দৰঙৰ জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়ৰ কৰ্মচাৰী সুৰেন্দ্ৰ নাথ শৰ্মাৰ অৱসৰ গ্ৰহণ

দৰঙৰ জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়ৰ কৰ্মচাৰী সুৰেন্দ্ৰ নাথ শৰ্মাৰ অৱসৰ গ্ৰহণ

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী সুৰেন্দ্ৰ নাথ শৰ্মাই যোৱাকালি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত এক বিদায় সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয় । সভাত সুৰেন্দ্ৰ নাথ শৰ্মাই তেওঁৰ চাকৰি জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ কথা স্মৰণ কৰে। চাকৰিকালত লাভ কৰা সহকৰ্মীসকলৰ শুভেচ্ছাই তেখেতক অৱসৰী জীৱন সুখেৰে কটাবলৈ প্ৰেৰণা যোগাব বুলিও তেওঁ লগতে কয় । এই সভাত বিদায়ী কৰ্মচাৰী গৰাকীক এখন ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু উপহাৰেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে । উল্লেখ্য যে জিলা তথ্য আৰু জনসংযোগ বিষয়া সমীৰ শাণ্ডিল্যই বিদায়ী কৰ্মচাৰী সুৰেন্দ্ৰ নাথ শৰ্মাৰ সততা, নিষ্ঠা আৰু নিয়মানুৱৰ্তিতাৰ প্ৰসংশা কৰে । আনহাতে কৰবী হাজৰিকাই দীৰ্ঘদিন ধৰি সহকৰ্মী হিচাপে পোৱা সুৰেন্দ্ৰ নাথ শৰ্মাৰ কৰ্তব্যনিষ্ঠা আৰু সহযোগিতাৰ শলাগ লয় । জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে শৰ্মাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।