জাতীয় আদৰ্শ শিক্ষা সংসদৰ প্ৰশিক্ষণ

জাতীয় আদৰ্শ শিক্ষা সংসদৰ প্ৰশিক্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সাহিত্য সভাৰ পৃষ্ঠপোষকতাত গঠিত জাতীয় আদৰ্শ শিক্ষা সংসদৰ উদ্যোগত অসম আদৰ্শ বিদ্যালয় সমূহৰ নিৰ্বাচিত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ ২৬ আৰু ২৭ জুলাইত দুদিনীয়াকৈ এক প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়৷ মহানগৰীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱন আৰু প্ৰশান্ত বিশ্ব শৰ্মা ভৱনত সমগ্ৰ আয়োজন কৰা এই প্ৰশিক্ষণত ৰাজ্যখনৰ প্ৰতিখন বিদ্যালয় পৰা অহা শিক্ষক-শিক্ষয়িত্ৰী সকলে অংশ গ্ৰহণ কৰে৷ প্ৰশিক্ষণৰ প্ৰথম দিনাই শিক্ষাবিদ তথা পাঠ্যপুথি প্ৰণেতা গৌৰীকান্ত ভূঞাই শুভ উদ্বোধন কৰে আৰু সাহিত্য সভাৰ গুৱাহাটীৰ প্ৰশাসনিক কাৰ্যালয়ৰ সম্পাদক তথা বিশিষ্ট নাট্যকাৰ প্ৰফুল্ল বৰ্মনে সাহিত্য সভাক প্ৰতিনিধিত্ব কৰি বক্তব্য প্ৰদান কৰে৷ সংসদৰ সচিব হিচাপে ৰাণা বশিষ্টই সমগ্ৰ কাৰ্যসূচীৰ আঁত ধৰে৷ প্ৰথম দিনৰ প্ৰশিক্ষণত গৌৰীকান্ত ভূঞা, সুৰেন গোস্বামী, ড০ লুটন সৰকাৰ, মানিক চন্দ্ৰ নাথ, শোণিত হাজৰিকা, প্ৰদীপ ভাগৱতী আৰু কামাখ্যা দেৱ শৰ্মাই প্ৰশিক্ষক হিচাপে অংশ গ্ৰহণ কৰে৷