আগন্তুক লোকসভা নির্বাচন আৰু শ্বেৰমান আলী আহমেদ – কাজি জানে আলম

Pc The Economic Times
আগন্তুক লোকসভা নির্বাচন আৰু শ্বেৰমান আলী আহমেদ
কাজি জানে আলম, বৰপেটা
বৰ্তমান সমগ্র ভাৰত তথা আমাৰ ৰাজ্যখনৰ ৰাজনীতিয়ে যি ৰূপ লৈছে এনে পৰিস্থিতিত সংখ্যালঘু সকল বা খোলাকৈ ক’লে মুছলমান সম্প্ৰদায় চাৰিও ফালৰ পৰা এক অবৰ্ণনীয় যন্ত্ৰণাত দিন অতিবাহিত কৰি আছে। ইয়াৰ বাবে কম বেছি পৰিমাণে সকলো ৰাজনৈতিক দল সংগঠনেই জগৰীয়া। বাস্তৱত যদিও আমাৰ দেশ এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু তেনে এখন সংবিধান আছে।অসমত বৰ্তমান প্ৰায় 36% মুছলমান আছে, কিন্তু পৰিতাপৰ বিষয় হ’ল এই বৃহৎ সংখ্যক জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে নিৰ্বাচিত প্ৰতিনিধি সকল সম্পূৰ্ণ ৰূপে অপাৰক। কিয়নো কাৰো কোনো সদিচ্ছা বা জাতিটোৰ মৌলিক সমস্যাৰ ওপৰত অধ্যয়ন নাই। কিছুমান দালাল ৰূপী স্বাৰ্থপৰ তথা জাতিৰ কলংকই ৰাজনৈতিক দলৰ প্রাৰ্থীত্ব লাভ কৰি নিৰ্বাচিত হৈ যুগে যুগে মানুহ খিনিক আজিৰ এই পৰ্যায়ত ঠেলি দিছে। বিগত দিনত অসমৰ ৰাজনীতিত যি সকল মুছলমান নেতাই ক্ষমতা লাভ কৰিছে সকলোৱে নিমাতি কইনাৰ ৰূপত নিৰ্লজ্জ বাবে দিন পাৰ কৰিছে। শেহতীয়াকৈ দুই এজন শিক্ষিত কথা চহকী নেতা নিৰ্বাচিত হৈছিল যদিও অহংকাৰ, লোভ আৰু  গাদ্দাৰ হোৱা বাবে সিহঁতৰ কাম কাজেও ৰাইজক হতাশাত ভোগাইছে।বৰ্তমান BJP চৰকাৰ খনে দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰাৰ লগতে হিন্দু মুছলিমৰ মাজত বিষ বিয়পাই দিয়াৰ বাহিৰে একো ভাল কাম কৰিব পৰা নাই বা আগলৈ একো তেনে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনাও নাই। এই দেশৰ বুনিয়াদ সৃষ্টি কৰিছে কংগ্ৰেছ দলে, কিন্তু কংগ্ৰেছ দলৰ কিছুমান ভুল সিদ্ধান্ত আৰু দুৰ্বল অকামিলা নেতাৰ বাবে আজিৰ তাৰিখত BJP ৰ দৰে উগ্ৰ হিন্দুত্ববাদী বা হিংসাৰ ৰাজনীতিৰ ক’লা ডাৱৰে চৌপাশে ঘেৰি ধৰিছে। অহা লোক সভা নিৰ্বাচনত যদি পুনৰায় বিজেপিয়ে ক্ষমতাত আহে, নিশ্চিত এই দেশৰ জাতিৰ পিতা হিচাপে মহাত্মা গান্ধীৰ নাম ইতিহাসত বিলীন হোৱাৰ দৰে পৰিৱৰ্তন হ’ব এই কথা সর্বজন জ্ঞাত। আজিৰ তাৰিখত সততে গান্ধী পৰিয়ালক এচামে সমালোচনা কৰা দেখা যায়। কিন্তু দেশৰ ইতিহাসত গান্ধী পৰিয়ালে যি ত্যাগ আৰু অৱদান আগবঢ়াইছে সেই ঋণ কোনেও পৰিশোধ কৰিব নোৱাৰিব।  শেহতীয়াকৈ ৰাহুল গান্ধীৰ পৰিশ্ৰম আৰু দেশত হিংসাৰ বিৰুদ্ধে শান্তি স্থাপনৰ প্রচেষ্টাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।যাৰ বাবে অহা দিনত BJP ক ক্ষমতাৰ পৰা বিতাড়িত কৰাৰ বাবে দেশৰ আগশাৰীৰ ৰাজনৈতিক দল সমূহে একত্ৰিত হৈ INDIA ৰ ৰূপ লৈছে আৰু যিটোৱে BJP ক নিশ্চিত ৰূপে চিন্তাত পেলাইছে। দক্ষিণৰ ৰাজনীতিত ইতিমধ্যে বিজেপি ধূলিসাৎ, মধ্য ভাৰতত কঁপনি আৰু যাৰ প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলতো নপৰা নহয়।সব ঠিকে থাকিলে ৰাহুল গান্ধীৰ শান্তি  প্ৰচেষ্টাই সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।অসমৰ ৰাজনীতি কিছু পৰিমাণে ভিন্ন। সঁচা অৰ্থত অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অভাৱনীয় বাবে নিকৃষ্ট ৰাজনীতি কৰি আছে বা প্ৰতিদিনে হিন্দু মুছলমানক বিভাজনৰ চেষ্টা কৰিছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ সময় নিশ্চয় লাগিব।কিয়নো ইতিমধ্যেই মানুহৰ মাজত ঢালি দিয়া বিষ বাষ্পই সমাজ জীৱনক আহত কৰিছেই। সঁচা অৰ্থত এই সকলোবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে একমাত্ৰ ক্ষমতাত স্থায়ী হৈ থকাৰ বাবে। যিটো কেতিয়াও সম্ভৱ নহয়। কিয়নো আজিৰ তাৰিখত সামাজিক মাধ্যমত লক্ষ্য কৰিলে দেখা যায় যে তেখেতে যাক লৈ অসম খন ভাগ কৰিব বিচাৰিছে তেখেত সকলেই সমালোচনাত মুখৰ হৈ পৰিছে। পৰিতাপৰ বিষয় হ’ল ৰাহুল গান্ধীৰ কষ্ট বা নেতৃত্বৰ প্ৰভাৱ আৰু ফলাফল আজিলৈকে তেখেতৰ সতীৰ্থৰ মাজত  অসমত সঠিক ৰূপে পৰা নাই। কাৰণ স্বাৰ্থপৰ, বিশ্বাস ঘাটকতা, আৰু অজ্ঞতাৰে দলটো ভৰি আছে।অসমৰ ৰাজনীতিত আন এক সমস্যা হ’ল বদৰউদ্দিন আজমল, এখেত এজন আলিম, আৰু প্ৰতিষ্ঠিত আন্তৰ্জাতিক ব্যৱসায়ী। হঠাৎ ৰাজনীতিত আহি এক চাকনৈয়াত বৰ্তমান আবদ্ধ।সঁচা অৰ্থত তেখেত ৰাজনীতিৰ বাবে শুদ্ধ ব্যক্তি নহয়, সেই বুলি তেখেতৰ অসমৰ মুছলমান সমাজত অৱদান কম নহয় সেই কথা সৰ্ব্বজন জ্ঞাত। আজিৰ তাৰিখত তেখেতে ৰাজনীতি যিমান সোনকালে এৰি দিয়ে সিমানে মুছলমান সম্প্ৰদায়ৰ বাবে মঙ্গল।অৱশ্যে তেখেতৰ অনুপস্থিতিত তেখেতৰ দল নিচ্ছিন্ন হৈ যাব এই কথাও সকলোৱে জানে। এনে প্ৰেক্ষাপটত অহা নিৰ্বাচনত সন্মান সহকাৰে মুছলমান সম্প্ৰদায়ৰ ভোটাৰে তেখেতক ৰাজনীতিৰ পৰা বিদায় দিয়াত কোনো ধৰণৰ দিধাগ্ৰস্থ হ’ব নালাগে। কিয়নো ভাৰতৰ ৰাজনীতি তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৃণাৰ ক’লা ডাৱৰ আঁতৰ কৰাৰ বাবে INDIA team বা ৰাহুল গান্ধীক আগুৱাই নিয়াৰ স্বাৰ্থত অহা দিনত কাম কৰিলেহে স্বাধীনতাৰ অর্থ আৰু সংবিধান জীৱিত হৈ ৰ’ব।অসমৰ 14 খন লোকসভা আসনৰ পৰা 11 খন আসন এতিয়াও BJP ৰ চক্ৰত আবদ্ধ, অৱশ্যে BJP ৰ ভুল নীতি,নিজৰ মাজত বিভাজন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অহংকাৰ, সংবিধান বিৰোধী কথাই গ্ৰাফ খন দ্ৰুত নিম্নগামী হোৱা দেখা গৈছে।অসমৰ মুছলিম ভোটাৰৰ মাজত এক সুকীয়া নাম হল শ্বেৰমান আলি আহমেদ ডাঙৰীয়া। অৱশ্যে ৰাজনৈতিক প্ৰতিদ্বন্দী আৰু তেখেতক ভুল কৈ পঢ়া সকলৰ মাজত তেখেত হ’ল এজন বিতৰ্কিত বিধায়ক। কিন্তু বাস্তৱ সত্যটো হ’ল তেখেত এজন অত্যন্ত সাহসী, অধ্যয়ন পুষ্ট, পৰিশ্ৰমী,কৰ্মক্ষম তথা নিজৰ জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধ এজন ব্যক্তি। ৰাজনীতিত যিটো বহুতেই হজম আৰু সহ্য কৰিব নোৱাৰে, বিশেষকৈ কাপুৰুষ সকলে । বাঘবৰৰ  নিচিনা সমষ্টিক যি ৰূপ দিছে, তাত সাত শত্ৰুৱেও স্বীকাৰ কৰিব তেখেতৰ কৰ্ম দক্ষতাৰ কথা।আজিৰ তাৰিখত শ্বেৰমান আলী ডাঙৰীয়া কংগ্ৰেছ দলৰ পৰা suspend হৈ আছে আৰু কংগ্ৰেছ দলৰ বিগত দিনৰ ভুলবোৰ বিশেকৈ মুছলমান সকলৰ বাবে কৰিব নোৱাৰা ন্যায়বোৰৰ বিষয়ে বৰ কৈ সৰৱ হৈ আছে, যিবোৰ কথা তেখেতে উত্থাপন কৰিছে সেয়া 100% সত্য আৰু মুছলমান সকলে অন্তৰেৰে সেইবোৰ ন্যায় বিচাৰে। অবশ্যই কংগ্ৰেছ দলৰ মুছলমান নেতা সকলে সেই সমস্যা বোৰ সমাধানৰ   বাবে মাত মাতিব লাগে, কিন্তু জ্ঞান, সাহস, আৰু ক্ষমতাৰ লোভত নেঙুৰ পেলাই থাকে।সংবিধানৰ গণ্ডিত দেশৰ যিকোনো জাতিৰ অধিকাৰৰ নামত মাত মাতিলে কোনেও বেয়া নোপোৱা সাহস দল আৰু দলৰ প্ৰতিনিধিৰ মাজত হ’ব লাগে।অহা দিনত শ্বেৰমান আলী আহমেদ ডাঙৰীয়াৰ নিচিনা ব্যক্তিৰ ৰাজনীতিত প্ৰয়োজন আছে বুলি অনুভৱ কৰোঁ। কিন্তু তেখেতে নিৰ্বাচন খেলিব কোন দলৰ পৰা বা কোনটো আসনৰ পৰা সেয়া ডেলিমিটেচনে অলপ আউল লগাইছে, অন্যথাই বৰপেটা পাৰ্লিয়ামেণ্টৰী আসনৰ পৰা আব্দুল খালেকৰ পৰিৱৰ্তে তেখেত এইবেলি শক্তিশালী ৰূপে ভোটাৰৰ মাজত সজীৱ আছিল। এতিয়াও অৱশ্যে তেখেতৰ হাতত বিকল্প নথকা নহয়। সেইয়া হ’ল INDIA teamত যিহেতু আম আদমী পাৰ্টি অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত অসমত যদি এখন আসন আম আদমী পাৰ্টিক এৰি দিয়ে আৰু সেইয়া যদি ধুবুৰী হয় তেন্তে শ্বেৰমান আলি আহমেদ ডাঙৰীয়া অহা দিনত আম আদমী পাৰ্টিত যোগদান কৰি ধুবুৰীৰ পৰা বদৰ উদ্দিন আজমল চাহাবৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিলে জয় হোৱা সম্ভাৱনা নুই কৰিব নোৱাৰি। কিয়নো সংখ্যালঘু ভোটাৰৰ মাজত নিঃসন্দেহে আব্দুল খালেক বা ৰকিবুল হুছেইন আদি নেতাত কৈ শ্বেৰমান আলী আহমেদ ডাঙৰীয়াৰ সাহস, কৰ্মদক্ষতা, আৰু জাতিৰ প্ৰতি সহমৰ্মিতাত জনপ্ৰিয়তা অধিক। আনহাতে নামনি অসমত অহা নিৰ্বাচনত BJP ৰ বিৰুদ্ধে AAP ৰ নেতা কেজৰিয়াল বা পঞ্জাৱৰ মুখ্যমন্ত্ৰী লগতে INDIA team ৰ পৰা আগশাৰীৰ নেতা সকলে প্ৰচাৰত আহিলে আৰু BJP ৰ বিৰুদ্ধে ভাষণ ৰাখিলে নিশ্চিত ৰূপে মুছলিম ভোটাৰৰ মাজত অধিক সমাদৰ লাভ কৰিব, ৰাহুল গান্ধীৰ প্ৰতি ইতিমধ্যেই এক সহানুভূতি জাগ্ৰত হৈছে, ঠিক তেনেদৰে সাতে পাচে বদৰ উদ্দিন আজমলৰ ঢৌ তল পৰি যাব সেইয়া নিশ্চিত। অৱশ্যে ইয়াত কংগ্ৰেছ নেতা খালেক বা ৰকিবুল হুছেইনৰ নিচিনা বিৰক্তি দায়ক নেতাৰে সেইয়া কেতিয়াও সম্ভৱ নহ’ব ।গতিকে এই সকলোবোৰ নিৰ্ভৰ কৰিব অহা দিনত শ্বেৰমান আলী চাহাবৰ সিদ্ধান্তৰ ওপৰত। কিয়নো তেখেতৰ নিচিনা কৰ্ম দক্ষ নেতাৰ প্ৰয়োজন মুছলমান সম্প্ৰদায়ৰ বাবে খুবেই বেছি।।