বিশ্ব অংগদান দিৱস উপলক্ষে মহানগৰীত সজাগতামূলক বাইক ৰেলী

বিশ্ব অংগদান দিৱস উপলক্ষে মহানগৰীত সজাগতামূলক বাইক ৰেলী

ৰঙিলী বাৰ্ত্তাসেৱা- ডা: ভৱ দাস ফাউণ্ডেছনৰ উদ্যোগত আৰু জুৱলী ফাউণ্ডেছনৰ লগতে ইণ্ডিয়ান মেডিকেল এচোছিয়েশ্যন গুৱাহাটী শাখাৰ সহযোগত কালি অনুষ্ঠিত কৰা হয় বাইক ৰেলী৷অংগদান তথা অংগ সংৰোপনৰ সজাগতা বৃদ্ধি কৰিবলৈ মহানগৰীৰ খানাপাৰাৰ পৰা আৰম্ভ কৰে ৰেলীটো৷অনুষ্ঠানটোত উপস্থিত থাকে ডা: ভৱ দাস প্ৰমুখ্যে জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা, ব্ৰিগিডিয়াৰ সঞ্জীৱ চোপ্ৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷ উল্লেখ্য যে প্ৰায় চাৰি শতাধিক লোকে অংশ গ্ৰহণ কৰা সজাগতামূলক বাইক ৰেলীটো খানাপাৰাৰ পৰা জি এছ ৰোড, দীঘলীপুখুৰী, চান্দমাৰী হৈ পুনৰ আহি উপস্থিত হয় খানাপাৰাস্থিত হেলথ চিটি হস্পাতালত৷ ইয়াৰ লগতে হেলথ চিটি হস্পাতালত অনুষ্ঠিত কৰে অংগদান তথা অংগ সংৰোপন সন্দৰ্ভত এখনি আলোচনা চক্ৰ৷মহানগৰীৰ নিচিনাকৈ অসমৰ যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰটো অনুষ্ঠিত কৰা হৈছে এনে সজাগতামূলক বাইক ৰেলী৷