স্বাধীনতাৰ গান – মৰমী আহমেদ

PC - The Statesman
স্বাধীনতাৰ গান
 মৰমী আহমেদ, নলবাৰী
জনতাৰ বিদ্ৰোহী কণ্ঠ ৰুধিবলৈ
আপোচবিহীন শাসকৰ স্বতন্ত্ৰ নীতি
স্বাৰ্থবিহীন কোনো আন্দোলনৰ হকে
সাহসেৰে বুলি আগুৱাই যোৱা
অক্লান্ত সৈনিকৰ মৃত্যুৰ কিৰিলী
ভাঁহি আহে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ
যোগাযোগ মাধ্যম টেলিভিছন
অথবা দূৰদৰ্শনৰ বাতৰি শিতানত
জীৱন ত্যাগৰ মায়া মোহ এৰি
অংশ লোৱা সেই সকল বীৰ শ্বহীদ
যি তেজৰ বোলেৰে সাহসৰ ছন্দ মিলাই
আজিও ইতিহাসৰ পৃষ্ঠাত
সোণালী আখৰেৰে লিপিবদ্ধ কৰি গৈছে
বিদ্ৰোহী মনৰ সংগ্ৰামী চেতনা,
ভাগৰি নপৰা উগ্ৰ জাতীয়তাবাদৰ
মৌ সনা স্বৰ্গীয় অনুভূতিৰ
অপূৰ্ব বাসনা,
স্বাধীন দেশৰ পৰাধীন নাগৰিকৰ
বাহুবল, মনোবলৰ উৎকৃষ্ট নিদৰ্শন
তেওঁলোকে ,যি নিঃস্বাৰ্থ ভাবে
দেশৰ স্বাধীনতাত নিজৰ শক্তিৰে
বিলাই দিছিল সাহসীকতাৰ জয়গান
মুক্ত আকাশৰ মুক্ত বতাহ সেৱন কৰিবলৈ
দেখুৱাই দিছিল পৰাক্ৰমী মনতকৈ
বন্দুকৰ গুলি তেনেই এটি নিম্ন তাল