দৰঙৰ জিলা আয়ুক্তৰ মঙ্গলদৈত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ কাণ্ডৰ বিৰুদ্ধে গোচৰ

দৰঙৰ জিলা আয়ুক্তৰ মঙ্গলদৈত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ কাণ্ডৰ বিৰুদ্ধে গোচৰ

মঙ্গলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় বজৰং দলৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া। দৰঙৰ জিলা আয়ুক্তৰ মঙ্গলদৈ স্হিত মহৰ্ষি বিদ্যা মন্দিৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ কাণ্ডৰ বিৰুদ্ধে গোচৰ । দৰঙৰ অতিৰিক্ত উপায়ুক্তই (প্ৰশাসন)মঙ্গলদৈ আৰক্ষী থানাত উক্ত ঘটনা কাণ্ডৰ তদন্তৰ বাবে এজাহাৰ দাখিল কৰে।যোৱাকালি দৰঙৰ জিলা আয়ুক্তই সংবাদ মাধ্যমৰ সন্মুখত নিজৰ বক্তব্যত প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় বজৰংগ দলে জিলা প্ৰশাসনৰ অজ্ঞাতে মহৰ্ষি বিদ্যা মন্দিৰত অস্ত্ৰ প্ৰশিক্ষণৰ‌ ব্যৱস্থা কৰিছিল। জিলা আয়ুক্তই বিদ্যালয় কৰ্তৃপক্ষ তথা ঘটনাৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।