শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ কথাৰে – ইকবাল হুছেইন

শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ কথাৰে

ইকবাল হুছেইন, মৈৰাবাৰী

জন্মাষ্টমী বা কৃষ্ণজন্মাষ্টমী হৈছে এটা হিন্দু উৎসব। ইয়াক বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ জন্মদিন হিচাপে পালিত হয়। ইয়াৰ আৰু একাধিক নাম আছে যেনে’, কৃষ্ণাষ্টমী, গোকুলাষ্টমী, অষ্টমী ৰেহিণী, শ্রীকৃষ্ণজয়ন্তী ইত্যাদি। শ্ৰীকৃষ্ণ হৈছে হিন্দুধৰ্মৰ এজন আৰাধ্য দেৱতা। কৃষ্ণৰ আক্ষৰিক অৰ্থ আন্ধাৰ, ক’লা, ঘন নীলা। সনাতন ধৰ্মৰ বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন দৃষ্টিকোণেৰে শ্ৰীকৃষ্ণৰ পূজা কৰে। বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়। অন্যহাতে কৃষ্ণধৰ্মৰ অন্যান্য সম্প্ৰদায়সমূহে তেওঁক স্বয়ং ভগৱান বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দি আহিছে। তেখেত সনাতন ধৰ্মগ্ৰন্থ ‘ভাগৱৎ গীতা’ৰ প্ৰৱৰ্তক আছিল। বৈষ্ণৱ ধৰ্মবিশ্বাস মতে শ্ৰীকৃষ্ণক ভগৱানৰ সৰ্বোচ্চ মৰ্যাদা দিয়া হয়। মহাভাৰত কাব্যত তেখেতক পাণ্ডৱৰ কূটনীতিজ্ঞ হিচাবেও জনা যায়। যেতিয়া ধৰাৰ বুকুত অন্যায়, অত্যাচাৰ, অনাচাৰ, অবিচাৰ, ব্যাভিচাৰে ভৰি পৰিছিল’, তেতিয়া পৃথিৱীবাসীক ৰক্ষা কৰিবলৈ আৰু সৎ, সঠিক, শুদ্ধ পথ দেখুৱাবলৈ ভগৱান বিষ্ণুৱে ধৰাৰ বুকুত মানুহৰ ৰূপলৈ জন্মগ্ৰহণ কৰিছিল। পিছে আজি যিসকলে নিজকে ভগৱান শ্ৰীকৃষ্ণৰ অনুৰাগী, অনুগামী, অনুসাৰি বা অনুচৰ বুলি দাবী কৰে প্ৰকৃতাৰ্থত সেই সকলে ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ বাণী বা নীতিক সৰোগত কৰি মানৱ সমাজক পাপাচাৰৰ পৰা ৰক্ষা কৰি সুপথ দেখোৱাব পৰা নাই বৰঞ্চ একাংশই বিৰূপ, বৈষম্যমূলক, বিভেদকামী, ঘৃণাসূচক আৰু আক্ৰমণাত্মক মন্তব্যৰে সমাজত হিংসা, ঘৃণা, নিন্দা, বিভেদ, বৈষম্য, শত্ৰুতা তথা অসহিষ্ণুতাৰ ভাৱ বিয়পাই দি সহজ-সৰল মানুহক যেন হিংসাকুৰীয়া, ঈৰ্ষাপৰায়ণ তথা বিপথগামী কৰি আছে। যিটো সময়ত সকলোৱে মিলি সমাজৰ পৰা সকলো ধৰণৰ প্ৰভেদ, বৈষম্য নাইকিয়া কৰি বৈচিত্ৰৰ মাজত ঐক্য স্থাপন কৰিবলৈ আহোপুৰুষাৰ্থ কৰিব লাগিছিল আৰু সমাজৰ পৰা অন্যায়, অপৰাধ-অপকৰ্ম, অধৰ্ম তথা অসামাজিক পাপ কাৰ্যসমূহ নিৰ্মূল কৰি এখন সুন্দৰ, সুশৃংখল, শান্তিপূৰ্ণ আৰু প্ৰগতিশীল সমাজ তথা ৰাষ্ট্ৰ গঠন কৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব লাগিছিল’, তেনে সময়তে একাংশ সাম্প্ৰদায়িক শক্তিয়ে জাতি-ধৰ্মৰ পিছত হাত উজান দিছে। এয়া জানো শ্ৰীকৃষ্ণৰ নীতি আছিল? আজি অসহায়, অভাৱগ্ৰস্ত মানুহে দুবেলা-দুসাঁজ অন্নৰ বাবে হাহাকাৰ কৰি ফুৰিছে, লাখ লাখ নিৱনুৱাই এটা চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে, গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালে এডোখৰ ভূমিৰ কাৰণে চকুলো টুকিছে কিন্তু পৰিতাপৰ বিষয়; ইয়াৰ প্ৰতি কাৰো যেন কানসাৰ নাই। আচলতে যিসমূহ কাম কৰিলে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হ’ব, সেইসমূহ কামৰ প্ৰতি পিঠি দি ভগৱান শ্ৰীকৃষ্ণই বেয়া পোৱা কামসমূহ কৰাত একাংশই উঠি-পৰি লাগিছে। এই ক্ষেত্ৰত মুছলমান সকলো ব্যতিক্ৰম নহয়। একাংশ মুছলমানৰ কৰ্মকাণ্ড দেখিলে চকু কপালত উঠে। ইছলামক শ্ৰেষ্ঠ ধৰ্ম বুলি জাহিৰ কৰি ফুৰা একাংশ মুছলমানেই আকৌ ইছলামৰ নীতি-আদৰ্শক ভৰিৰে মোহাৰি কৰি গৈছে অপৰাধ-অপকৰ্ম, অধৰ্ম আৰু সমাজ বিৰোধী পাপ কাৰ্যসমূহ। স্বচ্ছতা, শৃংখলাবদ্ধতা, অনুশাসন ব্যৱস্থা আৰু পঢ়া-শুনাৰ প্ৰতি মুঠেই গুৰুত্ব নিদিয়া মুছলমানৰ একাংশই এনেকুৱা কোনো অপৰাধ বা অপকৰ্ম নাই যিটো তেওঁলোকে নকৰে। কোৱা বাহুল্য যে বহিঃৰাষ্ট্ৰৰ একাংশ মুছলমান লোকে ইছলামীক নাম দি জেহাদী গোট বা সন্ত্ৰাসবাদী সংগঠনৰ জন্ম দি বিশ্বত ত্ৰাসৰ সৄষ্টি। যধে মধে মানুহক কাফেৰ সজাই হত্যা কৰা ইছলামী নৰপিশাচ সকলে নাজানে যে এয়া সম্পুৰ্ণৰূপে ইছলামৰ পৰিপন্থী। ইছলাম হৈছে এটা শান্তিৰ ধৰ্ম পিছে একাংশ নামধাৰী মুছলমানৰ কাণ্ড-কাৰখানাই আজি ইয়াক অৰ্থহীন কৰি তুলিছে। ইফালে একাংশ অমুছলমানে ইছলামক সমালোচনা কৰিলে মুছলমান সকলে জাঙুৰ খাই উঠে কিন্তু তেওঁলোকে নিজৰ মাজতে আত্মসমালোচনা কৰি পৰিবতৰ্ন হ’বলৈ মুঠেও নিবিচাৰোঁ। আচলতে আনৰ দোষ খুচৰি ফুৰাতকৈ নিজৰ আৰু জাতিৰ উন্নতি তথা অগ্ৰগতিত মনোনিবেশ কৰাটোহে সময়োচিত কাম। সাধাৰণ কথাতে হিংসা-বিভেদৰ গুন্ধ বিচাৰি ফুৰাতকৈ সকলোৱে শান্তি, একতা, বিশ্বাস আৰু সমন্বয়ৰ ৰছিডাল আৰু অধিক সুদৃঢ় কৰাত মনোনিবেশ কৰা উচিত।