শিক্ষক দিৱস আৰু ইয়াৰ সাৰ্থকতা – জেফলিন চুলতানা

শিক্ষক দিৱস আৰু ইয়াৰ সাৰ্থকতা 
জেফলিন চুলতানা, নগাঁও
১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামৰ ঠাইত ড°সৰ্বপল্লী ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰিছিল । তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰা স্বামী আৰু মাতৃৰ নাম আছিল সীতামা । তেখেতে ৮ বছৰ বয়সলৈকে পিতৃ-মাতৃৰ তত্বাৱধানত থাকি শিক্ষা গ্ৰহণ কৰিছিল । ইয়াৰ পিছত ১৮৯৬ চনত তেখেতক তিৰুপাটিৰ লুথেৰান মিছন  স্কুলত নামভৰ্তি কৰে , ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে তিৰুপাটি লুথেৰান মিছন স্কুলত অধ্যয়ন কৰাৰ পিছত ১৯০০ চনৰ পৰা ১৯০৪ চনলৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টীয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। ১৯১৮ চনত তেখেতে মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শন অধ্যাপক হিচাপে যোগদান কৰে, এই পদত ১৯২১ চনলৈ নিয়োজিত হৈ থাকে । ১৯২১ চনৰ পৰা ১৯৩১ চনলৈকে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিৰ্বাচিত হয় । তাৰ পিছত ১৯৩২-৫২ চনলৈ Oxford University ত    Professor of Eastern Religion And Ethics হিচাপে নিয়োজিত হয় । ১৯৪২ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথমজন ভাৰতীয় উপাচাৰ্য হিচাপে যোগদান কৰে । ইয়াৰ উপৰিও তেখেতে মানচেষ্টাৰ কলেজত Upton Lecture হিচাপে, চিকাগো বিশ্ববিদ্যালয়ত Harwell Lecture of Comparative Religion আৰু লণ্ডনৰ ইউনিভাৰচিটি কলেজত Hibbert Lecture হিচাপে বক্তৃতা প্ৰদান কৰে। তেখেতে ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ , পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ।সেই সময়তেই বিশ্বই তেখেতক দাৰ্শনিক আখ্যা দিয়ে। তেখেতে তেখেতৰ কৰ্মৰাজিৰ বাবে বিভিন্ন সন্মানেৰে সন্মানিতও হৈছিল। তেখেতে ১৯৫৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ” ভাৰত ৰত্ন” লাভ কৰিছিল।ইয়াৰোপৰিও তেখেতে আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ ক্ষেত্ৰত বহুতো দায়িত্ব পালন কৰিছিল । তেখেতে পালন কৰা দায়িত্বসমূহ হ’ল- Chairman, University Education Commission (1948), University at Congress of Philosophy, Harvard University (1962)। ১৯০৩ চনত ১৬ বছৰ বয়সত তেখেতৰ “শিৱাকামু”ৰ লগত বিবাহ হয় । তেতিয়া তেখেতৰ পত্নীৰ বয়স আছিল ১০ বছৰ । সেয়েহে বিবাহৰ তিনিবছৰ পিছতহে দুয়ো একেলগে থাকিবলৈ লয় ।ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে  শিক্ষাৰ ক্ষেত্ৰত  ৪০ টা গুৰুত্বপূৰ্ণ বছৰ আগবঢ়াইছিল। আৰু ভৱিষ্যতৰ বাবে বহুতো শিক্ষাৰ্থীক প্ৰস্তুত কৰিছিল । ড° ৰাধাকৃষ্ণণ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় তেতিয়া ৫ ছেপ্টেম্বৰৰ দিনাখন তেখেতৰ জন্মদিন পালনৰ বাবে এগৰাকী ছাত্ৰই অনুমতি বিচাৰিছিল ।  তেতিয়া সিদ্ধ পুৰুষ , মহান গুণৰ অধিকাৰী গৰাকীয়ে কৈছিল যে মোৰ জন্মদিন পালন কৰিব বিচৰাটো মোৰ বাবে এক গৌৰৱৰ বিষয় কিন্তু এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলেহে মই অধিক আনন্দিত হ’ম । লগতে তেখেতে শিক্ষকসকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰি কয় যে “Teachers should be the best minds in the country” . ঠিক তেতিয়া ১৯৬২ চনৰ পৰা  প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে মানৱ সভ্যতাৰ বিকাশৰ বাবে শিক্ষাতকৈ শ্ৰেষ্ঠ আৰু একো হ’ব নোৱাৰে । এইদৰে কেৱল এগৰাকী শিক্ষাপ্ৰাণ তথা সমাজখন শিক্ষাই পোহৰাব পাৰে বুলি বিশ্বাস কৰা ব্যক্তি এগৰাকীয়েই ক’ব পাৰে । যি দৰে তেখেতে কৈছিল । সেয়ে তেখেতে শিক্ষাক জীৱনত আটাইতকৈ বেছি  প্ৰাধান্য দিছিল । তেখেতৰ জীৱন দৰ্শন লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে তেখেতে শিক্ষকতা বৃত্তিক কিমান ভাল পাইছিল । আৰু প্ৰকৃত বৃত্তি বুলি অভিহিত কৰিছিল।আমি ৫ ছেপ্তেম্বৰ তাৰিখে তেখেতৰ জন্মদিনটো পালন কৰাৰ মূল তাৎপৰ্য হৈছে শিক্ষক আৰু ছাত্ৰৰ মাজত মণিকাঞ্চন সংযোগৰ যি পৱিত্ৰ অৰ্থ তাক ফুটাই তোলা । শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সু সম্পৰ্ক  এটা গঢ়ি নুঠিলে তেনে পাঠদান বা পাঠগ্ৰহণৰ পৰা সাফল্যৰ আশা কৰিব পৰা নাযায় । বৰ্তমান সময়ত যদি আমি লক্ষ্য কৰোঁ তেনেহলে ইয়াৰ ফলাফল আমি অনেকখিনী উন্নত দেখিবলৈ পাম।শিক্ষকসকল হৈছে আমি ছাত্ৰক সকলো ধৰণৰ শিক্ষাৰে শিক্ষিত কৰা গুৰু । পাঠ্যপুথিত লিপিবদ্ধ কৰা পাঠ্যক্ৰমে আমাৰ ( ছাত্ৰৰ ) আনুষ্ঠানিক শিক্ষাৰ চাহিদাহে পূৰণ কৰে । ইয়াৰোপৰি এগৰাকী ছাত্ৰই নাগৰিক হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ পাঠ্যক্ৰমৰ বাহিৰৰ বহু‌ নজনা কথা জানিব লাগে । সেই কথাবিলাক আমি ছাত্ৰসমাজে তেতিয়াহে জানিবলৈ সক্ষম হম যেতিয়া আমি শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত এক সু সম্পৰ্ক থাকিব।ড° ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ যি পৰম্পৰা আমাৰ মাজত চলি আহিছে তাৰ জৰিয়তে আমি শৈক্ষিক দিশত বহুখিনি উৎকৰ্ষ সাধন কৰিব পাৰি । সেয়ে শিক্ষক দিৱসৰ প্ৰাসংগিকতা সদায়েই থাকিব । কাৰণ শিক্ষা ব্যৱস্থাও সদায় গতিশীল ৰূপত চলি থাকিব । মূল কথাটো হ’ল ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ উদাৰ মানসিকতা , আদৰ্শবান ব্যক্তিত্ব আৰু গুণৰাজিৰ তাৎপৰ্য আমি উপলদ্ধি কৰি সেই আদৰ্শ আৰু তেখেতৰ সুপৰামৰ্শক শৈক্ষিক জীৱনত প্ৰয়োগ কৰিব পাৰিলেহে আমি এই শিক্ষক দিৱস পালন কৰাটো সাৰ্থক হ’ব ।শেষত মোৰ অতিকৈ শ্ৰদ্ধাৰ সমূহ শিক্ষাগুৰু সকললৈ শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনালোঁ ।