শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰী – কাজি শ্বাহাদত ইছলাম

শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰী
কাজি শ্বাহাদত ইছলাম,
দক্ষিণগাঁও, কাহিলীপাৰা
কাৰোবাক যদি সোধা হয় যে পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ প্ৰাপ্তি অথবা শ্ৰেষ্ঠ উপহাৰ কি, তেতিয়াহ’লে বহুজনে হয়তো বহু ধৰণৰ বস্তুৰ নাম ক’ব অথবা বহুতো সম্বন্ধৰো নাম ক’ব। কিন্তু মোক তেনেকুৱা এটা প্ৰশ্ন কৰিলে একেআষাৰে মই “শিক্ষাগুৰু” বুলি ক’ম। কিয়নো আজি যদি আপোনালোকে মোৰ কথাবোৰ হৃদয়াংগম কৰিব পাৰিছে যিবোৰ কথা ইয়াতে মই তুলি ধৰিবলৈ সক্ষম হৈছোঁ, তেন্তে ইয়াৰ আঁৰতো শিক্ষাগুৰুসকলৰেই অৱদান আছে। কাৰণ শিক্ষা হ’ল জাতিৰ মেৰুদণ্ড। শিক্ষা অবিহনে জাতি এটা ”তথাকথিত মানুহ” হৈ জীয়াই থাকিব পাৰিলেও মনুষ্যত্বৰ মৰ্যাদা কেতিয়াও নাপায়। শিক্ষাক আপুনি সূৰ্য বুলিও ক’ব পাৰে যিয়ে জগত পোহৰ কৰে। আৰু এই শিক্ষা আমি যাৰ পৰা গ্ৰহণ কৰোঁ তেওঁ আমাৰ বাবে তথা বহু ওপৰৰ মৰ্যাদা সম্পন্ন এটি ব্যক্তিত্ব। যাৰ প্ৰশংসা আমি আজীৱন কৰিলেও কমেই হ’ব।শিক্ষাগুৰু বুলি ক’লে অকল বিদ্যালয় মহাবিদ্যালয়ত শিক্ষাদান কৰা মানুহসকলকেই নুবুজায়, এগৰাকী মাতৃও শিক্ষাগুৰু হয়। নিজৰ পিতৃ,ভাতৃ,বন্ধু-বান্ধৱী, ওচৰ-চুবুৰীয়াৰ যিকোনো মানুহ শিক্ষাগুৰু হ’ব পাৰে। কোনোবাই আপোনাক এটা শব্দ শিকাই দিলেও মানুহজন সেই এটা শব্দৰে শিক্ষাগুৰু। কোনোবাই আপোনাক গাড়ী চলোৱা শিকালে, কোনোবাই মাছ মৰা শিকালে, কোনোবাই,আচাৰ-আচৰণ শিকালে,প্ৰতিজনেই সেই নিৰ্দিষ্ট বিষয়বোৰৰে শিক্ষাগুৰু। প্ৰতিজনেই আপোনাৰ সন্মানৰ পাত্ৰ। বহু ক্ষেত্ৰত দেখা যায় যে কিছুমান বিষয় আমি দহবছৰীয়া সৰু ল’ৰা এজনতকৈয়ো কম জানো। যেনে ধৰক ম’বাইল চলোৱাৰ ক্ষেত্ৰতেই হওক নাইবা অন্যান্য ক্ষেত্ৰতেই হওক। আমি সিহঁতৰ পৰা বহু কিবা কিবি শিকিব পাৰোঁ।শিক্ষাৰ শেষ নাই লগতে শিক্ষাৰ বাবে নিৰ্ধাৰিত কৰা কোনো সময়ো নাই। যিকোনো বয়সত যাৰে তাৰে পৰা আমি নতুন নতুন শিক্ষা লাভ কৰিব পাৰোঁ ইয়াতে লাজ শংকাৰ কোনো কাৰণ নাই।ওপৰত উল্লেখ কৰিছোঁ যে মাতৃও এগৰাকী শিক্ষাগুৰু হয়। আৰু আমি সকলোৱে জানো যে মাতৃয়েই হ’ল জীৱনৰ প্ৰথমগৰাকী শিক্ষাগুৰু আৰু মাতৃৰ কোলাটোৱেই প্ৰথম বিদ্যালয়। শিক্ষক যিহেতু সন্মানৰ গৰাকী গতিকে ইয়াৰ বাবে নিৰ্দিষ্ট কোনো দিন বাৰ থকাটো উচিত নহয়। দিন বাৰ নিৰ্দিষ্ট কৰি কৰা শ্ৰদ্ধা ভক্তিত আন্তৰিকতা নাথাকে। আজিকালি প্ৰায়ে দেখা যায় মানুহবোৰে বাহ্যিকতাত বেছিকৈ গুৰুত্ব আৰোপ কৰে।উপাসনা,উৎসৱ পাৰ্বনৰ পৰা আৰম্ভ কৰি মাক দেউতাকৰ প্ৰতি থকা ভালপোৱাকো মাথোঁ উৎযাপন কৰা হয়। অন্তৰৰ পৰা মাক দেউতাকক কিমান ভাল পায় সেয়া ডাঙৰ কথা নহয় কিন্তু মাতৃ দিৱস,পূজা,ঈদ ইত্যাদি সময়বোৰত নিজ পিতৃ-মাতৃক সেৱা এটা কৰিব লাগে বুলি কৰে। তাকো ফটো মাৰি প্ৰচাৰ কৰে। এই সেৱাত কিমানখিনি আন্তৰিকতা থাকে সেয়া চিন্তাশীল মানুহে ভালকৈয়ে জানে। ঠিক তেনেদৰে শিক্ষক দিৱসৰ নামতো মাথোঁ অনুষ্ঠানহে চলা দেখা পোৱা যায়। বাস্তৱত শিক্ষাগুৰু এগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা পাবলগীয়া সন্মানখিনিও নাপায়। সেইকাৰণে আনুষ্ঠানিকতাতকৈ আন্তৰিকতাত অধিক গুৰুত্ব দিয়া উচিত। আৰু আমাৰ মনত এনেকুৱা কিছু পৰিকল্পনা কৰা উচিত যাতে সমাজখনত আমাৰ জৰিয়তে পৰিৱৰ্তনৰ সূচনা হয়। আমি শিক্ষাগুৰুৰ পৰা শিকা শিক্ষা বিদ্যাখিনি নিজৰ জীৱনত ব্যৱহাৰ কৰি আগলৈ কেইবাজনকো শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ প্ৰচেষ্টা চলাওঁ। আমি ইচ্ছা কৰিলে সমাজ তথা দেশ পৰিৱৰ্তন কৰি দিব পাৰোঁ। কিন্তু আমি নিঃস্বাৰ্থভাৱে শিক্ষাক বিতৰণ কৰিব লাগিব।এডাল মমৰ পৰা এশডাল মম জ্বলালেও জুই কেতিয়াও শেষ হৈ নাযায়। তেনেদৰে শিক্ষাকো যিমানেই আনলৈ ভগাই দিয়া যায় ই কেতিয়াও শেষ নহয়।আগৰ দিনত শিক্ষাগুৰুসকলৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ বেলেগ ধৰণৰ সন্মান এটা আছিল। এই কথাটোও সঁচা যে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুসকলক বহুত ভয় কৰিছিল। আৰু সেই ভয়ে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন গঢ়াত সহায়ক হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে কৰা ভুল-ক্ৰুটিবোৰত শিক্ষাগুৰুসকলৰ চকু আছিল। সেই ভুলৰ বাবে কেতিয়াবা হয়তো ধমক খাইছিল নতুবা কেতিয়াবা চেকনিৰ কোব। এবাৰ কোব খোৱাৰ পিছত একেধৰণৰ ভুলসমূহ কৰিবলৈ ভয় খাইছিল। আৰু এনেদৰেই তৈয়াৰ হৈছিল একো একোজন ছাত্ৰ-ছাত্ৰী।সেই সময়ত শিক্ষাগুৰুসকলৰ অৱস্থান আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অৱস্থান দুটা প্ৰান্তৰত আছিল যদিও শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা ভক্তি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি মৰম দয়া কোনো দিশতেই কম নাছিল। তেতিয়া শিক্ষক আছিল দেউতাকৰ দৰে আৰু ছাত্ৰ-ছাত্ৰীসকল আছিল সন্তানৰ দৰে। আৰু দিনবোৰ যিমানেই আধুনিকতাৰ ফালে চোঁচা লৈছে শিক্ষকসকলৰ পাবলগীয়া সন্মানখিনিও বিলুপ্তিৰ পথ লৈছে। আজি শিক্ষকসকল শিক্ষক হৈ থকা নাই হৈ পৰিছে একো-একোজন বন্ধুৰ দৰে।ইয়াক অৱশ্যে মই ঋণাত্মক দিশত নলওঁ। কিন্তু বন্ধু হোৱাৰ হেতুকে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাগুৰুসকলৰ প্ৰতি থকা ভয়ভাৱ নাইকীয়া হৈ পৰিছে,যাৰ ফলত পঢ়া-শুনাৰ ক্ষেত্ৰত গুৰুত্ব কমাই দিছে। সিহঁতে ভাবে যে খুব বেছি ধমক এটা দিব অথবা অলপ সময় চিঞৰিব তাৰ বাহিৰে শিক্ষকে একো কৰিব নোৱাৰে। বিগত কেইবাবছৰৰ পৰা শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাক লৈ একো মাৰ-ধৰ কৰিব নোৱাৰে,কাৰণে চৰকাৰে এই ব্যৱস্থা উঠাই দিছে। ইয়াৰ কাৰণে বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি উদাসীন ভাৱ লালন কৰে।এটা সময় আছিল ছাত্ৰ-ছাত্ৰীসকলে খোৱা-লোৱা ঘৰৰ পৰা কৰি আহিছিল,আৰু চৰকাৰৰ পক্ষৰ পৰা সা-সুবিধা তেনেই কম আছিল। সেইটো সময়ত “মধ্যাহ্ন ভোজন” কি বস্তু বুজিয়েই পোৱা নাছিল। আৰু আজি নিজ গৃহত ৰাত্ৰি যাপন কৰাৰ বাহিৰে সকলো ধৰণৰ সুবিধা চৰকাৰী স্কুলত পোৱা যায় অথচ  তেতিয়াৰ শিক্ষা আৰু আজিৰ শিক্ষাৰ মাজত মানদণ্ডৰ এক বৃহৎ প্ৰাচীৰ। সকলো দায়িত্ব নিজৰ মূৰত লৈ চলাজনে সময়ৰ মূল্য জানে, সম্পৰ্কৰ মূল্য জানে আৰু যাৰ বাবেই যাক যি সন্মান দিব লাগে সেইবোৰ সৰুৰেপৰাই প্ৰাকৃতিকভাৱে শিকে। কিন্তু আজিৰ ছাত্ৰ-ছাত্ৰীসকলে  চৰকাৰ তথা অভিভাৱকৰ ওপৰত ভৰষা কৰি চলাৰ বাবে বহু বিষয় সিহঁত অৱগত নহয়। বৰ্তমান অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু সকলক যদি তেখেতসকলৰ ছাত্ৰাৱস্থাৰ কথা সোধা হয় প্ৰায়ভাগৰে জীৱন কাহিনী কৰুণতাৰে ভৰা শুনা পাব।কামলা বেচি,ৰিক্সা চলাই,জাইগীৰ থাকি প্ৰায়ভাগেই শিক্ষা গ্ৰহণ কৰিছিল বুলিও শুনা পাব। তেখেতসকলে বুজিছিল জীৱন কি,শিক্ষা কি। তেখেতসকল আজিৰ তুলনাত সন্তান হিচাপে, ছাত্ৰ হিচাপে আৰু মানুহ হিচাপেও উৎকৃষ্ট আছিল। সেইবুলি মই বৰ্তমানৰ শিক্ষকসকলক অৱজ্ঞা কৰা নাই। এই সকলোবোৰ সময়ৰ আহ্বান আৰু পৰিৱৰ্তনশীল সময়ৰ চানেকি।শিক্ষক দিৱসৰ এই ক্ষণত কথাবোৰ এই কাৰণেই দাঙি ধৰিলোঁ যাতে ছাত্ৰ-ছাত্ৰীসকলে কিবা হ’লেও অনুধাৱন কৰিব পাৰে নিজৰ বিষয়ে। আৰু সিহঁতৰ কিছু আত্মসমালোচনাৰো প্ৰয়োজন আছে বুলি মই ভাবোঁ।শিক্ষাগুৰুসকলক উপযুক্ত সন্মান দি ছাত্ৰ/ছাত্ৰীৰ কৰ্তব্য পালন কৰি প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে যাতে নিজকে এগৰাকী উৎকৃষ্ট ছাত্ৰ/ছাত্ৰীৰ আৰ্হি হিচাপে গঢ়ি তুলিব পাৰে,এয়াই আশা কৰিলোঁ।