পুনৰ হাত দাঙিলে এগৰাকী চৰকাৰী বিষয়াই

পুনৰ হাত দাঙিলে এগৰাকী চৰকাৰী বিষয়াই 

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ হাত দাঙিলে এগৰাকী চৰকাৰী বিষয়াই। দৰঙত দুৰ্নীতি নিবাৰক শাখাৰ এটি দলে অভিযান চলায়। এই অভিযানত জিলা কৃষি বিভাগৰ বিষয়া বিদ্যুৎ তালুকদাৰক গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰামতে উৎকোচ লৈ জিলা কৃষি বিভাগৰ বিষয়া বিদ্যুৎ তালুকদাৰ অভিযানকাৰী দলটোৰ হাতত হাতে-লোটে ধৰা পৰে। বিষয়াগৰাকীয়ে এগৰাকী কৃষকৰ পৰা ৩ হাজাৰ টকা উৎকোচ লোৱা বুলি জানিব পৰা গৈছে।