লোকসভা নিৰ্বাচনক লৈ বিজেপি, অগপ, ইউপিপিএলৰ কৰ্ণধাৰ সমিতিৰ সভা

লোকসভা নিৰ্বাচনক লৈ বিজেপি, অগপ, ইউপিপিএলৰ কৰ্ণধাৰ সমিতিৰ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- লোকসভা নিৰ্বাচনক লৈ বিজেপি, অগপ,ইউপিপিএলৰ সমন্বয়ৰক্ষী কৰ্ণধাৰ সমিতিৰ প্ৰথম খন বৈঠক বিজেপি ৰাজ্যিক কাৰ্য্যালয় আজি অনুষ্ঠিত হয় ৷১০গৰাকী সদস্যৰে তিনি দলৰ মাজত গঠন সমন্বয়ৰক্ষী কৰ্ণধাৰ সমিতিখনত বিজেপিৰ পৰা পল্লৱলোচন দাস, মনোজ বৰুৱা, ধ্ৰুৱজ্যোতি মৰল,অগপৰ পৰা সমিতিখনত মনোজ শইকীয়া, সুনীল ডেকা, তপন দাস আৰু তুলাৰাম গগৈক দায়িত্ব দিয়া হয়৷ইউপিপিএলৰ পৰা লৰেঞ্চ ইছলাৰী, উইলছন হাজদা আৰু ৰঞ্জিত বসুমতাৰী উপস্থিত থাকে ৷ পল্লৱলোচন দাস সংসদ চলি থকা বাবে উপস্থিত নাছিল৷তিনিও দলৰ মাজত বিভিন্ন বিষয়ত ইছ্যুভিত্তিক সিদ্ধান্ত লৈ সেঁতু হিচাপে কাম কৰিব এই সমিতিখনে জানিবলৈ দিয়ে৷