ভিক্ষাৰী বাবা – হাফিজ গিয়াছউদ্দিন আহমেদ

ভিক্ষাৰী বাবা
হাফিজ গিয়াছউদ্দিন আহমেদ, ধূলা 
নিপুনে চহৰত চৰকাৰী চাকৰি কৰে। নিপুনে পত্নী সন্তানক লৈ চহৰত বিলাসিতাৰে জীৱন যাপন কৰি আছে। হঠাৎ এদিন নিপুনৰ বাবা গাৱৰ পৰা গাঁৱলীয়া পোচাকত চহৰত থকা নিপুনৰ ঘৰত উপস্থিত হল। নিপুনৰ পত্নীয়ে সুধিলে আপুনি কোন? নিপুনৰ বাবাই উত্তৰ দিলে মই নিপুনৰ বাবা, নিপুন ঘৰত নাই নেকি? নিপুনৰ পত্নীয়ে নিপুনক মাতিলে অ ‘ হেৰৌ আপোনাৰ বাবা আহিছে। নিপুনে ল’ৰালৰিকৈ আহি বাবাৰ পিন্ধনত ফটা চিঙা কাপোৰ চাই কলে কোনে কলে এই ভিক্ষুক মোৰ বাবা? নিপুনৰ বাবাই চকুৰ পানী মুচি মুচি উত্তৰ দিলে বোপাই মই ভিক্ষুক নাছিলো তোমাৰ পঢ়া শুনাৰ কাৰণে মোৰ সম্পত্তি বিক্রি কৰি আজি মই ভিক্ষাৰী বাবা হৈ গ’লো।