টকা – ৰশ্মি ৰেখা দুৱৰা

টকা

ৰশ্মি ৰেখা দুৱৰা

এটকাৰ বাবে আজি হাঁহাকাৰ কৰিছোঁ
আৰ আঁচল টানিছোঁ
তাৰ আঁচল টানিছোঁ
পেটৰ ভোকত বিনাইছোঁ
এমুঠি অন্নৰ অভাৱত।
নাই মোৰ দুহাত
যি দুহাতেৰে কৰ্ষণ কৰি
গোটাব পাৰোঁ অভাৱ পূৰণৰ বাবে টকা,
তাৰবাবেই আজি ভোকত খাদ্য নাপায়
নিচুক হৈ বিনাইছোঁ পেটৰ তাড়নাত।
প্ৰতিটো খোজতেই টকা মাথোঁ টকা
টকাৰ অবিহনে সকলো একা
দান পাত্ৰ পাতি বিচাৰিছোঁ এক-দুই টকা
কৰ্ণত বৰষিছে অজস্ৰ ককৰ্থনা।
দুভৰিৰে সংগ্ৰাম কৰি
বাৰে বাৰে হওঁ ব্যৰ্থ,
এসাগৰ সপোনে গুজৰি গুমৰি
জাহ যাঁও জীৱন দাপোনত।
টকা থাকিলে সমস্ত হাতৰ মুঠিত
নাথাকিলে সুখবোৰে দৌৰে
হাতৰ মুঠি খুলি,
এয়াই লীলা টকাৰ
টকা বিনে সকলো অসাৰ।