হেৰুওৱাৰ ভয় – শ্ৰী মুনিন্দ্ৰ বৈশ্য

হেৰুওৱাৰ ভয়

শ্ৰী মুনিন্দ্ৰ বৈশ্য,
ওদালগুৰি অসামৰিক চিকিৎসালয়

দুগৰাকী চিকিৎসক- এগৰাকী অৱসৰী, আনগৰাকী কৰ্মৰত। এদিন দুয়ো একেলগে চাহৰ আদ্দাত মগ্ন আছিল। এনেতে কনিষ্ঠ চিকিৎসকগৰাকীৰ মোবাইলটো বাজি উঠিল। অত্যন্ত বিৰক্তিৰে তেওঁ ভোৰভোৰালে― “এই মোবাইলটোৰ কাৰণে মোৰ শান্তি নোহোৱা হৈছে। বাজিয়ে থাকে বাজিয়ে থাকে। হ’ল বুলিনো আৰু চৌবিষ ঘণ্টাই বেমাৰীৰ লগতে লাগি থাকিব পাৰিনে!” জ্যেষ্ঠ চিকিৎসকজনে ক’লে― “তোমাৰ জনপ্ৰিয়তা তুংগত উঠিছে, সেইবাবে বেমাৰীবিলাকে কেৱল তোমাকেই বিচাৰে। ভালহে পাব লাগে। এটা সময়ত মোৰো একেই অনুভৱ হৈছিল। মোবাইলটো এটা গলগ্ৰহ যেন লাগিছিল। কিন্তু আজিকালি মোক দেখোন কোনেও নিবিচৰা হ’ল। অনবৰতে ভাবি থাকোঁ মোবাইলটো বাজি উঠিব; বেমাৰীয়ে মোক বিচাৰিব। কিন্তু নাই, নাবাজে। মোৰ পূৰ্বৰ সেই জনপ্ৰিয়তা নোহোৱা হ’ল।” সদ্য-অৱসৰী মেনেজাৰ এজন হতাশগ্ৰস্থ। কাৰণ, অৱসৰ লোৱাৰ পিছত তেওঁৰ ঠাইত পুতেক স্থলাভিসিক্ত হৈছিল। মাজে মাজে তেওঁ পুতেকক সাক্ষাৎ কৰিবলৈ কোম্পানীটোলৈ যায়। মেনেজাৰ হৈ থকা সময়ত যিসকল কৰ্মচাৰীযে তেওঁক দেখিলে good morning, good evening বুলি চেলাম দিছিল, হাতৰ পৰা ব্ৰিফকে’চটো লৈ কেবিনলৈ আগুৱাই নিছিল, আজি সেইসকল কৰ্মচাৰীয়ে তেওঁক দেখিলেও সম্ভাষণ নজনোৱা হ’ল। পূৰ্বৰ দৰে গুৰুত্ব নিদিয়া হ’ল।এওঁলোক হৈছে জীৱনত অপ্ৰত্যাশিত অভিজ্ঞতা অৰ্জন কৰা আৰু হজম কৰিব নোৱৰা পৰিস্থিতিৰ সন্মুখীন হৈ হতাশ হোৱা একালৰ জনপ্ৰিয় ব্যক্তি― ঠিক একালৰ বৃন্দাবন একালত পৰে চন সদৃশ। তেওঁলোকে কেতিয়াও ভবা নাছিল যে, হঠাৎ তেওঁলোকৰ জীৱনলৈ এনে দিন আহিব, যিয়ে তেওঁলোকৰ সুখময় সময়বোৰ বিষাক্ত কৰি পেলাব। একমাত্ৰ পদবীৰ পৰা আঁতৰি অহাটোৱে যে এনে পৰিস্থিতিৰ মূল কাৰণ, সেইটো তেওঁলোকে এটা সময়ত গৈ হৃদয়ংগম কৰিব পাৰিছিল।সেয়ে অৱসৰী মেনেজাৰজনে এদিন নৰ্মান ভিনচেণ্ট পীলক এটা প্ৰস্তাৱ দিছিল― “Why don’t you write a book on how to retire?” এদল কলেজীয়া ছাত্র-ছাত্ৰীক সোধা হৈছিল― “জীৱনটোৰ পৰা তোমালোকে কি বিচৰা?” অধিকাংশই উত্তৰ দিছিল ‘জনপ্ৰিয়তা বিচাৰোঁ’ বুলি।অকল কলেজীয়া ছাত্ৰ-ছাত্ৰী বা ডেকা-গাভৰুৱেই নহয়, মানুহ মাত্ৰেই জনপ্ৰিয়তা বিচাৰে। আনৰ পৰা কদৰ বিচাৰে; বিচাৰে মান-সন্মান, গুৰুত্ব, প্ৰশংসা আৰু গুণানুকীৰ্তন। প্ৰখ্যাত মনোবিজ্ঞানী উইলিয়াম জেমছৰ ভাষাৰে― “One of the deepest drives of human nature is the desire to be appreciated.” কিন্তু সকলোৰে বাবে সেয়া সম্ভৱ নে? সম্ভৱ হ’লেও আজীৱন সম্ভৱ জানো?
দেৱাল এখনত লিখা আছিল এইদৰে―

I didn’t love thee, Dr. Feel,
The reason why I cannot tell;
But this alone I know full well,
I don’t love thee, Dr. Fell.

লেখকজনে ডঃ ফেল নামৰ মানুহগৰাকীক ভাল নাপায়। কিয় ভাল নাপায় তেওঁ নিজেই নাজানে, তেওঁ মাত্ৰ জানে যে ডঃ ফেলক তেওঁ ভাল নাপায়।এনে ঘটনা আপোনাৰ, মোৰ, আমাৰ প্ৰত্যেকৰে মাজত ঘটি থাকে। আমি কিছুমান মানুহক বেয়া পাওঁ। অথচ আমি নিজেই নাজানো কিয় বেয়া পাওঁ। কিন্তু বেয়া পাওঁ; তেওঁক অৱজ্ঞা কৰোঁ, তেওঁৰ গুণানুকীৰ্তন কৰাতো বহু দূৰ, সমালোচনাহে কৰোঁ। চকুৰ আগত ওলালে নামাতিলে নহয় বাবেহে মাত এষাৰ দিওঁ।পিছে এই বেয়া পোৱা, অৱজ্ঞা কৰা, গুৰুত্ব নিদিয়া বা পাত্তা নিদিয়া কাৰবাৰটো যেতিয়া নিজৰ ক্ষেত্ৰত সংঘটিত হয়, তেতিয়া সি আমাৰ বাবে হজম কৰিব নোৱৰা বিষয় হৈ পৰে। কাৰণ এই হেৰুওৱাৰ ভয়টো হৈছে মানৱ প্ৰবৃত্তিৰ সংহাৰী কাৰকসমূহৰ অন্যতম। যিটো সংঘটিত হৈছে পূৰ্বোক্ত অৱসৰী চিকিৎসক আৰু মেনেজাৰজনৰ ক্ষেত্ৰত। পীলৰ ভাষাৰে― “The feeling of not being wanted or needed is one of the devastating of all human reactions.” এই পৰিস্থিতিটো উদ্ভৱ হয় তেতিয়া, যেতিয়া মানুহৰ গাদী হেৰায় বা ক্ষমতা নাইকিয়া হৈ যায়। ইয়াৰ উত্তম উদাহৰণ হৈছে ৰাজনৈতিক নেতাসকল। গাদীত থকাকেইদিন আগে-পিছে মানুহৰ দীঘলীয়া শাৰী, গাদী হেৰুওৱাৰ লগে লগে সকলো ঘৰা-ঘৰী। বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰতো একেই।সেইবাবেই অৱসৰী চিকিৎসক আৰু মেনেজাৰজনক জনপ্ৰিয়তা হেৰুওৱাৰ দুখে হতাশ কৰিছিল। এই দুগৰাকী ব্যক্তি মাথোঁ এটা ৰূপকহে। সমাজত এনে লক্ষ লক্ষ ব্যক্তি আছে যাক জনপ্ৰিয়তা হেৰুওৱাৰ দুখে অকল পীড়া কৰাই নহয়, জীৱনটোকে এটা অসহনীয় বোজালৈ ৰূপান্তৰিত কৰি পেলাইছে। পৰিণতিত কতজনে সুৰা-ড্ৰাগছৰ আশ্ৰয় লৈ জীৱনটো তিলতিলকৈ ধ্বংস কৰি পেলাইছে হিচাপ নাই। আত্মহত্যাৰ দৰে ঘটনাও দুৰ্লভ নহয়।এইটো সঁচা যে সকলো ব্যক্তিৰ বাবেই আজীৱন জনপ্ৰিয়তাৰ বাৰংবাৰতা বৰ্তাই ৰখা অসম্ভৱ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে, হেৰুওৱা জনপ্ৰিয়তা ঘূৰাই অনাটোও অসম্ভৱ।সেই অসম্ভৱক সম্ভৱ কৰি তুলিছিল ‘অৱসৰী জীৱন কেনেকৈ উপভোগ্য তুলিব লাগে’ সেই বিষয়ে কিতাপ লিখিবলৈ কোৱা মেনেজাৰজনে। কেনেকৈ? তিক্ত অভিজ্ঞতাৰ সন্মুখীন হৈ একালৰ জনপ্ৰিয় মেনেজাৰজনৰ জীৱনটো এটা সময়ত অসহনীয় হৈ পৰিল। তেওঁ যেন ভিৰৰ মাজত হেৰাই থাকিল। সেয়ে তেওঁ এটা পৰিকল্পনা কৰিলে। সেই অনুসৰি তেওঁ দিনটোত যিমানকেইজন মানুহ লগ পায় সকলোৰে লগত এটা আত্মিক সম্পৰ্ক গঢ়ি তুলিবলৈ সংকল্প ল’লে। এই ধৰক, বছৰ বছৰ ধৰি ঘৰত কাকত দিয়া ল’ৰাজনৰ কালিলৈকে তেওঁ নামেই নাজানিছিল, কাৰণ সেইটো প্ৰয়োজনীয় বুলি তেওঁ অনুভৱেই কৰা নাছিল। গাড়ীচালকজনৰ লগতো বজাই ৰাখিছিল ‘মালিক-ড্ৰাইভাৰ’ সম্পৰ্ক। এতিয়া কিন্তু তেওঁ সিহঁতৰ নাম মনত ৰখাৰ উপৰিও সিহঁতৰ লগত কিছু বাৰ্তালাপ কৰে, ব্যক্তিগত সমস্যাকে ধৰি ঘৰ-সংসাৰৰ শুভবার্তা আদান-প্ৰদান কৰে। গাখীৰ দিবলৈ অহা ল’ৰাজনৰ লগতো একেই ব্যৱহাৰ কৰে। সি কিয় স্কুললৈ নাযায় জানিবলৈ বিচাৰে, সি যদি স্কুললৈ যাবলৈ মন মেলে তেন্তে তেওঁ সহায়ৰ হাত দুখন মেলি দিবলৈ সাজু বুলি প্ৰস্তাৱ দিয়ে। আয়াজনীৰ প্ৰতিও একেই ব্যৱহাৰ কৰিব ধৰিলে। মাজে মাজে সন্তানকেইটিলৈ খোৱাবস্তু দি পঠিয়াই।বাহিৰলৈ ওলাই গ’লেও একেই ফৰ্মূলা ব্যৱহাৰ কৰে। আগতে কেৱল চকুৰ ইঙ্গিতেৰে মাত দিয়াসকলক কিছু সময় দিয়া কৰিলে। কুশল বাৰ্তা বিনিময় কৰে। ঘৰলৈ আমন্ত্ৰণ জনাই ভালদৰে আপ্যায়ন কৰে। তদুপৰি পুৱা-গধূলি প্ৰাৰ্থনা কৰোঁতে তেওঁ লগ পোৱা সকলোৰে কথা মনত পেলাই তেওঁলোকৰ মঙ্গল কামনা কৰে।লাহে লাহে তেওঁৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিল। অসহনীয় জীৱনটো পুনৰ উপভোগ্য হৈ পৰিল। হেৰুওৱা জনপ্ৰিয়তা তেওঁ পুনৰ ঘূৰাই পালে। ভিৰৰ মাজত ক্ৰমাৎ হেৰাবলৈ ধৰা মানুহজনক আকৌ মানুহে আগুৰি ধৰিলে। তেওঁ স্বীকাৰ কৰিবলৈ বাধ্য হ’ল― “মই ভবাই নাছিলোঁ যে পৃথিৱীখন ইমান আকর্ষণীয় মানুহেৰে ভৰি আছে, যিটো মই আগতে অনুভৱেই কৰা নাছিলোঁ।”এয়া সম্ভৱ হ’ল ইমান বছৰে আনৰ পৰা ভালপোৱা বুটলি জনপ্ৰিয় হৈ থকা মানুহজনে জনপ্ৰিয়তা হেৰুৱাৰ পিছত আনকো মৰম-চেনেহ আৰু ভালপোৱা বিলাবলৈ ধৰাৰ ফলস্বৰূপে।পীলে কিতাপখন নিলিখিলে ঠিকেই, কিন্তু হাতী মাৰি ভুৰুকাত ভৰাই কৈ গ’ল― The best in the other person begins to flow out towards you as your best flows towards him.”