ষ্টিভ আৰু ৰ’জি – জ্যোতিস্মিতা গোস্বামী শৰ্মা

ষ্টিভ আৰু ৰ’জি

জ্যোতিস্মিতা গোস্বামী শৰ্মা

এখন হাবিৰ কাষত সৰু ঘৰ এটাত খেতিয়ক পৰিয়াল এটিয়ে বাস কৰিছিল। তেওঁলোকৰ ষ্টিভ আৰু ৰ’জি নামৰ দুটা সন্তান আছিল। ল’ৰা ছোৱালী দুটা সৰু হৈ থাকোঁতে সিহঁতৰ মাকৰ মৃত্যু হয়।সিহঁতৰ যত্ন ল’বলৈ দেউতাকে আকৌ বিয়া পাতিলে। ষ্টিভ আৰু ৰ’জিৰ মাহীমাক কুট বুদ্ধিয়া আৰু হিংসা কুৰীয়া স্বভাৱৰ আছিল। মাহীমাকে ল’ৰা- ছোৱালী দুটাক মৰমৰ সলনি দুখ কষ্টহে দিছিল। সিহঁত দেউতাকৰ মৰমতে জীয়াইআছিল।মাহীমাকে দেউতাকৰ আগত সদায় অভিযোগ কৰিছিল ” ষ্টিভ আৰু ৰ’জিয়ে নিজৰ কাম নিজেই কৰিব লাগে। মই সিহঁতৰ যত্ন ল’ব নোৱাৰোঁ।” মাহীমাকৰ কথা শুনি দেউতাকে মনত বৰ আঘাত পালে।দিন বাগৰিল, এদিন মাহীমাকে দেউতাক হাবিলৈ খৰি কটিবলৈ ওলাই যোৱাৰ পাছত ষ্টিভ আৰু ৰ’জিক হাবিলৈ লৈ গ’ল। ডাঠ হাবিৰ মাজলৈ গৈ থাকোঁতে মাজতে মাহীমাক সিহঁতৰ মাজৰ পৰা আঁতৰি যায়। সিহঁতে মাহীমাকক নেদেখি তেওঁক বিচাৰি ফুৰোতে ৰাস্তা বিচাৰি নোপোৱা হ’ল।সিহঁত ডাঠ হাবিলৈ সোমাই যোৱাত মাহীমাক ঘৰলৈ ঘুৰি আহে।ঘৰলৈ আহি তেওঁ গিৰীয়েকক ক’লে যে ল’ৰা- ছোৱালী হাল হাবিত দৌৰি ফুৰোঁতে হেৰাই গ’ল। গিৰীয়েকৰ বৰ দুখ লাগিল। তেওঁ  দুয়োটাকে বিচাৰি হাবিলৈ ওলাই গ’ল, কিন্তু সিহঁতক ক’তো বিচাৰি নাপালে।ইফালে ষ্টিভ আৰু ৰ’জিয়ে হাবিৰ পৰা যিমানে ওলাই আহিবলৈ চেষ্টা কৰিছে সিমানে সিহঁত ডাঠ হাবিলৈ গৈ আছে। এবাৰ ষ্টিভে ৰ’জিক ক’লে-” ৰ’জি চোৱাচোন এই ডাঠ হাবিত আমি এটাও জীৱ- জন্তু দেখা নাই।তেনেতে এজোপা গছৰ আঁৰৰ পৰা এটি বাওনাই তাৰ কণমানি মূৰটো উলিয়াই ষ্টিভক  সৰুকৈ ক’লে “খুব সাৱধান হ’বা। যোৱা ৰাতি এজনী ডাইনী আহি হাবিৰ জীৱ জন্তুবোৰ খাই শেষ কৰিলে। তোমালোকৰ দৰে সৰু ল’ৰা দেখিলে তাই খাই শেষ কৰিব।”ৰ’জিয়ে বাওনাৰ কথা শুনি ভয়তে  উচুপি বলৈ ধৰিলে। ষ্টিভে তাইক সাহস দি ক’লে -“ভয় নকৰিবা ৰ’জি ডাইনী জনী আমাৰ ওচৰলৈ আহিলে আমি লাঠীৰে কোবাই তাইক মাৰি পেলাম। সি হাবিৰ পৰা এডাল লাঠি বুটলি ল’লে।সিহঁত হাবিৰ মাজত ৰাস্তা বিচাৰি আগুৱাই যাবলৈ ধৰিলে। হঠাৎ এটা ধুনীয়া ঘৰ সিহঁতে দেখা পালে। ঘৰটোৰ বেৰ বোৰ মিঠামিঠা চকলেট, খিৰিকিবোৰ মিঠাইৰে, আৰু মুধচ খন ৰঙা- নীলা কেকেৰে সজোৱা।ষ্টিভ আৰু ৰ’জিৰ বৰ ভোক লাগিছিল। সিহঁতে ভোকত চকলেটৰ টুকুৰাবোৰ ভাঙি খাবলৈ ধৰিলে। হঠাৎ চকলেটৰ দুৱাৰ খন খোল খায় আৰু এটা মৰম লগা মাতেৰে কোনোবাই সিহঁতক ভিতৰলৈ মাতি নিয়ে। ভিতৰলৈ গৈ সিহঁতে দেখিলে এজনী ডাইনী সিহঁতৰ সন্মুখত থিয় হৈ আছে।ডাইনীয়ে কঠোৰ মাতেৰে ৰ’জিলৈ চাই ক’লে “তই মোৰ লিগিৰী হ’বি। ষ্টিভলৈ আঙুলিয়াই ক’লে তই মোৰ আহাৰ হ’বি।”ডাইনী জনীয়ে ষ্টিভক কাণত ধৰি আন্ধাৰ কোঠা এটাত ভৰাই থ’লে।ডাইনী য়ে  ৰজিক চৌকাত জুই ধৰিবলৈ ক’লে ককায়েকক ডাইনীয়ে মাৰি পেলাব বুলি তাই উচুপিবলৈ ধৰিলে। তাইৰ মনত এটা বুদ্ধি খেলালে। ৰ’জিয়ে  ডাইনীজনীক মৰমেৰে ক’লে – আইতা ইমান ডাঙৰ চৌকাত জুই কেনেকৈ জ্বলাব লাগে মই নাজানো তুমি দেখুৱাই দিয়াচোন ।” খঙত ডাইনী জনীয়ে চৌকাৰ ঢাকনি খন খুলি কেনেকৈ চৌকাৰ ভিতৰত খৰি পৰিব লাগে দেখুৱাবৰ বাবে ভিতৰলৈ সোমাই গ’ল। ডাইনী চৌকাৰ ভিতৰত সোমোৱাৰ লগে লগে ৰ’জিয়ে উতলাই থোৱা পানী টৌটো ডাইনীৰ গাৰ ওপৰত উবুৰিয়াই দি চৌকাৰ ঢাকনি খন বন্ধ কৰি দিলে।ৰ’জি দৌৰি গৈ ষ্টিভক বন্ধ ঘৰৰ পৰা উলিয়াই চকলেটেৰে বনোৱা ঘৰটোৰ পৰা পলাবলৈ ধৰিলে ইফালে দেউতাকে ল’ৰা ছোৱালী কেইটাক নাপাই অশান্তিত  দিন কটাবলৈ ধৰিলে। মাহীমাকৰ  অসুখ  হৈ মৃত্যু হ’ল। মৃত্যুৰ আগত তেওঁ ষ্টিভ আৰু ৰ’জিক  হাবিত  এৰি অহাৰ কথা দেউতাকক কৈ গ’ল। দেউতাকে দিনে ৰাতিয়ে সিহঁতক হাবিত বিচাৰি ফুৰিবলৈ ধৰিলে।হঠাৎ তেওঁ ল’ৰা ছোৱালী হাল এটা সৰু ঘৰৰপৰা দৌৰি অহা দেখা পালে। তেওঁ গৈ সিহঁতক সাৱটি ধৰিলে। ষ্টিভ আৰু ৰ’জিয়ে দেউতাকক সিহঁতৰ লগত ঘটা সকলো ঘটনা ক’লে। দেউতাকে হাবিৰ ওচৰত কাম কৰা মানুহৰ  সহায়ত ডাইনীৰ ঘৰটো পুৰি তাইক মাৰি পেলালে।ষ্টিভ আৰু ৰ’জিয়ে দেউতাকৰ লগত আনন্দত দিন কটালে।  দেউতাকেও পুনৰ বিয়া কৰাই যে ভুল কৰিলে সেই কথা বুজি পালে।