোগী প্রাচী মজুমদাৰ, ৰূপচৰ্চা বিশেষজ্ঞ অরুন্ধতী দাস, অসম বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডা সোনা দে চৌধুৰী, অধ্যাপক বাণী বসু, শিলচৰ এন আই টি-র ইলেকট্রনিক্স-কমিউনিকেশন ইঞ্জিনিয়ারিং বিভাগৰ এছ চিয়েট অধ্যাপক ড° বনানী বসু, ৰাইজিং কুইন-ৰ চিকিৎসক আৰু মেনেজাৰ ডা” পুষ্পিতা সিংহ, নাৰী অধিকাৰ কৰ্মী আৰু আইনজীবী তুহিনা শর্মা বিশ্বাস, নীলাম্বৰী আত্মসহায়ক গোটৰ কৰৱী চৌধুৰী (গাপা), ডিজিটেল ক্রিয়েটৰ দেৱশ্রী চৌধুৰী, চলচ্চিত্ৰ পৰিচালক শৰ্মিষ্ঠা দেব, উদ্যোগী নন্দীতা বেনাৰ্জী, প্রিয়দর্শিনী এক্সক্লুছিভ বুটিক ৰ স্বত্বাধিকারী কুমনা চক্রবর্তী, হেল্পিংহেও ডোমিনাল ফাউণ্ডেচন-র চেয়ারপার্জন ববিতা সিংহ, এনজি’ আবাশ- ৰ প্ৰেছিডেণ্ট অৰুন্ধতী গুপ্তা, নবাব প্রতিষ্ঠাতা পিয়া ৰায়বর্মন, ফোন ডিজাইনাৰ পূৰ্ণিমা দেবনাথ, ডব্লিউ ও ডব্লিউ কালেকচনছ-ৰ স্বত্বাধিকাৰী কম্পা বণিক, ৰূপ ইনষ্টা-ৰ প্ৰতিষ্ঠাতা অনুপ্রিয়া দেৱ দত্ত আৰু আন বহু সংখ্যক বিশিষ্ট ব্যক্তি। অনুষ্ঠানত ব্যতিক্রম মাছড’ৰ সভাপতি ড’ সৌমেন ভাৰতীয়াই করা, “সমৃদ্ধ সাংস্কৃতিক ঐতিহা, ঐতিহাসিক গুরুত্ব, অপৰূপ প্রাকৃতিক সৌন্দৰ্য আৰু বিশেষকৈ এই অঞ্চলৰ সুকীয়া বিশেষত্বৰ অধিকাৰী বিভিন্ন ক্ষেত্ৰত তেওঁলোক সন্মুখ শাৰীত থকাৰ কাৰণে বৰাক উপত্যকা অত্যন্ত প্রসিদ্ধ। তেওঁলোকৰ সেই অনন্য যাত্রা যাতে আনকো অনুপ্রাণিত কৰে আৰু পৰৱর্তী প্রজন্ম সেই ঐতিহ্য অনুসৰণ কৰে সেই উদ্দেশ্যে এই কনক্লেভৰ আয়োজন কৰা হৈছে।” অনুষ্ঠান সফল উদ্যোগীসকলক সম্বৰ্ধনা আপন কৰা হয়। সদৌ শেষত সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়।