স্তৱক – সংগীতা ডেকা

Pc- Sunrise Sunset Times Lookup
স্তৱক
সংগীতা ডেকা ( মাইনা), ৰঙিয়া 
(১)
স্তব্ধ কৰিব পৰা হ’লে ,
সেই সময়খিনিক…!
যেতিয়া , এটি হাঁহিৰ আলিংগনে আহি
জীৱন জীৱন লগা এটোপি টোপাল হৈ
অন্তৰখন ভৰাই তুলিছিল ।
(২)
এজাক শিমলুৱা বৰষুণ
আৰু তাৰ অস্তিত্বত সমাহিত,
এছাটি ৰাঙলী পোহৰ
ওঁঠৰ বুকুৰে নামি অহা…
আনিছিলোঁ মই ,
তোমাৰ চোতালখনলে বুলি…
জেতুকা পাতৰ ৰঙেৰে
আল্পনা সজাবলৈ ।
(৩)
তুমি আছা বাবেই হেনো
মোৰ জীৱনৰ প্ৰতিটো বৰ্ণিল ৰন্ধ্ৰই,
প্ৰতি ক্ষণে শব্দাকাশলৈ ডেউকা মেলে ।