‘ইণ্টাৰনেটৰ অসুবিধা দেখুৱাব নোৱাৰিব শিক্ষকে’- ডাঃ ৰণোজ পেগু

‘ইণ্টাৰনেটৰ অসুবিধা দেখুৱাব নোৱাৰিব শিক্ষকে’- ডাঃ ৰণোজ পেগু

ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষা বিভাগে ৰাজ্যৰ একাংশ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যাক লৈ বিদ্যালয় কর্তৃপক্ষই দাখিল কৰি অহা ভুৱা তথ্যৰ বিৰুদ্ধে কঠোৰ স্থিতিৰে থিয় দিছে । ছদ্মবেশী শিক্ষাৰ্থীৰ নামত একাংশ প্ৰধান শিক্ষক তথা স্কুল কর্তৃপক্ষই মধ্যাহ্ন ভোজনৰ ধন তথা আন শিতানত আবণ্টিত ধন হৰলুকী কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। এনে অভিযোগ আৰু ছাত্ৰ-ছাত্ৰীক লৈ চলাই অহা লুণ্ঠনৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগে অহা ৩ অক্টোবৰৰ পৰা বাধ্যতামূলকভাৱে প্ৰৱৰ্তন কৰিব শিক্ষাসেতু প’ৰ্টেল। ইয়াৰ জৰিয়তে বিদ্যালয়ত কিমানসংখ্যক ছাত্র-ছাত্রী তথা শিক্ষক উপস্থিত থাকে, তাৰ তথ্য বিভাগে সংগ্ৰহ কৰিব। ৩ অক্টোবৰৰ পৰা প্ৰতিখন শিক্ষানুষ্ঠানত বাধ্যতামূলকভাবে ব্যৱহাৰ হ’ব লগা শিক্ষাসেতু পাটেলত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ তথ্য আপলোড কৰিব লাগিব স্কুল কর্তৃপক্ষই। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাবে এই কথা ঘোষণা কৰে । বিগত সময়ছোৱাত শিক্ষাসেতু এপক লৈ একাংশ শিক্ষক সন্থাই কৰি অহা আপত্তি তথা শিক্ষাসেতু এপত কাৰিকৰীভাৱে বিসংগতি থকা বুলি উত্থাপন কৰি অহা অভিযোগৰ বিপৰীতে শিক্ষামন্ত্রী গৰাকীৰ স্পষ্ট ঘোষণা- শিক্ষা ব্যৱস্থা স্বচ্ছ কৰাৰ লক্ষ্যৰে এতিয়াৰে পৰা শিক্ষাসেতু অসম প’ৰ্টেল এপত দিব লাগিব সকলো তথ্য। ইন্টাৰনেট নথকাৰ অসুবিধাও শিক্ষকে দেখুৱাব নোৱাৰিব। খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত শিক্ষাসেতু প’ৰ্টেলক লৈ সৃষ্টি হৈ থকা বিতৰ্ক তথা চৰ্চাৰ সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৩ অক্টোবৰৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয় শিক্ষা বিভাগৰ নজৰত থাকিব। মুখ্যতঃ শিক্ষা ব্যবস্থাত স্বচ্ছতা অনাৰ বাবে এই বিশেষ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে। নতুন শিক্ষানীতিৰ অধীনত শিক্ষাসেতু অসম প’র্টেল আৰু ম’বাইল এপত শিক্ষকে অতিৰিক্ত ছাত্র-ছাত্রীৰ উপস্থিতি। আপলোড কৰিব লাগিব। শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি যিমানসংখ্যক দেখুৱাই আহিছে, তাৰ বিপৰীতে কিন্তু বিদ্যালয়সমূহত যথেষ্ট কমসংখ্যক ছাত্র-ছাত্ৰীহে উপস্থিত থাকে। অর্থাৎ একাংশ ছদ্মবেশী ছাত্ৰ-ছাত্ৰীৰ নামত বিদ্যালয় কর্তৃপক্ষই সংগ্ৰহ কৰি আহিছে মধ্যাহ্ন ভোজনৰ খাদ্য সামগ্রী, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্মৰ লগতে আন সুবিধাসমূহ। আনহাতে এই ছদ্মবেশী ছাত্ৰ-ছাত্ৰীৰ লগতে একাংশ শিক্ষকৰ উপস্থিতিও নিয়মীয়া নহয়৷ যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰখনত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিছে। শিক্ষাসেতু প’ৰ্টেলৰ জৰিয়তে বিভাগে এতিয়াৰে পৰা এখন বিদ্যালয়ত প্ৰতিদিনে কিমানসংখ্যক ছাত্র-ছাত্রী উপস্থিত থাকে, শিক্ষকসকল উপস্থিত থাকে নে নাই তাৰ তথ্য লাভ কৰি থাকিব। আনহাতে শিক্ষাসেতু প’ৰ্টেলক লৈ একাংশ শিক্ষক সন্থাই ইন্টাৰনেটৰ অসুবিধা দেখুৱাই থকা সন্দৰ্ভত শিক্ষামন্ত্রী গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ইণ্টাৰনেটৰ অসুবিধাক লৈ কোনো অজুহাত দেখুৱাব নোৱাৰিব। বিদ্যালয়সমূহক যোগান ধৰা টেবলেটৰ জৰিয়তে ছাত্র- ছাত্ৰীসকলৰ উপস্থিতি সংগ্ৰহ কৰিব আৰু ইন্টাৰনেট থকা স্থানলৈ আহি এই উপস্থিতি এপত আপলোড কৰিব লাগিব। শিক্ষামন্ত্ৰীগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে শিক্ষাসেতু এপৰ জৰিয়তে কেৱল ছাত্র-ছাত্রী, শিক্ষকৰ উপস্থিতিয়েই নহয়, একোখন বিদ্যালয়ৰ সা-সুবিধা, শিক্ষকৰ অভাৱ, বিষয় শিক্ষকৰ অভাৱ, ভাষাক লৈ সৃষ্টি হোৱা সমস্যা,আদিৰ বিষয়েও তন্ন তন্নকৈ পৰীক্ষা কৰিব পাৰিব।