অসমৰ বাৰেৰহণীয়া সংস্কৃতি পুতলা নাচ  – অনামিকা কলিতা

অসমৰ বাৰেৰহণীয়া সংস্কৃতি পুতলা নাচ 

অনামিকা (সংগীতা)কলিতা,

শুৱালকুছি

 লোক সংস্কৃতিৰ ভিতৰত এক অন্যতম প্ৰাচীন শিল্প পুতলা নাচ।খ্ৰীষ্টপূৰ্ব পঞ্চম শতাব্দীত পুতলা নাচৰ উৎপত্তি বুলি ঠাৱৰ কৰিব পাৰি ।এই প্ৰাচীন শিল্প বিধ পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে নামকৰণ কৰিছে।

আমাৰ ভাৰত বৰ্ষত এই শিল্প বিধৰ তাহানিৰে পৰা এতিয়ালৈকে এক ঐতিহ্য বহন কৰি আহিছে ।এই পুতলা নাচৰ জৰিয়তে ধৰ্মীয় গ্ৰন্থ মহাভাৰত,ৰামায়ণৰ আখ্যানৰ পৰা সমাজ সচেতন,ধেমেলীয়া সকলো দৃশ্য অৱতাৰণা কৰে ।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পুতলা নাচ দৰে মুখা শিল্প,ভাওনা সংস্কৃতিৰ আদিৰ সহায়ত সমাজখনত কিছু পোহৰৰ বাট দেখুৱাবলৈ বিভিন্ন পদক্ষেপ লৈছিল। যাৰ কাৰণে অজ্ঞান অন্ধকাৰ সমাজখনৰ পৰা দূৰ কৰি জ্ঞানৰ আলোক বিতৰণ বাবেই এই শিল্প বোৰৰ সহায় লোৱাৰ বিষয়ে বিভিন্ন গ্ৰন্থত পঢ়িব পাইছোঁ।

পুতলা নাচৰ চাহিদা থকা সেই সময়ত মোবাইল টিভি আদিৰ প্ৰচলন নাছিল। গতিকে সমাজ খনৰ আগত কিছুমান কথা বুজোৱাৰ বাবে ,মাটি বাঁহ বেত কাপোৰ আদিৰে তৈয়াৰ কৰা কিছুমান পুতলা সাজি লৈছিল ।তাৰ পিছত ১৪বা১৬জন মানুহে লগ হৈ এটি দল গঠন কৰি,তেওঁ লোকে (ৰিহাচল) প্ৰশিক্ষণ লৈ কিছুমান বাদ্যযন্ত্ৰ সহযোগত বিভিন্ন মঠ-মন্দিৰ বা ৰাজহুৱা স্থান এই পুতলা নাচ প্ৰদৰ্শন কৰিছিল। সমাজত এক উল্লেখযোগ্য ভূমিকা আছিল। বিয়া /পূজা উৎসৱ আদিতো ৰাইজে এই পুতলা নাচ দেখুওৱা শিল্পী সকলক আমন্ত্ৰণ কৰি নিছিল।ৰাইজে খুব ভালদৰে উপভোগ কৰিছিল।

সময়ৰ সোঁতত বৰ্তমান সমাজখনৰ পৰিবৰ্তন হ’ল ।এতিয়া বিশ্বায়নৰ যুগত সহজলভ্য ইন্টাৰনেটৰ ব্যাপক ব্যৱহাৰৰ। যাৰ ফলত এই শিল্পৰ আমাৰ সমাজৰ পৰা পাহৰণিৰ গৰ্ভত বিলীন হৈ যাৱ যেন অনুভৱ হয়।গতিকে আমাৰ সকলোৰে দায়িত্ব এই শিল্প বিধক সংৰক্ষণ কৰা ।

ইয়াত লেখা সামৰিলোঁ ।