গুৱাহাটী প্ৰেছ ক্লাবত দেদীপ্যা চেতীয়াপাতৰৰ গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত দেদীপ্যা চেতীয়াপাতৰৰ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাৱত লেখিকা দেদীপ্যা চেতীয়পাতৰৰ দুখন গ্ৰন্থ ক্ৰমে ‘অন্ধকাৰৰ দলিল ইয়াণ্ডাবু সন্ধি আৰু অসম’ আৰু কিশোৰৰ উপযোগী এখন ৰহস্য উপন্যাস ‘এখন আতংকিত পৃথিৱীত ৰাজকোঁৱৰ’ৰ উন্মোচন কৰা হয় । উক্ত অনুষ্ঠানত গ্ৰন্থ দুখনৰ মুখ্য উন্মোচক হিচাপে উপস্থিত থাকে প্ৰখ্যাত বুৰঞ্জীবিদ তথা অসম হায়াৰ চেকেণ্ডেৰী কাউঞ্চিলৰ প্ৰাক্তন চেয়াৰমেন তথা প্ৰাক্তন অধ্যক্ষ ড° দয়ানন্দ বৰগোঁহাইৰ লগতে উত্তৰ গুৱাহাটী কলেজৰ প্ৰাক্তন অধ্যাপক তথা বিখ্যাত বুৰঞ্জীবিদ তপন কুমাৰ শৰ্মা আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, অনুবাদক তথা প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° দয়ানন্দ পাঠক। বুৰঞ্জীবিদ ড° দয়ানন্দ বৰগোঁ‌হাইয়ে অসম বুৰঞ্জীৰ সাধাৰণতে মানুহে নজনা বহু উল্লেখনীয় কাহিনী বৰ্ণনা কৰি উপস্থিত ৰাইজ আৰু নৱপ্ৰজন্মক বুৰঞ্জী অধ্যয়নত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় । আনহাতে বুৰঞ্জীবিদ তপন কুমাৰ শৰ্মাই বৃটিছৰ ইয়াণ্ডাবু সন্ধিৰ অৰ্থাত চুক্তি পত্ৰৰ বিষয়ে কিছু মতামত আগবঢ়াই । এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি আঁ‌ত ধৰে কবি ঊষামণি শইকীয়াই৷ লেখিকাৰ তথ্যভিত্তিক গৱেষণামূলক গ্ৰন্থ দুখন পঢ়ি পাঠক সমাজে কিছু নজনা কথা জানিবলৈ পাব বুলি লিখকে আশা প্ৰকাশ কৰিছে৷