স্বাধীনতাৰ গান – নন্দেশ্বৰ মিলি

স্বাধীনতাৰ গান

নন্দেশ্বৰ মিলি

পৰাধীনতাৰ শিকলি ছিঙি
আমি হ’লো স্বাধীন নাগৰিক
আকাশ-বতাহ,পাহাৰ-পৰ্বত ভেদি
বাজি উঠিব এই ঐক্যতানৰ ধ্বনি।
ঘৰে ঘৰে গাঁৱে গাঁৱে
অফিচ-কাৰ্যালয়ে,অলিয়ে-গলিয়ে
উৰিব গৌৰৱৰ ত্রিৰংগা প্ৰতীক
জাতি-বৰ্ণ-ধৰ্ম-লিংগ নিৰ্বিশেষে
গাব বিজয়-উৎসৱৰ গীত।
দেশ-জাতিৰ হকে
প্ৰাণ আহুতি দিয়া
বীৰ-বীৰাংগনাৰ অলেখ কাহিনী
আন্দোলিত কৰিব আমাৰ মন-প্ৰাণ-হিয়া।
জয় হওক জন-গণ
ভাল হওক জন-গণ
সকলোৱে গাওক
বিকাশ-প্ৰগতি-উন্নয়ন।